ETV Bharat / state

বৰগাঙত অবৈধ শিল-বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 3:42 PM IST

Illegal stone sand smuggling in Assam
শিল-বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান

Illegal sand mining in Bargang: বৰগাঙত অবাধে চলি থকা অবৈধ শিল-বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান । বৰগাং আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ মহলত অবৈধ শিল বালি সৰবৰাহ নকৰিবলৈ সকীয়নি বন বিভাগৰ ।

শিল-বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান

বিশ্বনাথ, ১৮ ডিচেম্বৰ:পূব শোণিতপুৰ বন সংমণ্ডলৰ অন্তৰ্গত বৰগাঙত বিগত সময়ছোৱাত অবাধে চলি আছিল অবৈধ শিল- বালিৰ সৰবৰাহ । এই অঞ্চলটোত আছে কেইবাটাও অবৈধ মহল । এই বিষয়ে ৰাইজে সময়ে সময়ে অভিযোগ উত্থাপন কৰি আহিছে । এনে অভিযোগৰ পিচতেই অবৈধ শিল-বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বৰগাং বনাঞ্চলিক কাৰ্যালয় ।

বৰগাং আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ মহলত যাতে কোনোৱে অবৈধ শিল বালি সৰবৰাহ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বৰগাং বনাঞ্চলৰ বনাঞ্চলিক কাৰ্যালয়ে । বিশেষকৈ বৰগাঙৰ অন্তৰ্গত বৈধ শিল বালি মহলৰ পৰা ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে । বন বিভাগে বৰগাং নৈ আৰু বুৰৈৰ নৈৰ অবৈধ শিল বালি মহলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

উল্লেখযোগ্য যে অবৈধ শিল বালি মহলৰ লগতে একাংশ বৈধ শিল-বালি মহলদাৰে নিশা বন বিভাগৰ চকুত ধূলি মাৰি ডাম্পাৰত অবৈধভাৱে শিল বালি নিয়াৰ চেষ্টা কৰিছে যদিও বন বিভাগৰ তৎপৰতাত সেয়া বিফল হৈছে । যাৰ ফলত বন বিভাগে এতিয়া চালান নোহোৱাকৈ একাংশ শিল বালি বেপাৰীয়ে কঢ়িওৱা বহু ট্ৰেক্টৰ,ডাম্পাৰ আদি পথৰ পৰা জব্দ কৰি জৰিমনা বিহিছে ।

আনহাতে, বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বৈধ শিল বালি মহলৰ মহলদাৰে প্ৰতিখন ডাম্পাৰ আৰু ট্ৰেক্টৰত চালান ব্যৱহাৰ কৰিব লাগে যদিও বন বিভাগৰ চকুত ধূলি দি চালান অবিহনে শিল-বালিৰ গাড়ী সৰবৰাহ কৰিবলৈ চেষ্টা কৰি আছে । ইয়াৰ মাজতেই বন বিভাগৰ তৎপৰতাত যোৱা এসপ্তাহত ১০ খনৰো অধিক অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰ,ট্ৰেক্টৰ বৰগাং বন বিভাগে জব্দ কৰা হৈছে ।

লগতে পঢ়ক:যিটো দলৰ বিৰোধিতা কৰিছিল, এতিয়া তালৈ যাব ওলাইছে দীপাংক নাথ : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.