3 বজাৰ দহটা শীৰ্ষ খবৰ...

author img

By

Published : Oct 12, 2021, 3:01 PM IST

top ten at 3pm

3 বজাৰ দহটা শীৰ্ষ খবৰ...

ঐতিহাসিক পৰম্পৰাৰে কামাখ্যাত অনুষ্ঠিত দুৰ্গোৎসৱ

ঐতিহাসিক পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে সোমবাৰৰ পৰা কামাখ্যা দেৱালয়ত আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ দুৰ্গা পূজাৰ সময়ত মা কামাখ্যাৰ আশীষ ল’বলৈ দেৱালয়লৈ সমাগম ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ । দেৱালয়ৰ বৰদলৈ মোহিত চন্দ্ৰ শৰ্মাই সদৰী কৰা অনুসৰি, চৰকাৰে জাৰি কৰা সম্পূৰ্ণ ক’ভিড নীতি-নিয়ম মানি এইবাৰো কামাখ্যা দেৱালয়ত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে ।

সুদৰ্শন পাটনায়কৰ হাতৰ পৰশত প্ৰাণ পাইছে দেৱী দুৰ্গাই

দেশৰ ভিন্ন প্ৰান্তত দেৱী দুৰ্গাৰ পূজা-অৰ্চনা অব্যাহত আছে । ওড়িশাৰ প্ৰতিটো পূজা মণ্ডপতে চলিছে দেৱীৰ আৰাধনা । তাৰ মাজতে শিল্পী সুদৰ্শন পাটনায়কৰ হাতৰ পৰশত প্ৰাণ পাই উঠা দেৱী দুৰ্গাৰ প্ৰতিমাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । শিল্পীগৰাকীয়ে পুৰীৰ সাগৰৰ তীৰত নিৰ্মাণ কৰিছে প্ৰতিমাখনি । বালিৰ ওপৰত সাগৰীয় শামুকৰ খোলা ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে দেৱীৰ প্ৰতিমা । দুৰ্গা পূজাৰ মহাসপ্তমী উপলক্ষে শিল্পী সুদৰ্শন পাটনায়কৰ এই পদক্ষেপ গ্ৰহণ ।

পূজা চাবলৈ শিলচৰ পালেগৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মহা সপ্তমী(Maha Saptami)ৰ দিনা শিলচৰৰ উধাৰবন্দৰ কাঁচাকান্তি মন্দিৰ(Kanchakanti Temple)ত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) ৷ উত্তৰ-পূৱৰ ঐতিহ্যমণ্ডিত উধাৰবন্দৰ কাঁচাকান্তি মন্দিৰ দৰ্শন কৰি মন্দিৰত পূজা-অৰ্চনা কৰাৰ লগতে কাঁচাকান্তি বিদ্যামন্দিৰ বিদ্যালয় পৰিদর্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ধেমাজিত নিস্তেজ পৰিৱেশৰ মাজতে উদযাপন মহা সপ্তমীৰ পূজা

ঢাক-ঢোলৰ লগতে মহা সপ্তমীৰ দেৱী বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ-বতাহ ৷ ধেমাজিৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে দুৰ্গা পূজা ৷ ধেমাজি নগৰৰ নলনিপাম যুৱক সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত উদযাপন কৰা পূজাত মাৰ চৰণত আশীষ ল’বলৈ ওলাই আহে ভক্তপ্ৰাণ ৰাইজ ৷

পিছুৱাই দিয়া হৈছে ৰাজ্যিক টেট পৰীক্ষা

2021 বৰ্ষৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ টেট পৰীক্ষা(TET) চলিত বৰ্ষৰ 31 অক্টোবৰত অনুষ্ঠিত হ’ব ৷ পূৰ্বে 24 অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল ৰাজ্যৰ টেট পৰীক্ষা ৷

ৰাজ্যৰ 17 টা ভ্ৰাম্যমান গোষ্ঠীলৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য

ৰাজ্যৰ ভ্ৰাম্যমান গোষ্ঠীসমূহক সাময়িক সকাহ মুখ্যমন্ত্ৰীৰ ৷ আগবঢ়ালে 10 লাখ টকাৰ এককালীন সাহায্য ৷


RCB ৰ অধিনায়ক পদ ত্যাগ বিৰাট কোহলীৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু(RCB)ৰ পৰা আনুষ্ঠানিকভাৱে অধিনায়ক(Captain) পদ এৰিলে বিৰাট কোহলী(Virat Kohli)য়ে ৷ চলিত বৰ্ষৰ আই পি এল(IPL)ত সোমবাৰে কলকাতা নাইট ৰাইডাৰ্ছ(KKR)ৰ সৈতে হোৱা মেচত পৰাজয় বৰণ কৰি বেংগালুৰুৱে এইবাৰৰ আই পি এলৰ পৰা বাহিৰ হয় ৷ ইয়াৰ পাচতে পূৰ্বৰ ঘোষণা অনুসৰি মঙলবাৰে RCB ৰ অধিনায়কত্ব ত্যাগ কৰে কোহলীয়ে ৷ কোহলীৰ পদত্যাগৰ পাচতে টুইটাৰত অনুৰাগী আৰু প্ৰশংসকসকলে তেওঁক লৈ ‘End Of An Era’ ট্ৰেণ্ডৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷

প্ৰদান কৰা হ’ব ক’ভিড ভেকচিনৰ তৃতীয় ড’জ !

বিশ্ব স্বাস্থ্য সংস্থাৰ ভেকচিন এডভাইজৰীয়ে প্ৰকাশ কৰিছে এক বিশেষ তথ্য ৷ Immunocompromised লোকসকলক প্ৰদান কৰা হ’ব ক’ভিডৰ তৃতীয় পালি ভেকচিন ৷

কলগাছিয়াৰ বামুণটাৰীত আৰক্ষীৰ অভিযান

দুৰ্গা পূজাৰ বাবে জাৰি কৰা ক’ভিড প্ৰট’কলক লৈ জনীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰপেটা-কলগাছিয়া আৰক্ষীৰ যুটীয়া অভিযান ।

অভিনেত্ৰী শ্ৰীয়া চৰণৰ ঘৰত নতুন আলহীৰ আগমন

‘Drishyam’ ৰ অভিনেত্ৰী শ্ৰীয়া চৰণ(Shriya Saran) বৰ্তমান এটি কন্যা সন্তানৰ মাতৃ ৷ সোমবাৰে ইনষ্টাগ্ৰামযোগে এই আনন্দৰ কথা ব্যক্ত কৰে শ্ৰীয়া আৰু তেওঁৰ ৰাছিয়ান স্বামী আন্দ্ৰেই কোচ্চিভে(Andrei Koscheev) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.