আহি থকা T20 World Cupত এক নতুন পদ্ধতি অন্তৰ্ভুক্ত কৰিছে ICCয়ে

author img

By

Published : Oct 10, 2021, 6:06 PM IST

World cup

বিচিচিআইৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া পুৰুষৰ টি-২০ বিশ্বকাপকলৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ICC য়ে । প্ৰথমবাৰলৈ পুৰুষৰ টি-২০ বিশ্বকাপত কি নতুন পদ্ধতি ব্যৱহাৰত অনুমোদন জনাইছে ICC য়ে ?

স্পৰ্টছ ডেস্ক,১০ অক্টোবৰ : প্ৰথমবাৰৰ বাবে পুৰুষৰ টি-২০ বিশ্বকাপত ব্যৱহাৰ কৰা হ'ব Decision Review System চমুকৈ ডিআৰএছ (DRS) । আৰৱ আৰু ওমানত অনুষ্ঠিত হ'বলগীয়া পুৰুষৰ টি-20 বিশ্বকাপত এই ডিআৰএছ পদ্ধতি ব্যৱহাৰৰ কথা ঘোষণা কৰিছে আইচিচি (ICC)য়ে । আগন্তুক প্ৰতিযোগিতাখনৰ বাবে জাৰি কৰা খেলৰ নিয়মসমূহৰ ভিতৰত ডিআৰএছকো অন্তৰ্ভুক্ত কৰিছে আইচিচিয়ে (ICC) ।

অহা ১৭ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ চলিব পুৰুষৰ টি-২০ বিশ্বকাপ । সূত্ৰৰ মতে প্ৰতিযোগিতাত প্ৰত্যকটো দলে প্ৰতিটো ইনিংছত দুটা ডিআৰএছৰ সুযোগ পাব । যিহেতু শেষবাৰৰ বাবে ২০১৬ চনত টি-২০ বিশ্বকাপ খেলা হৈছিল । সেয়ে ইয়াৰপূৰ্বে টি-২০ বিশ্বকাপত ডিআৰএছ পদ্ধতি ব্যৱহাৰ কৰা হোৱা নাই ।

উল্লেখ্য যে ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপ ২০১৮ ত ডিআৰএছ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল । ২০২০ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপতো এই পদ্ধতি ব্যৱহাৰ কৰা হৈছিল ।

ডিআৰএছ পদ্ধতি মানে কি ?

আইচিচিয়ে খেলুৱৈসকলক আউট কৰাৰ ক্ষেত্ৰত ফিল্ড আম্পায়াৰৰ বিফলতা সংশোধন কৰিবলৈ ডিআৰএছ নিয়ম প্ৰস্তুত কৰিছিল । যদি ফিল্ড আম্পায়াৰে দলৰ খেলুৱৈসকলৰ আপিল নাকচ কৰে আৰু অধিনায়কে অনুভৱ কৰে যে ইয়াক আউট দিয়া উচিত আছিল । এনে ক্ষেত্ৰত, অধিনায়কে ডিআৰএছ দাবী কৰিব পাৰে আৰু তাৰ পাছত সিদ্ধান্তটো টিভি আম্পায়াৰৰ ওচৰলৈ যায় ।

ৰিপ্লে চোৱাৰ পাছত, টিভি আম্পায়াৰসকলে সিদ্ধান্ত লয় যে খেলুৱৈজন আউট হৈছে নে নাই । একেদৰে, যদি বেটছমেনজনে অনুভৱ কৰে যে আম্পায়াৰে তেওঁক ভুল কৈ আউট দিছে, তেন্তে তেওঁ নিৰ্দিষ্ট সময়ৰ ভিতৰত ডিআৰএছৰ দাবী কৰিব পাৰে ।

লগতে পঢ়ক :IPL 2021: পইন্ট বৃদ্ধিৰ লক্ষ্যৰে পঞ্জাৱৰ বিৰুদ্ধে নামিছে চেন্নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.