ETV Bharat / state

Road accident at Gohpur: বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত SP আৰু DC

author img

By

Published : Apr 17, 2022, 5:21 PM IST

অভিশপ্ত শনিবাৰ ৷ শনিবাৰৰ মাজনিশা দুৰ্ঘটনাত পতিত হয় এটা বিহুৱা দলৰ বাহন(Road accident at Gohpur) ৷ ফলত থিতাতে নিহত হয় বিহুৱা দলটোৰ 5 গৰাকী সদস্য (Five persons died in a road accident) ৷ আনহাতে, দেওবাৰে বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় জিলা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তগৰাকীয়ে ৷

Biswanath SP and DC reaction on Gohpur road accident
অভিশপ্ত শনিবাৰ

বিহালী, 17 এপ্ৰিল : ব’হাগ বিহুৰ আনন্দ উল্লাহৰ মাজতে দেওবাৰে পুৱতি নিশা বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ টকৌবাৰী ৰঙাজানত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident at Gohpur) ৷ বিহুৰ অনুষ্ঠান কৰি ঘৰলৈ উভতি আহাৰ পথতে দুৰ্ঘটনাত পতিত হয় এটা বিহুৱা দলৰ বাহন ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় বিহুৱা দলটোৰ 5 গৰাকী সদস্য ৷ এই ঘটনাই এতিয়া জোকাৰি গৈছে বিহালীৰ লগতে সমগ্ৰ অসম ৷

অভিশপ্ত শনিবাৰ

এই ভয়াবহ পথ দুৰ্ঘটনাৰ খবৰ ল’বলৈ দেওবাৰে বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত হয় জিলা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্ত ৷ জিলা আৰক্ষী অধীক্ষক নবীন সিঙে এই দুৰ্ঘটনাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এই বিষয়টো অত্যন্ত দুভাগ্যজনক ৷ তীব্ৰ বেগত বাহনখন অহাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো ।

লগতে তেওঁ কয় যে, ইতিমধ্যে জব্দ কৰা হৈছে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰা হৈছে ৷

লগতে পঢ়ক : Road accident in Goalpara : ডেকধোৱাত পথ দুৰ্ঘটনাত নিহত দুজন

আনহাতে, জিলা উপায়ুক্ত গৰাকীয়ে মৃতকৰ আৰু আহত লোকসকলৰ পৰিয়াল বৰ্গৰ খবৰ লোৱা লগতে আহত সকলৰ চিকিৎসা ব্যৱস্থা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ উল্লেখ্য যে, গহপুৰৰ এটি বিহু হুঁচৰি দলে শনিবাৰৰ নিশা অনুষ্ঠান পৰিৱেশন কৰি ঘৰলৈ বুলি টকৌবাৰীৰ পৰা ৰঙাজানলৈ যাত্ৰা কৰিছিল ৷ কিন্তু ৰঙাজানৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে ৰৈ আছিল কাল ৷

দলটোৱে হয়তো এয়া অনুমানেই কৰিব পৰা নাছিল ৷ যাৰ ফলত 20 জনীয়া বিহুৱা দলটোক কঢ়িয়াই অনা AS 25 DC 7418 নম্বৰৰ বলেৰ’ পিকআপ ভানখন দুৰ্ঘটনাত পতিত হয় ৷ মূহুৰ্ততে প্ৰাণ হেৰুৱাই সম্ভাৱনাপূৰ্ণ পাঁচগৰাকীকৈ যুৱক-যুৱতীয়ে (Five persons of a Bihu team died in a road accident) ৷ বিহু দলটোৰ নিহত পাঁচগৰাকী সদস্য হৈছে ক্ৰমে- ৰাধিকা দৈমাৰী, বুদ্ধিমতী বড়ো, বৰ্ণালী বড়ো, সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী ৷

ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ চালকে সেই স্থানৰ পৰা পলায়ন কৰে । এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিয়পিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক : অভিশপ্ত শনিবাৰ : বিহুদলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ 5 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.