ETV Bharat / state

অসম-অৰুণাচল সীমান্তৰ বিবদমান অঞ্চল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Sep 1, 2022, 10:57 PM IST

Disputed areas of Assam Arunachal border
Disputed areas of Assam Arunachal border

সীমা বিবাদ নিষ্পত্তিৰ বাবে অসম-অৰুণাচল সীমান্ত পৰিদৰ্শন অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ (Disputed areas of Assam Arunachal border)৷ দুয়োখন ৰাজ্যৰ মন্ত্ৰী আৰু প্ৰশাসনিক বিষয়াৰ উপস্থিতিত আলোচনা কৰি সীমা সমস্যা সমাধান সন্দৰ্ভত চিন্তা চৰ্চা কৰি এক আলোচনাত মিলিত হয় দুই ৰাজ্যৰ মন্ত্ৰী প্ৰশাসন ।

বিহালী 1 ছেপ্টেম্বৰ : অসম-অৰুণাচলৰ মাজত বিভিন্ন ঠাইত সীমা সংঘাত সৃষ্টি হৈ থকাৰ মাজতে বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অসম-অৰুণাচল সীমান্ত অঞ্চল পৰিদৰ্শন কৰে দুয়োখন ৰাজ্যৰ মন্ত্ৰী আৰু প্ৰশাসনৰ দলে (Minister Keshab Mahanta in Assam Arunachal border)। বিশেষকৈ অসম আৰু অৰুণাচল সীমান্তৰ বিশ্বনাথ জিলাৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল বিহালী সংৰক্ষিত বনাঞ্চলৰ উত্তৰে নাহৰজান, ঠাণ্ডা পানী, বগীজুলি, তাৰাছো, আদি অঞ্চলত বহু বছৰ ধৰি অৰুণাচল আৰু অসমৰ মাজত বিভিন্ন সময়ত সংঘাত হৈ আহিছে (Assam Arunachal Border dispute)।

অসম অৰুণাচল সীমান্তৰ বিবদমান অঞ্চল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ইতিমধ্যে সীমা সমস্যাক লৈ অসমৰ 15 জন অসমীয়াই সন্দেহজনক অৰুণাচলী লোকৰ হাতত প্ৰাণ আহুতি দিব লগা হৈছে । তাৰ উপৰিও দুই-তিনিবাৰ বিহালী বিহমাৰী ঠাণ্ডা পানী আদি অঞ্চলত সীমাক লৈ সৰু-সুৰা সংঘাত সৃষ্টি হৈ থকা পৰিলক্ষিত হৈ আহিছে (Disputed areas of Assam Arunachal border)। আজি এই সংঘাত সৃষ্টি হোৱা ঠাই সমূহ পৰিদৰ্শন কৰে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ উপায়ুক্ত, আৰক্ষী, বন বিভাগ আৰু প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ এটা দলে ।

আনহাতে, অসম-অৰুণাচল সীমান্ত তথা অৰুণাচল প্ৰদেশৰ পাপুংপাৰে জিলাৰ তাৰাছোৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দুয়োখন ৰাজ্যৰ মন্ত্ৰী আৰু প্ৰশাসনিক বিষয়াৰ উপস্থিতিত আলোচনা কৰি সীমা সমস্যা সমাধান সন্দৰ্ভত চিন্তা চৰ্চা কৰি এক আলোচনাত মিলিত হয় দুই ৰাজ্যৰ মন্ত্ৰী প্ৰশাসন (Discussion on Assam Arunachal border conflict)।

ইফালে অৰুণাচল চৰকাৰৰ শিক্ষামন্ত্ৰী তাবা তেদিৰ, তাৰাছোৰ স্থানীয় বিধায়ক তানা হালী আৰু অৰুণাচল চৰকাৰৰ আৰক্ষী প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে আজিৰ এই বৈঠকত অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে, অলপতে দুয়োখন ৰাজ্যৰ মাজত অনুষ্ঠিত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য দুখনৰ চৰকাৰে । এই আলোচনাৰ পিছতে বিহালীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে (Assam Arunachal border conflict) । অসমৰ কেইবাখনো গাঁও অৰুণাচলৰ সৈতে চামিল হোৱাৰ সম্ভৱনাই দেখা দিছে । অসমৰ বহু ভূমিত ইতিমধ্যে অৰুণাচল চৰকাৰে বিভিন্ন চৰকাৰী আঁচনি স্থাপনৰ জৰিয়তে নিজৰ দখলত ৰাখি থোৱাৰ অভিযোগ উঠিছে ৷ লগতে অসম সীমান্তত থকা কেইবাখনো গাঁৱত ভূমি বেদখল কৰা পৰিকল্পনা কৰা বুলি অভিযোগ কৰে চি পি আই এম এলৰ নেতা নাৰায়ন পৌড়েলে ।

তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, সীমা সমস্যা সমাধানৰ নামত অসম চৰকাৰে সমৰ্পনৰ নীতি গ্ৰহণ কৰিছে ৷ এই সীমা সমস্যা সমাধান কৰিব বুলি আমাৰ টিলমানো বিশ্বাস নাই ৷ অসম-অৰুণাচল সীমান্তত বসবাস কৰা প্ৰতি গৰাকী প্ৰহৰী অসমীয়াক অসম চৰকাৰে সুৰক্ষা প্ৰদান কৰাৰ দাবী জনাই পৌড়েলে ।

লগতে পঢ়ক: মাদ্ৰাছা উচ্ছেদ: উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ হুংকাৰ আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.