প্ৰদান কৰা হ’ব ক’ভিড ভেকচিনৰ তৃতীয় ড’জ !

author img

By

Published : Oct 12, 2021, 1:08 PM IST

who recommends extra covid 19 vaccine dose for immunocompromised
কোনসকল লোকক প্ৰদান কৰা হ’ব ক’ভিড ভেকচিনৰ তৃতীয়টো ড’জ ? ()

বিশ্ব স্বাস্থ্য সংস্থাৰ ভেকচিন এডভাইজৰীয়ে প্ৰকাশ কৰিছে এক বিশেষ তথ্য ৷ Immunocompromised লোকসকলক প্ৰদান কৰা হ’ব ক’ভিডৰ তৃতীয় পালি ভেকচিন ৷

নিউজ ডেস্ক, 12 অক্টোবৰ : বিশ্ব স্বাস্থ্য সংস্থাৰ ভেকচিন এডভাইজৰীয়ে সোমবাৰে প্ৰকাশ কৰে যে, যিসকল ব্যক্তিৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোকক ক’ভিডৰ অতিৰিক্ত তৃতীয় ড’জ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব ৷

ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাৰ ষ্ট্ৰেটেজিক এডভাইজৰী গ্ৰুপৰ বিশেষজ্ঞই এই সন্দৰ্ভত কয় যে, "যি সকলৰ লোকৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা কিছু পৰিমাণে অথবা যথেষ্ট পৰিমাণে কম, তেওঁলোকক অতিৰিক্ত এটা ড’জ প্ৰদান কৰা হ’ব ৷ যিহেতু এই ব্যক্তিসকলে এক মানক প্ৰাথমিক ভেকছিন শৃংখলা অনুসৰণ কৰি টীকাকৰণৰ প্ৰতি পৰ্যাপ্ত সঁহাৰি দিয়াৰ সম্ভাৱনা কম আৰু গুৰুতৰ ক’ভিড-19 ৰোগৰ উচ্চ আশংকা থাকে ৷"

ইয়াৰ উপৰিও তেওঁলোকে লগতে কয়, চীনৰ Sinovac আৰু Sinopharm ভেকচিন গ্ৰহণ কৰা 60 ৰ উৰ্ধৰ লোকসকলকো ক’ভিডৰ তৃতীয়টো ড’জ প্ৰদান কৰা হ’ব ৷

লগতে ক’ভিডৰ তৃতীয় পালি ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰাৰ পূৰ্বে দেশসমূহে প্ৰথমাৱস্থাত দেশখনৰ নাগৰিকসকলে ক’ভিডৰ দুয়োটা পালি ভেকচিন গ্ৰহণ কৰাটো নিশ্চিত কৰিব লাগিব ৷ বিশেষজ্ঞসকলে জোৰ দিছিল যে, তেওঁলোকে বৃহৎ পৰিমাণৰ জনসংখ্যাৰ বাবে অতিৰিক্ত তথাকথিত বুষ্টাৰ পালিৰ পৰামৰ্শ দিয়া নাছিল ।

লগতে পঢ়ক : বিশ্বৰ প্ৰথমটো মেলেৰিয়া ভেকছিন অনুমোদন জনালে বিশ্ব স্বাস্থ্য সংস্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.