ETV Bharat / state

Sanjay Kishan at Biswanath: বিশ্বনাথত আত্মহনন কৰা ছাত্ৰীৰ বাসগৃহত মন্ত্ৰী সঞ্জয় কিষাণ

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 8:05 AM IST

Meritorious student commits suicide in Biswanath
বিশ্বনাথত আত্মহনন কৰা ছাত্ৰীৰ বাসগৃহত মন্ত্ৰী সঞ্জয় কিষাণ

বিশ্বনাথত আত্মহনন কৰা মেধাবী ছাত্ৰীৰ ঘৰত মন্ত্ৰী সঞ্জয় কিষাণ । চাৰি বছৰৰ পৰাই বাইপোলাৰ টু ডিছ অৰ্ডাৰ ৰোগত ভুগি আছিল ছাত্ৰীগৰাকীয়ে । চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ দ্বিতীয়খন তালিকাত নাম নথকাত ছাত্ৰীগৰাকী বেছিকৈ ভাগি পৰিছিল বুলি উল্লেখ কৰে পৰিয়ালৰ লোকে ।

বিশ্বনাথত আত্মহনন কৰা ছাত্ৰীৰ বাসগৃহত মন্ত্ৰী সঞ্জয় কিষাণ

বিশ্বনাথ,৭ অক্টোবৰ: বিশ্বনাথত এগৰাকী মেধাবী ছাত্ৰীৰ আত্মহননৰ ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । এই ঘটনাৰ পাছতে শনিবাৰে সন্ধিয়া ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয় মন্ত্ৰী সঞ্জয় কিষাণ । তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰি ২০ দিন পাঠগ্ৰহণ কৰিছিল যদিও পিছত চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ কেতবোৰ পদক্ষেপৰ বাবে ছাত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে পিতৃ গৃহত চৰম পন্থা বাচি লৈছিল বুলি সন্দেহ কৰা হৈছে ।

মন্ত্ৰীগৰাকীয়ে বিশ্বনাথৰ বিধায়কৰ সৈতে ছাত্ৰীগৰাকীৰ পিতৃ তথা পৰিয়ালৰ লগত সমস্ত ঘটনাৰ বুজ লোৱাৰ লগতে সমবেদনা জ্ঞাপন কৰে । লগতে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে এনেদৰে এগৰাকী মেধাৱী ছাত্ৰী অকালতে হেৰাই যোৱাটো অত্যন্ত দুখজনক ঘটনা । চাহ জনজাতিসকলৰ এনে কিছুমান উপাধি আছে যিবোৰ চাহ জনগোষ্ঠীৰ নোহোৱা লোকৰ উপাধিৰ লগত একেই ।

সেয়েহে উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ প্ৰদান কৰিছিল যে চাহ জনগোষ্ঠীৰ এনেধৰণৰ উপাধিৰ যিসকল লোকে চিকিৎসা বিজ্ঞানত নামভৰ্তিৰ বাবে আবেদন কৰিছে সেইসকল লোকৰ চাহ জনগোষ্ঠীয় কিছু নথি-পত্ৰ জমা দিব লাগে । ছাত্ৰীগৰাকীৰ ক্ষেত্ৰতো উচ্চ ন্যায়ালয়ৰ পৰা হয়তো এনেধৰণৰ নিৰ্দেশ আহিছিল । যাৰ বাবে ছাত্ৰীগৰাকীয়ে হয়তো কিছু মানসিক অশান্তিত ভুগি আছিল । আত্মহননৰ আগমূহুৰ্তলৈকে মানসিক অশান্তিত ভুগি থকাৰ কথা ছাত্ৰীগৰাকীয়ে কাৰো আগত প্ৰকাশ কৰা নাছিল বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

ইফালে পোনপ্ৰথমবাৰৰ বাবে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত মন্তব্য কৰে । শনিবাৰে মন্ত্ৰী সঞ্জয় কিষাণ ছাত্ৰীগৰাকীৰ ঘৰৰ পৰা যোৱাৰ পিছতে তেওঁৰ জ্যেষ্ঠ ভগ্নীয়ে সাংবাদিকৰ আগত কয় যে যোৱা ২০১৯ চনৰ পৰাই মানসিক চিকিৎসা কৰি আছিল ছাত্ৰীগৰাকীয়ে । ছাত্ৰীগৰাকীয়ে বাইপোলাৰ টু ডিছ অৰ্ডাৰ নামৰ মানসিক ৰোগত ভুগি আছিল বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে । এই ৰোগৰ চিকিৎসা কৰি থকা ছাত্ৰীগৰাকীয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানত নামভৰ্তি কৰি পাঠগ্ৰহণ কৰিছিল ।

কিন্তু ইয়াৰ পূৰ্বেও ছাত্ৰীগৰাকীয়ে যিকোনো কথাতেই অতি আৱেগিক হৈ পৰে আৰু মানসিক অশান্তিত ভোগে । যেতিয়া ২০ দিনকৈ পাঠগ্ৰহণ কৰাৰ পিছত চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ দ্বিতীয়খন তালিকাত ছাত্ৰীগৰাকীৰ নাম নহাত তেওঁ মানসিকভাৱে ভাগি পৰে । সেয়েহে পৰিয়ালৰ লোকে ঘৰলৈ ওভতাই আনে ছাত্ৰীগৰাকীক আৰু তেতিয়াৰে পৰা তেওঁ পিতৃ-মাতৃ তথা পৰিয়ালৰ লগত ভালকৈ কথা পতা নাছিল আৰু বৃহস্পতিবাৰে এনে চৰম পন্থা বাচি লোৱা বুলি পৰোক্ষভাৱে উল্লেখ কৰে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: SI Junmoni Rabha Case: কি কি প্ৰশ্নৰ সন্মুখীন হ’ল এছ পি লীনা দলে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.