যোগীঘোপাৰ মাদ্ৰাছা উচ্ছেদ সন্দৰ্ভত আমছুৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 1, 2022, 1:39 PM IST

Updated : Sep 1, 2022, 4:17 PM IST

AAMSU

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবাইটাৰীস্থিত মাৰ্কাজুল মা আৰিফ ও ক্কাৰিয়ানা মাদ্ৰাছা সম্পূৰ্ণৰূপে উচ্ছেদ (Demolished madrasa in Jogighopa) । আমছুৰ প্ৰতিক্ৰিয়া (AAMSU reaction on Demolished madrasa) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলিম লোকসকলক ধৰ্মীয় শিক্ষাৰ পৰা বঞ্চিত কৰি ৰাখিবলৈ এনেকুৱা পথ বাছি লৈছে ।

গোৱালপাৰা, ১ ছেপ্টেম্বৰ : বুধবাৰে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবাইটাৰীস্থিত মাৰ্কাজুল মা আৰিফ ও ক্কাৰিয়ানা মাদ্ৰাছাখন সম্পূৰ্ণৰূপে উচ্ছেদ কৰে বঙাইগাঁও জিলা প্ৰশাসনে (Markajul Ma Arif madrasa Demolished in Jogighopa) । এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ (AAMSU reaction on Demolished madrasa)ৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে মাদ্ৰাছাখন সম্পূৰ্ণ বেআইনী আৰু আক্ৰশমূলকভাৱে ভাঙি দিয়া হৈছে ।

যোগীঘোপাৰ মাদ্ৰাছা উচ্ছেদ সন্দৰ্ভত আমছুৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলিম লোকসকলক ধৰ্মীয় শিক্ষাৰ পৰা বঞ্চিত কৰি ৰাখিবলৈ এনেকুৱা পথ বাছি লৈছে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰভাৱ বিস্তাৰ কৰি হিৰো হ'ব পাৰে (AAMSU president reaction Demolished madrasa) । নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে মুছলিম লোকসকলক জেহাদী সজাই মুছলিম লোকসকলৰ সকলো অধিকাৰ খৰ্ব কৰিব বিচাৰিছে । (Bongaigaon administration eviction on Madrasa) লগতে ৰেজাউল কৰিম সৰকাৰৰ মন্তব্য, জেহাদীক মুছলিম ৰাইজে কেতিয়াও সমৰ্থন নকৰে ।

জেহাদী সম্পৰ্কত কোনো মুছলিম যদি জড়িত থাকে তেনে লোকক মুছলিম ৰাইজে প্ৰশাসনক গতাই দিয়াৰ উপৰি মুছলিম ৰাইজে প্ৰশাসনক সহযোগিতা কৰি যাব বুলিও আমছুৰ সভাপতিগৰাকীৰ মন্তব্য (AAMSU reaction on Jihadi) । আনহাতে, জেহাদীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাকেইজন যদি সঁচাকৈয়ে জেহাদী হয় তেওঁলোকক উচিত শাস্তি দিয়াৰো দাবী জনায় আমছুৰ সভাপতিগৰাকীয়ে । ইয়াৰ উপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (AAMSU critisized CM Himanta Biswa) এনেকুৱা সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধে শীঘ্ৰে বঙাইগাঁও জিলাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে আমছিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

উল্লেখ্য, বৰপেটাৰ পিছত বুধবাৰে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ ও ক্কাৰিয়ানা মাদ্ৰাছাত চলে প্ৰশাসনৰ বুলডজাৰ (Demolished madrasa in Jogighopa) ৷ জেহাদী সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুফতি হাফিজুৰ ৰহমানে শিক্ষকতা কৰিছিল এই মাদ্ৰাছাখনত ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা পূৰ্বেই মাদ্ৰাছাখনত উচ্ছেদ চলোৱা সন্দৰ্ভত জাননী জাৰি কৰা হৈছিল (Madrasa Demolished After Teacher Arrested) ৷

বঙাইগাঁও জিলা প্ৰশাসনে প্ৰেৰণ কৰা ৮ খন এক্সেভেটৰৰ সহযোগত মাদ্ৰাছাখনত উচ্ছেদ অভিযান চলোৱা হয় । উচ্ছেদ অভিযানৰ সময়ত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ঘটনাস্থলীত জিলা প্ৰশাসনে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰে । আনহাতে, প্ৰশাসনৰ জাননী লাভৰ পিছতে মাদ্ৰাছা কৰ্তৃপক্ষই মাদ্ৰাছাখনৰ পৰা সা-সামগ্ৰী, আচবাব লৈ আঁতৰি যোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক :ধৃত জেহাদী আজমলক দুধনৈত মাৰাথন জেৰা

Last Updated :Sep 1, 2022, 4:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.