ETV Bharat / state

Protest in Gohpur: মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ প্ৰতিবাদত উত্তাল গহপুৰ

author img

By

Published : Mar 15, 2023, 1:27 PM IST

Protest in Gohpur
প্ৰশ্নকাকত ফাদিল প্ৰসংগত প্ৰতিবাদত উত্তাল গহপুৰ

প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গহপুৰতো মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP Protest Against SEBA in Gohpur)। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা দাহ কৰি বিভিন্ন শ্ন'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে ৷

বিশ্বনাথ 14 মাৰ্চ: মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ ক্ষোভৰ জুই জ্বলি আছে সমগ্ৰ ৰাজ্যত ৷ এই ঘটনাৰ পিছতেই সমগ্ৰ ৰাজ্য প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ ছেবা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু তথা চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে প্ৰতিবাদ (Protest against SEBA) ৷ বিভিন্ন দল সংগঠন, ছাত্ৰ-ছাত্ৰীৰ ধাৰাবাহিক প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো অঞ্চল ৷

প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গহপুৰতো মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP Protest Against SEBA in Gohpur)। অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰতিবাদত উত্তাল হৈ পৰে গহপুৰৰ ঘাহিগাঁৱৰ ৰাজপথ (AJYCP protest in Gohpur) ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা দাহ কৰি বিভিন্ন শ্ন'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে ৷ এই প্ৰতিবাদস্থলীত উপস্থিত থাকে সংগঠনটোৰ বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক ধ্ৰুৱ বৰা।

আনহাতে গহপুৰ নগৰৰ মাজ মজিয়াতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা দাহ কৰি শীঘ্ৰেই শিক্ষামন্ত্ৰী গৰাকীৰ পদত্যাগ আৰু লগতে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক অপসাৰণ কৰাৰ বাবে চৰকাৰক সজোৰে দাবী উত্থাপন কৰে (Protest in Gohpur) ৷

উল্লেখযোগ্য যে, 13 মাৰ্চ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত 12 তাৰিখেই ফাদিল হোৱাৰ বাবে মাজনিশাই ছেবাই বাতিল কৰিছিল বিজ্ঞানৰ পৰীক্ষা (SEBA question paper leak case)। ইয়াৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হোৱাৰ লগতে পুৱাৰে পৰা প্ৰতিবাদত উত্তাল হৈ পৰিছিল সমগ্ৰ ৰাজ্য ৷

আনহাতে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগত উত্তাল হৈ পৰিছে বিধানসভা চৌহদ ৷ চলিত বাজেট অধিৱেশনত এই ঘটনাক লৈ প্ৰতিবাদ অব্যাহত ৰাখিছে বিৰোধীয়ে ৷

লগতে পঢ়ক : HSLC Paper Leak : প্ৰসংগ প্ৰশ্নকাকত ফাদিল, বিধানসভা চৌহদত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.