ETV Bharat / state

Balasore train accident: উৰিষ্যা বালাচোৰৰ ৰে’ল দুৰ্ঘটনাত আহত ৰূপক দাসৰ ঘৰত কেশৱ মহন্ত

author img

By

Published : Jun 5, 2023, 11:46 AM IST

train accident
বিশ্বনাথ চাৰিআলিৰ ৰূপক দাস

উৰিষ্যা বালাচোৰৰ ৰে’ল দুৰ্ঘটনাত আহত হৈ হাস্পতালত ভৰ্তি হৈ আছে বিশ্বনাথ চাৰিআলিৰ ৰূপক দাস (Odhisa Balasore train accident) । ৰূপক দাসৰ বাসগৃহত উপস্থিত হৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷

কেশৱ মহন্ত

বিশ্বনাথ, ৫ জুন : দশকটোৰ এটা অন্যতম ভয়াৱহ দুৰ্ঘটনা-উৰিষ্যাৰ ৰে‘ল দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাক লৈ সমগ্ৰ দেশতে বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশে । এই দুৰ্ঘটনাত বৰ্তমানলৈকে ২৭৫ জন যাত্ৰীৰ মৃত্যু ঘটাৰ লগতে ১১৭৫ জনৰো অধিক যাত্ৰী আঘাতপ্ৰাপ্ত হয় (Odhisa Balasore train accident) ।

বালাচোৰৰ এই ৰে’ল দুৰ্ঘটনাত বিশ্বনাথ চাৰিআলি এজন যুৱক গুৰুতৰভাৱে আহত হৈছিল । দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচত হাতত থকা সকলো বস্ত্ৰ তথা ডকুমেণ্ট হেৰুৱাই পেলাইছিল ৰূপক দাসে ৷ হাতত থকা একমাত্ৰ ম’বাইলৰ ফেচবুক লাইভত আহি এই সকলো কথা বিৱৰি অসম চৰকাৰৰ পৰা সহায় বিচাৰিছিল যুৱকজনে ৷

এই বিষয়ে অৱগত হোৱাৰ পিচতেই দেওবাৰে সন্ধিয়া হঠাৎ বিশ্বনাথ চাৰিআলিৰ মৰল গাঁৱৰ ৰূপক দাসৰ ঘৰত উপস্থিত হয় অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । ৰূপক দাসৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে ৰেল দুৰ্ঘটনাত আহত ৰূপক দাসৰ সকলো স্বাস্থ্যসেৱা তথা অহা-যোৱা, থকা-খোৱা চৰকাৰে বহন কৰিব বুলি উল্লেখ কৰে । তেওঁ লগতে পৰিয়ালটোক ৰূপক দাসৰ বাবে কোনো চিন্তা কৰিব নালাগে বুলি উল্লেখ কৰি তেওঁৰ মাতৃক সকাহ দিয়ে মন্ত্ৰীজনে । পৰিয়ালৰ সন্মুখতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰূপক দাসৰ সৈতে ফোনত বাৰ্তালাপো কৰে(Odisha Train Accident) ৷

উল্লেখ্য যে, ওড়িশাৰ বালাচোৰৰ ৰে’ল দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকা অসমৰ ৰূপক দাসক সহায়ৰ বাবে দেওবাৰে গুৱাহাটীৰ পৰা ৰাওনা হৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এই দুগৰাকী জ্যেষ্ঠ বিষয়া (Assam health official leaves for Odisha)। ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা অসম অসামৰিক সেৱাৰ বিষয়া ৰণবীৰ বৰা আৰু যুটীয়া চিকিৎসা শিক্ষা সঞ্চালক ডাঃ ছৈয়দ তনৱীৰ আলম দেওবাৰে দুপৰীয়া গুৱাহাটীৰ পৰা বিমান যোগে ভুৱনেশ্বৰলৈ ৰাওনা হয় বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে (Assam youth injured in Odisha accident) ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমৰ্মে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশত বিষয়া দুজনে বালাচোৰৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন ৰূপক দাসক লগ কৰিবলৈ গৈছে ।

লগতে পঢ়ক : Odisha Train Accident: নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰে'ল মন্ত্ৰীয়ে পদত্যাগ কৰক; ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.