HSLC Paper Leak : প্ৰসংগ প্ৰশ্নকাকত ফাদিল, বিধানসভা চৌহদত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Mar 15, 2023, 12:14 PM IST

Updated : Mar 15, 2023, 1:17 PM IST

SEBA

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগত এইবাৰ উত্তাল বিধানসভা চৌহদ । অসম বিধানসভাৰ বাজেট অধিবেশনৰ চতুৰ্থদিনা বুধবাৰে কংগ্ৰেছে বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত এই প্ৰতিবাদ (congress protest at Assam assembly premises) ।

বিধানসভা চৌহদত কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, ১৫ মাৰ্চ : বিধানসভাৰ বাজেট অধিবেশনৰ বুধবাৰে চতুৰ্থদিনা কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰে বিধানসভা চৌহদ (congress protest at Assam assembly premises) । মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগক লৈ কংগ্ৰেছে বিধানসভা চৌহদত অসম চৰকাৰ হায় হায়, শিক্ষা মন্ত্রীয়ে পদত্যাগ কৰক আদি শ্লোগানেৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে (congress protest against HSLC paper leak) । প্ৰতিবাদেৰে উত্তাল কৰি তোলে বিধানসভা চৌহদ । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ বিধায়কসকলে হাতে হাতে প্লে'-কাৰ্ড লৈ প্ৰশ্নকাকত ফাদিলৰ উচিত তদন্ত দাবী কৰে (congress protest against SEBA) ।

প্ৰতিবাদ সাব্যস্ত কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "ঘটনাৰ তদন্ত চি আই ডিয়ে ভালদৰে কৰক । আমি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ যোগেদি তদন্ত কৰাৰ দাবী জনাইছিলোঁ ।" আনহাতে, এই ঘটনাত জড়িতসকলক শাস্তি দিয়াৰ দাবী জনাই তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱাৰ ক্ষেত্রত চৰক‍াৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া বিধানসভাত স্পষ্টভাৱে জনাব লাগে (SEBA HSLC question paper leak) । বহু শিক্ষাৰ্থীয়ে ভয় খাই আছে যে প্ৰশ্নকাকত ক্ৰয় কৰি বহুতে শীৰ্ষস্থান দখল কৰিবলৈ গৈ আছে ।

উল্লেখ্য যে ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হৈ যোৱা গণিত বিষয়ৰো প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে । যাক লৈ কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইয়াৰ উচিত তদন্ত দাবী কৰিছে । আনহাতে, বিধায়ক ৰকিবুল হুছেইনে কয় যে গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো গাপ দিয়া হৈছে । এই বিষয়তো তদন্ত হ'ব লাগে বুলি তেওঁ উল্লেখ কৰে । লগতে ছেবাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্রতো তেওঁ তদন্তৰ দাবী কৰে ।

উল্লেখ্য যে সোমবাৰে অনুষ্ঠিত হ'বলগীয়া উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টোক লৈ বৰ্তমান উত্তপ্ত হৈ আছে সমগ্ৰ ৰাজ্য । ছেবাৰ অধ্যক্ষ, পৰীক্ষা নিয়ন্ত্ৰক তথা শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ দাবীত বিভিন্ন দল-সংগঠনে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । অৱশ্যে ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেৱল ঘটনাটোৰ চি আই ডি তদন্তৰ কথা ঘোষণা কৰাৰ বাহিৰে বিশেষ একো মন্তব্য কৰাৰ পৰা বিৰত আছে ।

লগতে পঢ়ক :HSLC exam paper leak: শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিতেই গণিতৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ

Last Updated :Mar 15, 2023, 1:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.