ক্ৰমাগত নৱমবাৰলৈ IPL ৰ ফাইনেলত চেন্নাই চুপাৰ কিংছ

author img

By

Published : Oct 11, 2021, 9:52 AM IST

ক্ৰমাগত নৱমবাৰলৈ IPL ৰ ফাইনেলত চেন্নাই চুপাৰ কিংছ

ক্ৰিকেট ফিল্ডৰ অপ্ৰতিৰোধ্য খেলুৱৈ মহেন্দ্ৰ সিং ধোনীয়ে দেওবাৰে দিল্লী কেপিটেলছক চাৰি উইকেটত পৰাস্ত কৰি চেন্নাই চুপাৰ কিংছক নৱম সংস্কৰণৰ IPL ৰ ফাইনেলত উপনীত কৰোৱায় ৷ খেলৰ অন্তিম অভাৰত ১৩ ৰাণৰ প্ৰয়োজন হোৱাত ধোনীয়ে এটা স্কোৱেৰ কাট মাৰিছিল ৷ অধিনায়ক ধোনীয়ে ১৮ ৰাণ কৰি নট আউট হৈ থাকে ৷

স্প’ৰ্টছ ডেস্ক, 11 অক্টোবৰ : নৱম IPL সংস্কৰণৰ ফাইনেলত উপনীত চেন্নাই চুপাৰ কিংছ ৷ চলিত বৰ্ষৰ আইপিএলৰ প্ৰথমখন কোৱালিফায়াৰ মেচতে হালধীয়া দলটোৱে পৰাস্ত কৰে দিল্লী কেপিটেলছক ৷ ইয়াৰ পিছতো কিন্তু দিল্লীৰ ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে মাৰ যোৱা নাই ৷ "মাহী" নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছে ক্ৰমাগত নৱমবাৰৰ বাবে IPL টী 20 ৰ ফাইনেলত প্ৰৱেশ কৰাৰ ৰেকৰ্ড গঢ়ে ৷

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰ মেচত দিল্লীয়ে ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৭২ ৰাণ ৷ খেলখনত দলটোৱে ২টা বল বাকী থকা অৱস্থাত ৬ টা উইকেট হেৰুৱাই এই লক্ষ্যত উপনীত হয় ৷

আনহাতে, দিল্লী কেপিটেলছে এই লীগৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হোৱা এলিমিনেটৰ মেচৰ বিজয়ীৰ সৈতে পুনৰবাৰ মুখামুখি হ’ব ৷ এই খেলত দলটো জয়ী হ’লে আকৌ এবাৰৰ বাবে মুখামুখি হ’ব লাগিব চেন্নাইৰ ৷

লগতে চাওক: আহি থকা T20 World Cupত এক নতুন পদ্ধতি অন্তৰ্ভুক্ত কৰিছে ICCয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.