ETV Bharat / state

গহপুৰত মৰেল পুলিচিঙৰ বলি অসহায় মহিলা

author img

By

Published : Jun 14, 2021, 2:19 PM IST

seven-arrested-in-gahpur-for-moral-policing-incident
গহপুৰত মৰেল পুলিচিঙৰ বলি অসহায় মহিলা: আটক 7 নিৰ্যাতনকাৰী

গহপুৰত মৰেল পুলিচৰ ঘটনা ৷ অসহায় এগৰাকী মহিলাৰ ওপৰত জপিয়াই পৰিল পুৰুষ-মহিলাসহ এদল লোক ৷ মুমূৰ্ষু অৱস্থাত আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰায় চিকিৎসালয়ত ।

বিশ্বনাথ, 14 জুন : গহপুৰত শেহতীয়াকৈ পোহৰলৈ আহিছে মৰেল পুলিচৰ নৃশংসতাৰ এক হৃদয় বিদাৰক ঘটনা । এগৰাকী অসহায় মহিলাক শাৰীৰিক আৰু মানসিকভাৱে একাংশ পুৰুষ-মহিলাই চলোৱা আক্ৰমণৰ ঘটনাই নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰিলে । ঘটনাটো গহপুৰৰ কুহিমাৰীৰ । ভুক্তভোগী মহিলাগৰাকীৰ স্বামী কেশৱ দাসৰ নেতৃত্বত হৃদয়হীন এদল পুৰুষ-মহিলাই চলালে এই বৰ্বৰ আক্ৰমণ ।

প্ৰাপ্ত তথ্য অনুসৰি , পাৰিবাৰিক সংঘাতৰ বাবে কেইবামাহ ধৰি স্বামীগৃহৰ পৰা আঁতৰি থকা মহিলাগৰাকী স্বামী গৃহলৈ দুদিন পূৰ্বে উভতি আহে । উভতি অহাৰ পাছতে মহিলা গৰাকীক পুখুৰীৰ পানীত পেলাই বেত্ৰাঘাট কৰাৰ লগতে চুলিত ধৰি শাৰীৰিক-মানসিক অত্যাচাৰ চলায় ঘটনাস্থলীত উপস্থিত বহু লোকে ৷ তিনিটি কৈ সন্তানৰ মাতৃ গৰাকীৰ ওপৰত চলোৱাৰ এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ খবৰ লাভ কৰা মাত্ৰেই গহপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে । নিৰ্যাতিতা মহিলাগৰাকী বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।

ইফালে ঘটনাৰে জড়িত পুৰুষ-মহিলাসহ সাতজনক গহপুৰ আৰক্ষীয়ে এই পৰ্যন্ত আটক কৰিছে । গহপুৰ আৰক্ষীয়ে বৰ্তমানেও ঘটনাৰে জড়িত অন্য সকলক কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: জাগুণত অঘটন: পুখুৰীৰ পৰা মুমুৰ্ষ অৱস্থাত উদ্ধাৰ ৪ কিশোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.