Y20 summit 2023: তেজপুৰৰ দৰং মহাবিদ্যালয়ত Y২০ সন্মিলনৰ শিক্ষাৰ্থী বাচনিৰ প্ৰতিযোগিতা আৰম্ভ

author img

By

Published : Jan 23, 2023, 9:32 PM IST

G20 and Y20 summit preparations started at Tezpur Darang College

অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া (Y20) ইয়থ ২০ গোটৰ প্ৰথমখন বৈঠকৰ বাবে সাজু হৈছে তেজপুৰৰ ঐতিহাসিক দৰং মহাবিদ্যালয় । আজি ছাত্ৰ-ছাত্ৰীৰ মাজত ৱাই ২০ ত অন্তৰ্ভুক্ত হ’বলগীয়া বিষয়ৰ ওপৰত এক আলোকপাত কৰা হয় ।

G20 and Y20 summit preparations started at Tezpur Darang College
তেজপুৰ দৰং মহাবিদ্যালয়ত Y২০ সন্মিলনৰ প্ৰস্তুতি আৰম্ভ

তেজপুৰ, ২৩ জানুৱাৰী: অহা ২ ফেব্ৰুৱাৰীৰ পৰা প্ৰথমবাৰৰ বাবে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব জি ২০ৰ আৰু ৱাই ২০ সন্মিলন (G20 summit 2023) ৷ ইতিমধ্যেই জি ২০ৰ (G20) আৰু ৱাই ২০ (Y20) সন্মিলিৰ বাবে আৰম্ভ হৈছে প্ৰস্তুতি । আগন্তুক দিনকেইটাত অসমৰ ৩৪ খন জিলাৰ পঞ্চাশখনৰো অধিক মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ প্ৰায় ১২,০০০ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব এই সন্মিলনত ৷ শিক্ষাৰ্থীয়ে সন্মিলনত পাঁচটা বিষয়ৰ ওপৰত আলোচনাত মিলিত হ’ব আৰু আলোচনাৰ পৰামৰ্শসমূহ ৱাই ২০-ৰ বৈঠকৰ প্ৰতিনিধিবৰ্গৰ সৈতে বিনিময় কৰা হ’ব (Student Selection for Y20) ।

Y-২০ বৈঠকৰ প্ৰাকমূহুৰ্ত এক অংশগ্ৰহণমূলক আৰু সামগ্ৰিক আলোচনাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে ১৯ জানুৱাৰীৰ পৰা প্ৰাৰম্ভিক বৈঠক অনুষ্ঠিত হ’ব (Y20 in Assam) ৷ এই বৈঠকৰ আলোচনাৰ বিষয়বোৰ হৈছে আলোচনা চক্ৰ, কৰ্মশালা, বিতৰ্ক আৰু পেনেল আলোচনা । এই অনুষ্ঠানবোৰত মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ ১২,০০০ ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে (Tezpur Darang College)।

প্ৰতিখন উচ্চ শিক্ষা প্ৰতিষ্ঠানে নিকটৱৰ্তী ১০খন বিদ্যালয়ত জি-২০ গোট আৰু কাৰ্যকলাপৰ বিষয়ে বিদ্যালয়সমূহক অৱগত কৰাৰ বাবে সজাগতা অভিযানৰ আয়োজন কৰিব । ৭ ফেব্ৰুৱাৰী তাৰিখে অসমৰ চাৰিশ নিৰ্বাচিত শিক্ষাৰ্থীয়ে মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব (G20 summit 2023 in Assam) ৷

অহা আগষ্ট মাহত অনুষ্ঠিত হ’ব অন্তিমখন ইয়থ-২০ সন্মিলন ৷ সমগ্ৰ ভাৰতত পাঁচটা ৱাই-২০ বিষয়ৰ ওপৰত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন বৈঠকৰ ভিতৰত এইখনেই হৈছে প্ৰথমখন বৈঠক । অসমত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া অনুষ্ঠানত সমগ্ৰ বিশ্বৰ পৰা ২৫০ত কৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

এই বৈঠকত পাঁচটা বিষয় যেনে, কৰ্মৰ ভৱিষ্যত, জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাস; শান্তি স্থাপন আৰু মীমাংসা; গণতন্ত্ৰ আৰু স্বাস্থ্য, সুস্থতা আৰু ক্ৰীড়াত যুৱ প্ৰজন্ম । Y-২০ হৈছে জি-২০-ৰ অধীনত আঠটা গোটৰ ভিতৰত অন্যতম এটা । ইয়াক জি-২০ কৰ্তৃপক্ষ আৰু স্থানীয় যুৱসমাজৰ মাজত এটা সংযোগ বিন্দু সৃষ্টি কৰাৰ এটা প্ৰয়াস হিচাপে গণ্য কৰা হৈছে ।

২০২৩ চনত ৱাই-২০ ভাৰত সন্মিলনে দেশৰ যুৱ-কেন্দ্ৰিক প্ৰচেষ্টাৰ উদাহৰণ দাঙি ধৰিব আৰু সমগ্ৰ বিশ্বৰ যুৱপ্ৰজন্মক মূল্যবোধ আৰু নীতিগত ব্যৱস্থা প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিব । উল্লেখযোগ্য যে , বিভিন্ন বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ বিজয়ীসহ ৪০০ গৰাকী অংশগ্ৰহণকাৰীয়ে ৭ ফেব্ৰুৱাৰীত আইআইটি-গুৱাহাটীত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷

তেওঁলোকক উদ্ভাৱন আৰু উদ্যোগ-শিক্ষাৰ সংযোগৰ বিষয়ে পৰামৰ্শ দিয়া হ’ব । তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় যুৱ প্ৰতিনিধিসকলৰ সৈতে এক অংশীদাৰী ভৱিষ্যতৰ বাবে চিন্তা-ধাৰণা বিনিময় কৰাৰ সুযোগ লাভ কৰিব ।

লগতে পঢ়ক: G20 summit 2023: গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ পৰ্যালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.