ETV Bharat / state

Erosion in Biswanath: বিশ্বনাথঘাট পাণপুৰ মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 9:32 PM IST

বিশ্বনাথঘাট পাণপুৰ মথাউৰিৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই। বিগত কিছুদিন ধৰি ব্রহ্মপুত্রই তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি মথাউৰিৰ যথেষ্ট ক্ষতিসাধন কৰি অহাৰ লগতে অঞ্চলটোলৈও ভাবুকি কঢ়িয়াই আনিছিল ৷ আজি মন্ত্ৰীগৰাকীয়ে খহনীয়া আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশ দিয়ে ৷

Erosion in Biswanath
বিশ্বনাথঘাট পাণপুৰ মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশ্বনাথঘাট পাণপুৰ মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশ্বনাথ, ২২ আগষ্ট: বিশ্বনাথ চাৰিআলি, চতিয়া আৰু জামুগুৰিহাটৰ বাবে ৰক্ষাকৱচ সদৃশ বিশ্বনাথঘাট পাণপুৰ মথাউৰিৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল মঙলবাৰে পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই । বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিশ্বনাথঘাটৰ পৰা জামুগুৰিহাটৰ পাণপুৰলৈ বিস্তৃত হৈ থকা মথাউৰিটোৰ কুমলীয়া নামৰ এলেকাত বিগত কিছুদিন ধৰি ব্রহ্মপুত্রই তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি মথাউৰিৰ যথেষ্ট ক্ষতিসাধন কৰি অহাৰ লগতে অঞ্চলটোলৈও ভাবুকি কঢ়িয়াই আনিছিল ৷

ইয়াৰ পাচতেই আজি জলসম্পদৰ মন্ত্ৰী পীযুষ হাজৰীকাই খহনীয়া আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ইয়াৰ সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰে আৰু জলসম্পদ বিভাগক তাৎক্ষনিকভাৱে ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশ দিয়ে । বিগত কেইবাদিনো ধৰি জলসম্পদ বিভাগৰ বিশ্বনাথ সংমণ্ডলে দিনে-নিশাই পূৰ্ণগতিত এই খহনীয়া প্ৰতিৰোধৰ বাবে যাৱতীয় কাম সম্পাদন কৰি আছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ইতিমধ্যেই এই খহনীয়া আক্ৰান্ত অঞ্চলসমূহত খহনীয়া প্ৰতিৰোধৰ বাবে দহ হাজাৰ জিঅ' বেগ দিয়াৰ লগতে সোমবাৰৰ পৰা জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, অতিৰিক্ত মুখ্য অভিযন্তা প্ৰমুখ্যে বিভাগীয় অভিযন্তা আৰু বিষয়াসকলে কামৰ তদাৰক কৰি আছে ।

মন্ত্ৰী পীযুষ হাজৰীকাৰ এই পৰিদৰ্শনকালত মথাউৰিটোৰ কুমলীয়াৰ যি অংশসমূহত গৰাখহনীয়াই অধিক প্ৰভাৱিত কৰিছে সেই অঞ্চলসমূহ অতিশীঘ্ৰে বহলীকৰণ আৰু শক্তিশালী কৰাৰো ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে । জলসম্পদ মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনকালত তেওঁৰ সৈতে উপস্থিত আছিল চতিয়া (ন দুৱাৰ) সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, অতিৰিক্ত জিলা আয়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱৰ উপৰিও বিশ্বনাথ প্ৰশাসনৰ বিষয়াসকল, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু আন বিভাগীয় বিষয়া-অভিযন্তাসকল ।

লগতে পঢ়ক: Erosion in Biswanath: বিশ্বনাথ পানপুৰ মথাউৰিৰ খহনীয়া প্ৰতিৰোধৰ দাবী আমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.