ETV Bharat / state

ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বুৰৈ নৈৰ গৰাখহনীয়াই

author img

By

Published : Jun 1, 2021, 9:04 PM IST

erosion in behali
বিহালীত গৰাখহনীয়া

বিহালীৰ বুৰৈ নৈৰ গৰাখহনীয়াত জাহ গৈছে কৃষকৰ মূল্যৱান কৃষিভূমি ৷ চপৰা-চপৰে নৈৰ গৰা খহাৰ ফলত কৃষিভূমিৰ লগতে গাঁওসমূহ খুব কম দিনৰ ভিতৰতে নৈখনৰ বুকুত জাহ যোৱাৰ আশংকা নৈপৰীয়া ৰাইজৰ ।

বিহালী, 1 জুন : কৰ’ণাৰ ভয়াৱহতাৰ মাজতে গৰাখহনীয়া অন্যতম প্ৰধান সমস্যা হৈ পৰিছে বিহালীৰ বুৰৈ নৈৰ সমীপৰ অঞ্চলবাসীৰ বাবে ৷ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বুৰৈ নৈৰ জলপৃষ্ঠই ৷ কৃষকৰ মূল্যৱান কৃষিভূমি জাহ গৈছে বুৰৈ নৈত ৷

গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে গহপুৰৰ আৰিভঙা, কুৰুৱাবস্তী, কুৰুৱা পথাৰ গাঁৱৰ ৰাইজলৈ । চপৰা-চপৰে গৰা খহাৰ ফলত কৃষিভূমিৰ লগতে গাঁওসমূহ খুব কম দিনৰ ভিতৰতে নৈখনৰ বুকুত জাহ যোৱাৰ আশংকা প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে ।

বিহালীত গৰাখহনীয়া

উল্লেখ্য যে, দেওবাৰে ৰাজ্যিক জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বুৰৈ নৈৰ বিহালীৰ লালপুখুৰী অঞ্চল পৰিদৰ্শন কৰি গৈছিলহে মাথো, তাৰ পাচতেই গহপুৰ হেলেমৰ আৰিভংগা, কুৰুৱাবস্তি আদি অঞ্চলত গৰাখহনীয়াই তীব্ৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে ।

অৱশ্যে গৰাখহনীয়া সন্দৰ্ভত এই পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় লোকসকলে । শীঘ্ৰেই গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা নল’লে কেইবাখনো গাঁও নিশ্চিহ্ন হোৱাতো নিশ্চিত বুলি গাঁওবাসীয়ে সদৰি কৰে । সেয়েহে সময় থাকোতেই চৰকাৰক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে ৷

লগতে পঢ়ক : ধুবুৰীত ৰাজপথৰ ভোকাতুৰ জীৱ-জন্তুৰ কাষত স্বেচ্ছাসেৱী সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.