RCB ৰ অধিনায়ক পদ ত্যাগ বিৰাট কোহলীৰ

author img

By

Published : Oct 12, 2021, 2:09 PM IST

virat kohli quits as the captain of rcb

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু(RCB)ৰ পৰা আনুষ্ঠানিকভাৱে অধিনায়ক(Captain) পদ এৰিলে বিৰাট কোহলী(Virat Kohli)য়ে ৷ চলিত বৰ্ষৰ আই পি এল(IPL)ত সোমবাৰে কলকাতা নাইট ৰাইডাৰ্ছ(KKR)ৰ সৈতে হোৱা মেচত পৰাজয় বৰণ কৰি বেংগালুৰুৱে এইবাৰৰ আই পি এলৰ পৰা বাহিৰ হয় ৷ ইয়াৰ পাচতে পূৰ্বৰ ঘোষণা অনুসৰি মঙলবাৰে RCB ৰ অধিনায়কত্ব ত্যাগ কৰে কোহলীয়ে ৷ কোহলীৰ পদত্যাগৰ পাচতে টুইটাৰত অনুৰাগী আৰু প্ৰশংসকসকলে তেওঁক লৈ ‘End Of An Era’ ট্ৰেণ্ডৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷

স্প’ৰ্টছ ডেস্ক, 12 অক্টোবৰ : মঙলবাৰে আনুষ্ঠানিকভাৱে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু(RCB)ৰ অধিনায়কত্ব এৰিলে বিৰাট কোহলী(Virat Kohli)য়ে ৷ সোমবাৰে চলিত বৰ্ষৰ আই পি এল(IPL)ত কলকাতা নাইট ৰাইডাৰ্ছ(KKR)ৰ বিৰুদ্ধে হোৱা মেচখনেই আছিল কোহলীৰ বাবে অধিনায়ক হিচাপে অন্তিমখন মেচ ৷

সোমবাৰে KKRৰ বিৰুদ্ধে পৰাজয় বৰণ কৰি চলিত বৰ্ষৰ আই পি এলৰ পৰা বাহিৰ হয় RCB ৷ পূৰ্বৰ ঘোষণা অনুসৰি, মঙলবাৰে RCBৰ পৰা অধিনায়ক পদ ত্যাগ কৰে বিৰাট কোহলীয়ে ৷ RCBৰ সমৰ্থকসকলে কোহলীক সোমবাৰে অন্তিমবাৰৰ বাবে দলটোৰ অধিনায়ক হিচাপে দেখি ছ’চিয়েল মিডিয়াযোগে তেওঁলোকৰ হতাশা ব্যক্ত কৰে ৷

virat kohli quits as the captain of rcb
RCBৰ অধিনায়ক পদ ত্যাগ বিৰাট কোহলীৰ

উল্লেখ্য যে, কিছুদিন পূৰ্বে কোহলীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল যে, চলিত বৰ্ষৰ আই পি এল হ’ব তেওঁ RCBৰ অধিনায়ক পদ ত্বৰান্বিত কৰা অন্তিমটো চিজন । যদিও তেওঁ দলটোক ট্ৰ’ফীৰ ওচৰলৈ লৈ যোৱাত ব্যৰ্থ হয়, কিন্তু এগৰাকী অধিনায়ক হিচাপে কোহলীয়ে অতি সুন্দৰকৈ দলটোক নেতৃত্ব প্ৰদান কৰিছিল ৷

আই পি এলৰ ইতিহাসত অধিনায়ক হিচাপে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে বিৰাটে ৷ 2008 চনত RCBত যোগদান কৰা কোহলীয়ে অধিনায়ক হিচাপে 132 খন মেচত 4674 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ অধিনায়ক পদ ত্যাগৰ পাচতে টুইটাৰযোগে অনুৰাগী আৰু প্ৰশংসকসকলে তেওঁক লৈ ‘End Of An Era’ ট্ৰেণ্ডৰ সৃষ্টি কৰা দেখা গৈছে ৷

virat kohli quits as the captain of rcb
RCBৰ অধিনায়ক পদ ত্যাগ বিৰাট কোহলীৰ

লগতে পঢ়ক : ক্ৰমাগত নৱমবাৰলৈ IPL ৰ ফাইনেলত চেন্নাই চুপাৰ কিংছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.