ETV Bharat / state

G20 summit in Guwahati: জি ২০ সন্মিলন উপলক্ষে বিশ্বনাথ মহাবিদ্যালয়ত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন

author img

By

Published : Jan 24, 2023, 1:02 PM IST

জি ২০ সন্মিলন উপলক্ষে বিশ্বনাথ মহাবিদ্যালয়ত অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগিতাৰ(Various competitions on occasion G20 summit ) ৷ মাৰাথান দৌৰ, কৰ্মশালা, বিতৰ্ক আৰু কুইজ প্ৰতিযোগিতাত ছাত্ৰ -ছাত্ৰীৰ অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হয় ৷

Various competitions held on the occasion of  G20 Summit at Bishwanath College
বিশ্বনাথ মহাবিদ্যালয়ত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতা

বিশ্বনাথ, 24 জানুৱাৰী: অহা ২ ফেব্ৰুৱাৰীৰ পৰা প্ৰথমবাৰৰ বাবে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব জি ২০ৰ আৰু ৱাই ২০ সন্মিলন (G20 summit 2023) ৷ ইতিমধ্যেই জি ২০ৰ (G20) আৰু ৱাই ২০ (Y20) সন্মিলিৰ বাবে আৰম্ভ হৈছে প্ৰস্তুতি । জি-২০ সন্মিলনৰ উপলক্ষে অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি, বিশ্বনাথ মহাবিদ্যালয়ে এক নোডেল প্ৰতিষ্ঠান হিচাপে দায়িত্ব বহন কৰি আহিছে (Biswanath College) ।

বিশ্বনাথ মহাবিদ্যালয়ে ছাত্ৰীসকলক সুযোগ প্ৰদান কৰাৰ লক্ষ্যৰে মহাবিদ্যালয় চৌহদত দুদিনীয়া কাৰ্যসূচীৰে যুৱ-২০ অনুষ্ঠানৰ বাবে প্ৰতিনিধি বাছনি উপলক্ষে আয়োজন কৰা যুৱ সন্মিলনৰ সোমবাৰে সামৰণি পৰে ।

Various competitions held on the occasion of  G20 Summit at Bishwanath College
বিশ্বনাথ মহাবিদ্যালয়ত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতা

সোমবাৰে দুটা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত মহাবিদ্যালয়খনে আভ্যন্তৰীণ গুণগত মানদণ্ড নিশ্চিতকৰণ কোষ (আইকিউএচি) আৰু বিশ্বনাথ মহাবিদ্যালয় ক্ৰীড়া ক্লাবৰ সহযোগত বিশ্বনাথঘাটৰ পৰা বিশ্বনাথ মহাবিদ্যালয় চৌহদলৈ জিলা পৰ্যায়ৰ মাৰাথন দৌৰৰ আয়োজন কৰে (G20 Summit in Assam) ।

প্ৰতিযোগিতাখনি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ চিন্তামণি শৰ্মাই ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে । ছয়দুৱাৰ মহাবিদ্যালয়ৰ বিশ্বজ্যোতি পাটগিৰিয়ে প্ৰথম স্থান লাভ কৰা অনুষ্ঠানটোত প্ৰায় ৫০গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে আৰু বিশ্বনাথ কমাৰ্চ কলেজৰ পৰা চাদিৰ আহমেদে দ্বিতীয় স্থান তথা বিশ্বনাথ মহাবিদ্যালয়ৰ মুজামিল হকে তৃতীয় স্থান লাভ কৰে ।

Various competitions held on the occasion of  G20 Summit at Bishwanath College
বিশ্বনাথ মহাবিদ্যালয়ত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতা

মাৰাথনৰ পিছতে 'স্বাস্থ্য আৰু কল্যাণৰ বাবে ক্ৰীড়া' বিষয়ৰ ওপৰত এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয় । এই কৰ্মশালা তথা অধিৱেশনখনত তেজপুৰ বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা বিভাগৰ সহকাৰী সঞ্চালক ৰাজকুমাৰ ৰাজু সিঙে মুখ্যবক্তা হিচাপে ভাষণ দিয়ে । তেওঁৰ ভাষণত জনসাধাৰণৰ মানসিক, শাৰীৰিক আৰু সামাজিক সুস্থতা উন্নত কৰাৰ ক্ষেত্ৰত ক্ৰীড়াৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ড৹ নিপম কুমাৰ শইকীয়াই অধিৱেশনত আদৰণি ভাষণ প্ৰদান কৰাৰ উপৰিও বিভিন্ন মহাবিদ্যালয়ৰ ১১ গৰাকী শিক্ষাৰ্থীয়ে নিৰ্দিষ্ট বিষয়ৰ ওপৰত তেওঁলোকৰ গৱেষণা পত্ৰ উপস্থাপন কৰে । বিশ্বনাথ মহাবিদ্যালয়ৰ আইকিউএচিৰ সমন্বয়ক ড৹ নৰেশ ঠাকুৰে এই অধিৱেশনৰ বিশেষ ভূমিকা গ্ৰহণ কৰে ।

