ETV Bharat / state

বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে স্থাপন কৰিলে বিদ্যুৎ পৰিবাহী তাঁৰৰ বেৰা

author img

By

Published : Jul 9, 2021, 10:43 PM IST

Attempts to prevent elephant attack with electric wire fence
বিদ্যুত পৰিবাহি তাঁৰৰ বেৰাৰে হাতী উপদ্ৰৱ ৰোধৰ চেষ্টা

বিপদজনক, কিন্তু উপায়হীন ৷ শুই থকা বন বিভাগটোৱে কি ব্যৱস্থা গ্ৰহণ কৰিব ? সেয়ে বিদ্যুৎ পৰিবাহী তাঁৰৰ বেৰা স্থাপন কৰি বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ চেষ্টা বিশ্বনাথবাসীৰ ৷

বিশ্বনাথ, 9 জুলাই : হাতী-মানুহৰ সংঘাত নতুন নহয়, এই সংঘাত চিৰ পৰিচিত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোনো হিচাপ নোহোৱাকৈ চলা বন ধ্বংস যজ্ঞৰ ফলত ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত ৷ খাদ্য আৰু আশ্ৰয় সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে প্ৰায়ে প্ৰায়ে কৃষি প্ৰধান অঞ্চল সমূহত উপদ্ৰৱ চলায় ৷

এই উপদ্ৰৱ ৰোধ কৰিবলৈ গৈ প্ৰায় হাতীৰ সৈতে সংঘাতত লিপ্ত হ'বলগীয়া হয় সৰ্বসাধাৰণ লোক ৷ অসহায় বনাঞ্চলৰ কাষৰীয়া অঞ্চলৰ লোক সকল ৷ বন্যহস্তীয়ে প্ৰায়ে জনাঞ্চলত চলোৱা উপদ্ৰৱৰ বাবে আতংকত জীৱনৰ কাল অতিবাহিত কৰিছে এই লোকসকলে ৷ উপদ্ৰৱ ৰোধ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব ? উপায়হীন তেওঁলোক ৷

ৰাজ্যৰ বিয়াগোম বন বিভাগটোৱেও এই ক্ষেত্ৰত গভীৰ নিদ্ৰাৰ ভাও জোৰাৰ অভিযোগ উত্থাপন হয় ৷ জনাঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিব নোৱাৰি যেন হাতীৰ তাণ্ডৱলীলা দেখিও নেদেখা ভাও জুৰি একেবাৰে একো নজনা দৰে থাকে বিয়াগোম বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকল ৷

যাৰ ফলশ্ৰুতিত বিশ্বনাথৰ একাংশ লোকে বন্যহস্তী উপদ্ৰৱ ৰোধ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে তাক জানিলে আপোনৰ চকু কপালত উঠিব ৷ আপুনি আচৰিত হ'লেও উপায় নাই ৷ গভীৰ নিদ্ৰাত বন বিভাগ, যাৰ বাবে বন্যহস্তী উপদ্ৰৱ ৰোধৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বিশ্বনাথৰ বনাঞ্চল কাষৰীয়া কৃষি প্ৰধান একাংশ লোকে ৷

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমা হেলেমৰ নৈ পৰীয়া ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱত উজাগৰে নিশা কটাবলগীয়া হয় ৷ অলপতে বনাঞ্চলৰ পৰা 15-20 জনীয়া এটা হাতীৰ জাক ওলাই আহিছিল জনাঞ্চললে ৷ ইয়াৰ পাচতে হাতীৰ জাকটোৱে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ কুৰুৱাবস্তি, কুৰুৱা পথাৰ, শান্তিপুৰ, ডিপৰাকে আদি কৰি কেইবাঠাইত উপদ্ৰৱ চলাই খেতিয়কৰ পথাৰৰ কঠিয়া নষ্ট কৰি থৈ যায় ৷

বিদ্যুত পৰিবাহি তাঁৰৰ বেৰাৰে হাতী উপদ্ৰৱ ৰোধৰ চেষ্টা

যাৰ পৰিপেক্ষিতত উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবৰ বাবে বিদ্যুৎ পৰিবাহী তাঁৰে খেতি পথাৰৰ বেৰা দিবলৈ কাৰ্যপন্থা হাতত লৈছে ৷ বিপদজনক, কিন্তু বন্যহস্তী উপদ্ৰৱ ৰোধৰ বাবে এই বেৰা দিবলৈ বাধ্য হৈছে অঞ্চল কেইটাৰ ৰাইজে ৷ বিদ্যুৎ পৰিবাহী তাঁৰে খেতি পথাৰৰ বেৰা দিয়াৰ বাহিৰহে বন্যহস্তী উপদ্ৰৱ ৰোধ কৰিবলৈ অন্য কোনো উপায় নাই অঞ্চলটোৰ ৰাইজৰ ৷

অঞ্চলটোৰ ৰাইজে সাংবাদিকক জানিবলৈ দিয়া মতে বন্যহস্তীৰ উপদ্ৰৱৰ কথা স্থানীয় ৰাইজে বহুবাৰ বন বিভাগক অৱগত কৰিছিল ৷ তদুপৰি জিলাৰ প্ৰশাসনীয় বিষয়াৰ লগতে জনপ্ৰতিনিধিকো অৱগত কৰিছিল স্থানীয় লোকে ৷ কিন্তু আজিকোপতি স্থানীয় লোকে বন্যহস্তী উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত কোনো সুফল নাপালে ৷ গতিকে, বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে বন বিভাগক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰবাৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: লোকসেৱা কেলেংকাৰী : তদন্ত আয়োগৰ কাষ চাপিল পাঁচ APS-ACS বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.