ETV Bharat / state

Buffalo Seized : নিউ বঙাইগাঁও ৰে'লৱে জংচনত জব্দ ৪৯ টা ম'হ

author img

By

Published : Dec 3, 2022, 11:15 AM IST

ৰে'লৰ পৰা নমাই থকা অৱস্থাতে চৰকাৰী ৰে'ল আৰক্ষীয়ে জব্দ কৰে ম'হকেইটা (Buffalo seized at Bongaigaon)। অসমৰ এখন ফাৰ্মলৈ উত্তৰ প্ৰদেশৰ পৰা অনা হৈছে ম'হকেইটা । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Bongaigaon
নিউ বঙাইগাঁও ৰে'লৱে জংচনত জব্দ ৪৯ টা ম'হ

বঙাইগাঁও,৩ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে পশুধনৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam)। প্ৰতিদিনে ৰাজ্য ভিন্ন প্ৰান্তত একাংশ দুষ্টচক্ৰই অবৈধভাৱে পশুধনৰ সৰবাৰহ চলাই গৈছে । অৱশ্যে এই ক্ষেত্ৰত আৰক্ষী যথেষ্ট কঠোৰ হৈছে । কিন্তু তাৰ পাছতো গৰু-ম'হ আদিৰ চোৰাং সৰবৰাহৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰিছে ।

এইবাৰ ৰে'লৰ জৰিয়তেও ম'হৰ সৰবৰাহ কৰিছে একাংশ লোকে । বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও ৰে'লৱে জংচনত ৰে'ল আৰক্ষীৰ অভিযানত জব্দ ৪৯ টাকৈ ম'হ (Buffalo seized at New Bongaigaon Railway Station)। নিশা বহি:ৰাজ্যৰ পৰা সৰবৰাহ কৰা ম'হকেইটা নিউ বঙাইগাঁও ষ্টেচনত নমাই থকা সময়তে আৰক্ষীয়ে জব্দ কৰে । এটা ডবাতে বেআইনীভাৱে ম'হকেইটা সৰবৰাহ কৰাৰ অভিযোগ উঠিছে ।

নিউ বঙাইগাঁও ৰে'লৱে জংচনত জব্দ ৪৯ টা ম'হ

আনহাতে চৰকাৰী ৰে'ল আৰক্ষীক সঠিক নথিপত্ৰও দেখুৱাব পৰা নাছিল ম'হকেইটাৰ গৰাকীয়ে । যাৰ বাবে আৰক্ষীয়ে ম'হকেইটা জব্দ কৰিছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে জনোৱা মতে মনোজ কুমাৰ গুপ্তা নামৰ এগৰাকী লোকে ম'হকেইটা হৃদয় কুমাৰলৈ বিক্ৰী কৰিছে । ম'হকেইটা উত্তৰ প্ৰদেশৰ পৰা অনা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইফালে ম'হকেইটাৰ মাজত ১৯ টা পোৱালিও আছে ।

অসমৰ এখন ফাৰ্মলৈ ম'হকেইটা অনা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । সম্প্ৰতি নিউ বঙাইগাঁও ৰে'লৱে জংচনৰ সমীপতে ম'হকেইটাক ৰখা হৈছে । চৰকাৰী ৰে'ল আৰক্ষীয়ে ৰে'ল কৰ্তৃপক্ষৰ পৰাও সবিশেষ ল'ব । তাৰ পাছতহে ম'হকেইটাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব জানিব পৰা যাব । লগতে ম'হকেইটাৰ বাবে খাদ্যৰো যোগান ধৰা হৈছে ।

উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা ম'হৰ সৰবৰাহ এয়াই প্ৰথম নহয় । ৰে'লেৰে ইয়াৰপূৰ্বেও বেআইনীভাৱে অসমলৈ ম'হৰ সৰবৰাহ হৈছে ।

লগতে পঢ়ক :Cybercriminals arrested : ব্লেক মেইলিং কৰি ৰঙাঘৰৰ আলহী উত্তৰ প্ৰদেশৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.