ETV Bharat / state

Students union election in Bihali College: বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

author img

By

Published : Nov 12, 2022, 10:52 PM IST

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বিহালী স্নাতক মহাবিদ্যালয়তো অনুষ্ঠিত হয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন(Students union election in Bihali College) । আছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমৰ্থিত প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল এই নিৰ্বাচনত । কেইবাটাও পদত জয়লাভ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সমৰ্থিত প্ৰাৰ্থীৰ ।

Behali degree college Students Union Election
বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

বিশ্বনাথ,১২ নৱেম্বৰ: ঐতিহ্যমণ্ডিত বিহালী স্নাতক মহাবিদ্যালয়ত শনিবাৰে অনুষ্ঠিত হয় ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভা নিৰ্বাচন(Students union election in Bihali College) । কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় বিহালী স্নাতক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন । মহাবিদ্যালয়খনত ছাত্ৰ একতা সভাৰ ১০ টা পদৰ বাবে অনুষ্ঠিত হৈছিল এই নিবাৰ্চন।

এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল আছু, ছাত্ৰ মুক্তি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমৰ্থিত প্ৰাৰ্থীয়ে । পিছে এইবাৰ নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে বিহালী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত সাধাৰণ সম্পাদকে ধৰি বহু কেইটা পদৰ প্ৰাৰ্থীয়ে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জয় লাভ কৰিবলৈ সক্ষম হয়(SMS wins Bihali Degree College elections) । মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত বিবেক ৰঞ্জন ৰয়, সাধাৰণ সম্পাদকৰ পদত তিয্যকজ্যোতি গোস্বামীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়(Behali Degree College students union election) ।

বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

ইয়াৰ উপৰিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত আন পদত অৰ্থাৎ উপ-সভাপতি হিচাপে গাকুল চুবেৰি, সাংস্কৃতিক সম্পাদক বিশ্বজিৎ দাস, আন্তঃখেল বিভাগৰ সম্পাদকৰ দায়িত্ব নৰেন দাস, ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক হিমাংশু শইকীয়াই জয়লাভ কৰে । ইফালে আন আন পদ কেইটা আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীয়ে বৃহৎ ভোটত জয়লাভ কৰাৰ পাছতে বিহালী স্নাতক মহাবিদ্যালয় চৌহদ, বিহালী আৰক্ষী থানা তিনিআলি, ৰাংছালীতো উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে মহাবিদ্যালয় খনৰ ছাত্র-ছাত্ৰীয়ে । আনহাতে প্ৰতি গৰাকী নিৰ্বাচিত প্ৰাৰ্থীক ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি মুখ্য সাংগঠনিক সম্পাদক অনিল বনীয়াই শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক: Dengue cases rise in Assam: ২৬ খন জিলালৈ সম্প্ৰসাৰিত ডেংগু, মৃত্যু সাত গৰাকী ৰোগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.