ETV Bharat / state

বিহালী মহাবিদ্যালয়ত বিজ্ঞান শাখা সংযোজনৰ অনুমোদন

author img

By

Published : Aug 3, 2020, 5:45 PM IST

দীৰ্ঘদিনীয়া সমস্যাৰ লগতে এটা দীৰ্ঘদিনীয়া সপোনো পূৰণ হ'ল বিহালীবাসীৰ ৷ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বিহালী মহাবিদ্যালয়ত বিজ্ঞান শাখা সংযোজন কৰাৰ অনুমোদন শিক্ষা বিভাগৰ ৷

বিহালী মহাবিদ্যালয়
বিহালী মহাবিদ্যালয়

বিশ্বনাথ. 3 আগষ্ট: ১৯৮৯ চনতে স্থাপিত হৈছিল বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বিহালী মহাবিদ্যালয় ৷ মহাবিদ্যালয় খনত নতুনকৈ সংযোজন কৰা হ'ল বিজ্ঞান শাখা ৷ অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ পত্ৰ নং AHE594/2018/20 dtd. Dispur the 31st july, 2020 ৰ নিৰ্দেশ অনুসৰি, অসমৰ ১৬ খন মহাবিদ্যালয়ত বিজ্ঞান শাখা সংযোজন কৰাৰ অনুমোদন প্ৰদান কৰা হৈছে ৷ উক্ত নিৰ্দেশ অনুসৰি প্ৰতিখন মহাবিদ্যালয়ত ১৫ গৰাকীকৈ সহকাৰী অধ্যাপকৰ লগতে ৫ গৰাকী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদত নিযুক্তি প্ৰদান কৰা হ'ব ৷

বিহালী মহাবিদ্যালয়ত বিজ্ঞান শাখা সংযোজনৰ প্ৰেছ বিজ্ঞপ্তি
বিহালী মহাবিদ্যালয়ত বিজ্ঞান শাখা সংযোজনৰ প্ৰেছ বিজ্ঞপ্তি

উল্লেখিত পত্ৰ অনুযায়ী বিহালী স্নাতক মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, প্ৰাণী বিজ্ঞান, গণিত আৰু উদ্ভিদ বিজ্ঞান বিষয়ৰ প্ৰত্যেকটো বিভাগতে তিনিটাকৈ সহকাৰী অধ্যাপক পদৰ লগতে এটা পৰীক্ষাগাৰ সহায়কৰ পদ আৰু চাৰিটা পৰীক্ষাগাৰ বহনকাৰী পদৰ অনুমোদন জনোৱা হৈছে ৷ চৰকাৰৰ এনে পদক্ষেপক লৈ যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ মহাবিদ্যালয় খনৰ অধ্যক্ষই উল্লেখ কৰা অনুসৰি, বিহালীবাসীৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ লগতে সপোন পূৰণ হ'ল ৷ বিজ্ঞান শাখা নথকাৰ বাবে ভিন্ন সময়ত বহু ছাত্ৰ-ছাত্ৰীয়ে সমস্যাৰ সন্মুখীন হৈ আহিছিল বুলি জানিবলৈ দিয়ে অধ্যক্ষ গৰাকীয়ে ৷ উৎফুল্লিত মহাবিদ্যালয় কৰ্তৃপক্ষই এই পদক্ষেপৰ বাবে চৰকাৰৰ লগতে ধন্যবাদ জ্ঞাপন কৰে স্থানীয় জন প্ৰতিনিধি গৰাকীকো ৷

বিহালী মহাবিদ্যালয়ত বিজ্ঞান শাখা সংযোজনৰ অনুমোদন

লগতে পঢ়ক: নতুন শিক্ষানীতিৰ সন্দৰ্ভত সবিশেষ বিশ্লেষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.