ETV Bharat / state

Best journalist award 2023: তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসক অসম খবৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 8:44 AM IST

প্ৰদান কৰা হ’ল 2023 বৰ্ষৰ অসম খবৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা ৷ এই বঁটা লাভ কৰিছে ETV ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসে ৷ এই বঁটা লাভ লাভ কৰি উৎফুল্লিত হৈ পৰিছে জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগতে তেওঁৰ আত্মীয় তথা শুভাকাংশীসকল ৷

Best journalist award 2023
প্ৰদান কৰা হ’ল 2023 বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা

প্ৰদান কৰা হ’ল 2023 বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা

বিশ্বনাথ, ৪ ছেপ্তেম্বৰ : ইটিভি ভাৰত অসমৰ সাংবাদিকলৈ স্বীকৃতি ৷ জনপ্ৰিয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটোৰ জ্যেষ্ঠ সাংবাদিক তথা সংবাদ প্ৰতিষ্ঠানটোৰ জন্মলগ্নৰে পৰা জড়িত সাংবাদিক প্ৰণৱ কুমাৰ দাসক প্ৰদান কৰা হ’ল চলিত বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা ৷ জ্যেষ্ঠ সাংবাদিকগৰাকীক এই সন্মানীয় বঁটা আগবঢ়ালে অসমৰ অন্যতম এক সংবাদ প্ৰতিষ্ঠান অসম খবৰে ৷

দেওবাৰে তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত তেজপুৰৰ ইটিভি ভাৰত, অসমৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসক বৰ্ষৰটোৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান কৰে অসম খবৰ ডিজিটেল মেডিয়াই ।

Best journalist award 2023
2023 বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা

দেওবাৰে দিনৰ ১১ বজাত তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৰ্ষপুতি অনুষ্ঠানটিৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকাই ৷ অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰাৰ অন্তত জাৰ্নেলিষ্ট ইউনিয়নৰ গুৰি ধৰোঁতা প্ৰয়াত প্ৰণৱ সিংহৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ হৰমোহন কলিতাৰ লগতে শোণিতপুৰ জিলা জাৰ্নেলিষ্ট ইউনিয়ন সদস্য-সদস্যা আৰু উপস্থিত প্ৰতিগৰাকী সংবাদ কৰ্মীয়ে ।

ইয়াৰ পিচতে অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে ড৹ হৰমোহন কলিতাই । অসমৰ বিভিন্ন সমাজ জীৱনৰ সৈতে জড়িত ৪ জন ব্যক্তি লগতে অসম খবৰ ডিজিটেল মিডিয়া সক্ৰিয় সাংবাদিকসহ ৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আৰু অসম খবৰ ২০২৩ বঁটা প্ৰদান কৰে ।

এই বঁটা ক্ৰমে বিশ্বনাথ জিলাৰ বিহালীৰ এগৰাকী জ্যেষ্ঠ সমাজসেৱী মহিলা দীপালী বৰুৱালৈ ২০২৩ বৰ্ষৰ সমাজ হিতৈষী বঁটা, বিশ্বনাথৰ অসম অৰুণাচল সীমান্ত পাভৈ নিবাসী বিশিষ্ট সমাজ কৰ্মী তথা ১০ টকা বৰঙণিৰে চিকিৎসা সেৱা অগবঢ়াই অহা বিশিষ্ট মানৱদৰী চিকিৎসক ডাঃ ৰঞ্জন গগৈলৈ অসম খবৰ ২০২৩ সমাজ সেৱক বঁটা আৰু শিৱসাগৰ বিশিষ্ট সমাজ সেৱক সমাজ কৰ্মী তথা অ'এন জি চিৰ অভিযন্তা তথা প্ৰখ্যাত সমাজকৰ্মী ৰমা গগৈলৈ অসম খবৰ ২০২৩ জনসেৱা বঁটা প্ৰদান কৰা লগতে অসম খবৰত নিষ্ঠিৰ সহকাৰে সংবাদ যোগান ধৰি সেৱা আগবঢ়াই অহা শিৱসাগৰ অসম খবৰ সাংবাদিক পৰাগ বড়াক অসম খবৰ ২০২৩ বৰ্ষৰ সক্ৰিয় বঁটা প্ৰদান কৰে ।

Best journalist award 2023
ইটিভি ভাৰত অসমৰ বাবে এক ভাল খবৰ

আনহাতে, ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইটিভি ভাৰতত উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাতৰি পৰিৱেশন কৰি সেৱা আগবঢ়োৱা তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসলৈ চলিত বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান কৰে অসম খবৰ ডিজিটেল মেডিয়াই । এই বঁটাত শৰাই, সম্বৰ্ধনা পত্ৰ, মমেনৰ লগতে চেলেং আদিৰে সন্মান প্ৰদান কৰে আয়োজকসকলে ।

ইফালে সভাত বিশিষ্ট ব্যক্তি আসনত অংশগ্ৰহণ কৰা তেজপুৰ জ্যেষ্ঠ সাংবাদিক অৰূপ কুমাৰ কলিতাই সভাত সংবাদ মাধ্যমৰ লগতে বাতৰি পৰিৱেশনৰ ওপৰত বক্তব্য আগবঢ়ায় । ইয়াৰ পিচতে সভাত অসম খবৰ মেডিয়া উপদেষ্টা তথা বিশ্বনাথ চাৰিআলি ন্যায়ালয়ৰ অধিবক্তা তুষাৰ বৰাই বাতৰি ক্ষেত্ৰত‌ সঘনাই হৈ থকা গোচৰ সন্দৰ্ভত সভাত নিজৰ বক্তব্য ৰাখে ।

লগতে পঢ়ক : State Teacher Award 2023: কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত মৰিগাঁৱৰ শিক্ষক প্ৰদীপ কুমাৰ পাটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.