Various competitions held on the occasion of  G20 Summit at Bishwanath College
বিশ্বনাথ মহাবিদ্যালয়ত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতা

উল্লেখযোগ্য যে ২১ আৰু ২৩ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ প্ৰথম দিনা প্ৰথম কাৰ্যসূচী আছিল 'যুৱসকলৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ' ৰ ওপৰত কৰ্মশালা । বিশ্বনাথ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ চিন্তামণি শৰ্মাই উদ্বোধন কৰি নাতিদীৰ্ঘ ভাষণত তেওঁ জনসাধাৰণৰ স্বাস্থ্য আৰু কল্যাণৰ ক্ষেত্ৰত যোগৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । কৰ্মশালাখনত সম্পদ ব্যক্তি হিচাপে ৰাজ্যখনৰ এজন প্ৰখ্যাত যোগ শিক্ষক নাৰায়ণ খটিৱাৰাই অংশগ্ৰহণ কৰে ।

Various competitions held on the occasion of  G20 Summit at Bishwanath College
বিশ্বনাথ মহাবিদ্যালয়ত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতা

তেওঁ নিৰ্দিষ্ট বিষয়টোৰ ওপৰত ভাষণ প্ৰদান কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ আগত কেইবাটাও যোগ প্ৰদৰ্শন কৰে । এই যোগ কৰ্মশালাৰ পিছতে এক বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু বিশ্বনাথৰ উপায়ুক্ত মুণিন্দ্ৰ নাথ ঙাটেই এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে । উদ্বোধনী ভাষণত উপায়ুক্ত গৰাকীয়ে জি-২০ সন্মিলনৰ মূলমন্ত্ৰ আৰু ভাৰতৰ বৈদেশিক নীতিত ইয়াৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰে ।

বিতৰ্ক প্ৰতিযোগিতাত প্ৰস্তাৱৰ সপক্ষে আৰু বিপক্ষে ১২গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে আৰু বিতৰ্ক প্ৰতিযোগিতাৰ বিজয়ী হিচাপে ঘোষিত হয় শ্ৰুতি অগষ্টি আৰু নবজ্যোতি দাস । শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ভবেন কলিতাই প্ৰতিযোগিতাত অধ্যক্ষ হিচাপে উপস্থিত থাকে আৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক বলীন ভূঞা আৰু গণিত বিভাগৰ সহকাৰী অধ্যাপক ড৹ পুলক সভাপণ্ডিত প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত আছিল ।

Various competitions held on the occasion of  G20 Summit at Bishwanath College
বিশ্বনাথ মহাবিদ্যালয়ত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতা

দিনটোৰ শেষত 'যুৱ আৰু গণতন্ত্ৰ' বিষয়ত এখনি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল । এই কুইজ প্ৰতিযোগিতাত ১৪ টা দলে অংশগ্ৰহণ কৰিছিল । অৱশ্যে স্ক্ৰীণিংৰ পিছত চূড়ান্ত ৰাউণ্ডৰ বাবে ৭ টা দল বাছনি কৰা হৈছিল । কুইজ প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে প্ৰাঞ্জল ফয়েল আৰু ৰাজীৱ হান্সেই । সেইদৰে দ্বিতীয় সন্মান লাভ কৰে দেবাংশী শৰ্মা আৰু ৰেহেনা বেগমে । আনহাতে তৃতীয় স্থান লাভ কৰে লেখ বাহাদুৰ চেত্ৰী আৰু মুক্ৰং টেৰঙৰ দলে ।

পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰূপম তালুকদাৰ আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা দীপজ্যোতি নাথে কুইজ মাষ্টাৰ হিচাপে অংশগ্ৰহণ কৰে । উল্লেখ্য যে আইকিউএচিৰ সমন্বয়ক ড৹ নৰেশ ঠাকুৰ আৰু ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড৹ দীপাংকৰ শইকীয়াৰ সক্ৰিয় নিৰ্দেশনাত এই অনুষ্ঠানসমূহ আয়োজন কৰা হৈছিল ।

উল্লেখ কৰা সমীচিন হ’ব যে দুয়োদিনাৰ সমগ্ৰ কাৰ্যসূচীত মহাবিদ্যালয়ৰ শিক্ষকসকল, বিশ্বনাথ মহাবিদ্যালয়, বিশ্বনাথ বাণিজ্য মহাবিদ্যালয় আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল, মহাবিদ্যালয়ৰ ছাত্ৰ সন্থা আৰু শিক্ষাৰ্থীসকলৰ অভূতপূৰ্ব অংশগ্ৰহণে অনুষ্ঠানসমূহ সাফল্যমণ্ডিত কৰি তুলিছে ।

লগতে পঢ়ক: Y20 summit 2023: তেজপুৰৰ দৰং মহাবিদ্যালয়ত Y২০ সন্মিলনৰ শিক্ষাৰ্থী বাচনিৰ প্ৰতিযোগিতা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.