ETV Bharat / state

ক'ভিড-১৯ : চাহ শ্ৰমিকক সজাগ কৰাৰ ব্যতিক্ৰমী প্ৰয়াস এগৰাকী টেট শিক্ষকৰ

author img

By

Published : Apr 29, 2021, 10:13 PM IST

কৰ'ণা মহামাৰীৰ সংক্ৰমণে ৰাজ্য় তথা সমগ্ৰ দেশতে ভয়াৱহ ৰূপ লোৱাৰ সময়তে চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে বিশ্বনাথৰ বিহালীৰ এগৰাকী টেট শিক্ষকে । তেওঁ বাগিচাত গীত পৰিৱেশন কৰি, বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰি শ্ৰমিকসকলক সজাগ কৰাৰ প্ৰয়াস কৰে ।

TET TEACHER DISTRIBUTED MASK TO AWARE PEOPLE ABOUT COVID
বিহালীত এগৰাকী শিক্ষকৰ ব্যতিক্ৰমী প্ৰয়াস

বিশ্বনাথ, ২৯ এপ্ৰিল : বৰ্তমান ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠনে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা দেখা গৈছে । কিন্তু বিশ্বনাথৰ বিহালীত চাহ বাগিচাৰ লোকসকলৰ অধিকাংশই সাৱধনতা অৱলম্বনৰ ক্ষেত্ৰত সজাগ হোৱা নাই । সেয়ে, চাহ শ্ৰমিক আৰু বাগিচা অঞ্চলত বাস কৰা লোকসকলক সজাগ কৰাৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে বিহালীৰ নাহৰজান প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক বিশ্বজিৎ ৰয়ে ।

TET TEACHER DISTRIBUTED MASK TO AWARE PEOPLE ABOUT COVID
বিহালীত এগৰাকী শিক্ষকৰ ব্যতিক্ৰমী প্ৰয়াস

চাহ বাগিচাত গীত পৰিৱেশন কৰি, বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰি বাগিচাৰ শ্ৰমিকক সজাগ কৰাৰ প্ৰয়াস কৰে শিক্ষকগৰাকীয়ে । সদৌ অসম টেট শিক্ষক যৌথ মঞ্চৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ ৰয়ে বিহালীৰ কেইবাখনো বাগিচাত এই সজাগতামূলক অভিযান চলায় ।

TET TEACHER DISTRIBUTED MASK TO AWARE PEOPLE ABOUT COVID
বিহালীত এগৰাকী শিক্ষকৰ ব্যতিক্ৰমী প্ৰয়াস

নিজৰ গাঁঠিৰ ধন ভাঙি শিক্ষকগৰাকীয়ে সহস্ৰাধিক শ্ৰমিকৰ মাজত মাস্ক বিতৰণ কৰি আহিছে । লগতে শ্ৰমিকসকলক মহামাৰীৰ ভয়াৱহতা সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস কৰিছে ।শিক্ষকগৰাকীৰ এনে পদক্ষেপৰ শলাগ লৈছে সকলোৱে ।

লগতে পঢ়ক:20 দিন পলমকৈ ত্ৰিপুৰাই লাভ কৰিব ক'ভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.