ETV Bharat / state

ভৰা গাভৰু নদীত হাতত প্ৰাণ লৈ ৰাইজৰ বিপদ সংকূল যাতায়ত

author img

By

Published : Jul 4, 2019, 8:54 PM IST

শিয়ালমাৰী চৰত বসবাস কৰি থকা ৰাইজে কম সময়ৰ ভিতৰত মিছামাৰীত উপস্থিত হোৱাৰ উদ্দেশ্যে ভৰা গাভৰু নদীৰ পানীৰে অতি বিপদ সংকূলভাৱে অহা-যোৱা কৰি আহিছে

ভৰা গাভৰু নদীত হাতত প্ৰাণ লৈ ৰাইজৰ বিপদ সংকূল যাতায়ত

ৰঙাপৰা, 4 জুলাইঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা নদীৰ ওপৰত দলং অবিহনে বিপদ সংকূল ভাৱে যাতায়ত কৰি আহিছে একাংশই৷ ৰঙাপৰাৰ শিয়ালমাৰী চৰৰ ৰাইজেও হাতত প্ৰাণ লৈ অহা-যোৱা কৰিছে ভৰা গাভৰু নদীত । শিয়ালমাৰী চৰত বসবাস কৰি থকা ৰাইজে অতি কম সময়ৰ ভিতৰত মিছামাৰীত উপস্থিত হোৱাৰ উদ্দেশ্যে নিতৌ ভৰা গাভৰু নদীৰ পানীৰে অহা-যোৱা কৰি আহিছে। এহাল দম্পতীয়ে এটি কন্যা সন্তানক কোলাত লৈ মৰণত শৰণ দি বিপদসংকুল ভাবে পাৰ হৈছে নদীখন ৷ চাওক এই ভিডিঅ'ত....

ভৰা গাভৰু নদীত হাতত প্ৰাণ লৈ ৰাইজৰ বিপদ সংকূল যাতায়ত


লগতে পঢ়কঃ চপৰা চপৰে খহিছে মাজুলীৰ বুকুঃ অসাৰ শৈল স্পাৰ

Intro:ভৰা গাভৰু নদীত হাতত প্ৰাণ লৈ ৰাইজৰ বিপদ সংকূল যাতায়তঃ সন্তানক কান্ধত লৈ পিতৃৰ যাত্ৰাBody:ৰঙাপৰাঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা নদীৰ ওপৰত দলং অবিহনে যিদৰে ৰাইজে বিপদ সংকূল ভাৱে যাতায়ত কৰি আহিছে, ঠিক তেনেদৰে হাতত প্ৰাণ লৈ অহা-যোৱা কৰিছে ৰঙাপৰাৰ শিয়ালমাৰী চৰৰ ৰাইজে। শিয়ালমাৰী চৰত বসবাস কৰি থকা ৰাইজে মিছামাৰীত অতি কম সময়ৰ ভিতৰত উপস্থিত হোৱাৰ উদ্দেশ্যৰে নিতৌ ভৰা গাভৰু নদীৰ পানীৰে অহা-যোৱা কৰি আহিছে। এহাল দম্পতীয়ে এটি কন্যা সন্তানক লগত লৈ কিদৰে ফেনে ফুটুকাৰে বাঢ়ি থকা নদীৰ পাৰ হৈ আছে সেই দৃশ্য বন্দী হৈছে আমাৰ কেমেৰাত। যিকোনো মুহূৰ্তত তিনিওজনকে নদীৰ প্ৰবল সোতে উটুৱাই নিয়াৰ সম্ভৱনা অৱগত হোৱাৰ পাছতো মৰণক শৰণ কৰি পাৰ হোৱাৰ চেষ্টা চলাই। নদীখনৰ পানী ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰাত নদীখনৰ মাজত থমকি ৰবলৈ বাধ্য হয়। গাৰ নোম শিয়ৰি উঠা দৃশ্য প্ৰায় দেখিবলৈ পোৱা যায় গাভৰু নদীত।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.