ETV Bharat / state

Balasore train accident : ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত আহত হোৱা ৰূপক দাস উপস্থিত হ’ল বিশ্বনাথ চাৰিআলিৰ নিজ গৃহত

author img

By

Published : Jun 8, 2023, 12:58 PM IST

Balasore train accident
মৰলগাঁৱৰ স্ব-গৃহত উপস্থিত হ’ল ৰূপক দাস

অৱশেষত বিশ্বনাথ চাৰিআলিৰ মৰলগাঁৱৰ স্ব-গৃহত উপস্থিত হ’ল ৰূপক দাস ৷ ওড়িশাৰ ট্ৰিপল ৰে’ল দুৰ্ঘটনাত পতিত হৈ আহত হোৱা ৰূপক আহি ঘৰত উপস্থিত হোৱাত আনন্দিত হৈ পৰে তেওঁৰ আত্মীয় তথা পৰিয়ালবৰ্গ (Balasore Train Accident Victim arrived his home in Bishwanath) ৷ সংবাদ মাধ্যমৰ আগত ৰূপকে দিলে ৰে’ল দুৰ্ঘটনাৰ সমগ্ৰ বিৱৰণ (Odisha train accident) ৷

বিশ্বনাথত উপস্থিত হ’ল ৰূপক দাস

বিশ্বনাথ, ৮ জুন : অসম চৰকাৰৰ তৎপৰতাত বুধবাৰে নিশা ওড়িশাৰ পৰা বিশ্বনাথ চাৰিআলিৰ মৰলগাঁৱৰ স্ব-গৃহত উপস্থিত হ’ল ৰূপক দাস (Balasore Train Accident Victim arrived his home in Bishwanath)৷ অসম চৰকাৰৰে ৰূপকক উদ্ধাৰ কৰি অসমলৈ ঘূৰাই অনাৰ বাবে প্ৰেৰণ কৰিছিল দুগৰাকীকৈ বিষয়া ৷ লগতে ৰূপকক অসমলৈ ঘূৰাই অনাৰ বাবে স্থানীয় বিধায়ক, গাঁওবুঢ়া সকলোৱে তেওঁৰ পৰিয়ালকক সহায় কৰিছিল ৷

ইফালে সুস্থ শৰীৰে ৰূপক স্বগৃহত উপস্থিত হোৱাত আনন্দিত হৈ পৰে তেওঁৰ পৰিয়াল তথা আত্মীয় ৷ বুধবাৰে নিশাই ৰূপকক চাবলৈ অগণন লোকে তেওঁৰ বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হয় ৷ আনহাতে, ৰূপকক সুস্থ শৰীৰে প্ৰত্যক্ষ কৰি আৱেগিক হৈ পৰে ৰূপকৰ পিতৃ যোগেন দাস আৰু মাতৃ সোনমাই দাস (Odisha train accident) ৷

কেনেদৰে ওড়িশাত ৰে’ল দুৰ্ঘটনাতো সংঘটিত হ’ল সংবাদ মাধ্যমৰ আগত বিৱৰণ দিলে ৰূপকে ৷ তেওঁ উল্লেখ কৰা অনুসৰি, দুয়োখন যাত্ৰীবাহি ৰে’ল দুৰ্ঘটনাত পতিত হোৱাৰ পাচতে ৰূপক আৰু আন দুজন লোকে খিৰিকীৰে জঁপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছিল ৷ ৰূপক আৰু আন দুজন লোকে খিৰিকীৰে জঁপিওৱাৰ কিছু মূহুৰ্তৰ পাচতে ৰূপকে থকা ডবাটোত মালবাহী ৰে’লখনে খুন্দা মাৰে ৷ যাৰ ফলত ওড়িশাৰ ট্ৰিপল ৰে’ল দুৰ্ঘটনাটো সংঘটিত হৈ বহু লোকে আকোঁৱালি ল’ব লগাত পৰিল ৷

ৰূপকে সাংবাদিকৰ আগত উল্লেখ কৰা অনুসৰি, মালবাহী ৰে’লখনে যাত্ৰীবাহী ৰে’লখনক খুন্দিওৱাৰ ফলতে ৰূপকে থকা ডবাটোৰ কোনো লোক জীৱিত অৱস্থাত নাথাকিল ৷ সেই ডবাটোত থকা ডেৰশজন মানুহৰ ভিতৰত ৰূপকসহ মাত্ৰ দুজন লোকহে জীৱিত অৱস্থাত থাকিল (Assam youth injured in Odisha accident) ৷

লগতে তেওঁ কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশতহে উন্নত চিকিৎসা লাভ কৰিছিল ৰূপকে ৷ পিচত অসম চৰকাৰৰ তৎপৰতাত ৰূপকক বিমানযোগে গুৱাহাটীলৈ আনি গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷ তাৰ পাচত কিছু সুস্থ হোৱাত বুধবাৰে GMCH ৰ পৰা ঘৰলৈ আহিবলৈ দিয়া হয় ৰূপক দাসক (Odisha Train Crash Survivor from Assam Discharged from GMCH)৷

লগতে পঢ়ক : Balasore train accident: উৰিষ্যা বালাচোৰৰ ৰে’ল দুৰ্ঘটনাত আহত ৰূপক দাসৰ ঘৰত কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.