HSLC exam paper leak: শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিতেই গণিতৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ

author img

By

Published : Mar 15, 2023, 8:41 AM IST

xyz

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ কাকত ফাদিল হোৱা আৰু ইয়াৰ পাছতে পৰীক্ষা বাতিলক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ এনে সময়তে ধেমাজি জিলাৰ মাছখোৱাত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ আন এক অনিয়ম পোহৰলৈ আহিছে (HSLC exam paper leak) ৷ ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিতেই গণিতৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

ধেমাজি, 15 মাৰ্চ: প্ৰশ্নকাকত ফাদিলেৰে ছেবাই অনুষ্ঠিত কৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটাৰ পিছত আনটো অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে (HSLC exam paper leak) ৷ সোমবাৰৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতে ছেবাই বাতিল কৰিছিল পৰীক্ষা ৷ ঘটনা সন্দৰ্ভত ছেবা কৰ্তৃপক্ষই আৰক্ষীক গোচৰ ৰুজু কৰাৰ পাছতে তদন্তকাৰী সংস্থা চি আই ডিয়ে এই গোচৰৰ তদন্তৰ দ্বায়িত্ব লৈ অতি তৎপৰতাৰে আৰম্ভ কৰিছে তদন্ত ৷ এই তদন্ত অব্যাহত থকাৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান পৰীক্ষাৰ পূৰ্বেই ধেমাজিত গণিতৰ প্ৰশ্ন কাকত ফাদিলৰো এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Mathematics question papers also allegedly leaked) ৷

অভিযোগ অনুসৰি, ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ গৃহজিলা ধেমাজিত মেট্ৰিক পৰীক্ষাৰ দ্বিতীয় দিনা অনুষ্ঠিত সাধাৰণ গণিতৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই লাভ কৰিছিল এজন ছাত্ৰই ৷ শেহতীয়াকৈ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই এই পৰীক্ষা বাতিল কৰাৰ পিছতেই এই গুৰুতৰ অভিযোগটো পোহৰলৈ আহিছে ৷

জানিব পৰা মতে, মেট্ৰিকৰ সাধাৰণ গণিতৰ পৰীক্ষাৰ দিনা নকল কৰি নিৰীক্ষকৰ হাতত ধৰা পৰি পৰীক্ষাৰ পৰা বহিষ্কৃত হৈছিল এজন পৰীক্ষাৰ্থী ৷ পৰীক্ষাত নকল কৰি ধৰা পৰা ছাত্ৰজনে নিৰীক্ষকৰ আগত সেইদিনাই প্ৰকাশ কৰিছিল বহুকেইটা বিস্ফোৰক তথ্য ৷ ছাত্ৰজনৰ ভাষ্য অনুসৰি, পৰীক্ষাৰ তিনিদিনৰ পূৰ্বেই হোৱাটছআপ যোগে ন পমোৱা খলিহামাৰী হাইস্কুলৰ ছাত্ৰজনে 'পেৰেন্ট’ নামৰ এটা হোৱাটছ আপ গ্ৰুপৰ জড়িয়তে লাভ কৰিছিল গণিতৰ প্ৰশ্নকাকতখন ৷

পৰীক্ষা গৃহত নকল মাৰি থকা অৱস্থাত নিৰীক্ষকৰ হাতত ধৰা পৰি পৰীক্ষাৰ পৰা বহিষ্কাৰ হোৱা ছাত্ৰজনে পৰীক্ষাৰ প্ৰশ্নকাকত হোৱাটছআপ গ্ৰুপযোগে লাভ কৰাৰ সমস্ত বিৱৰণ পৰীক্ষা কেন্দ্ৰটোৰ প্ৰধান শিক্ষক তথা কৰ্তৃপক্ষৰ আগতো প্ৰকাশ কৰিছিল ৷ এই সন্দৰ্ভত বহিষ্কৃত ছাত্ৰজনে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যত সেইদিনাৰ সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰে ৷ বিদ্যালয় কৰ্তৃপক্ষইও সমগ্ৰ ঘটনাটো জিলা শিক্ষা বিষয়াক জনোৱাত সেইদিনাই শিক্ষা বিষয়াগৰাকীয়ে ছেবা কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও বিষয়টো ৰহস্যজনকভাৱে ছেবাই গাপ দিয়াৰ অভিযোগ উঠিছে ৷

মন কৰিবলগীয়া যে, যোৰকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে সাধাৰণ গণিতৰ পৰীক্ষাৰ দিনা নকল কৰাৰ কাৰণে ছাত্ৰজনক পৰীক্ষাৰ পৰা বহিষ্কাৰৰ কথা উল্লেখ কৰিছে যদিও প্ৰশ্নকাকতখন ভাইৰেল হোৱাৰ সম্পৰ্কত মন্তব্য দিয়াৰ পৰা বিৰত থকা পৰিলক্ষিত হয় ৷

সংবাদ মাধ্যমৰ জড়িয়তে সাধাৰণ গণিতৰ প্ৰশ্নকাকত ফাদিলৰ সম্পৰ্কত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই যোৰকটা পৰীক্ষা কেন্দ্ৰৰ পৰিদৰ্শকক ইতিমধ্যে ধেমাজি আৰক্ষীয়ে গোগামুখ থানালৈ তলব কৰা বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে পোহৰলৈ আহিব ধেমাজিত সংঘটিত মেট্ৰিকৰ পৰীক্ষাত অংকৰ প্ৰশ্নকাকত ফাদিলৰ এই ভয়ংকৰ কাণ্ডৰ প্ৰকৃত তথ্য ৷

ইফালে শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি, সাধাৰণ বিজ্ঞানৰ কাকত ফাদিলৰ ঘটনাৰ লগত জড়িত দুজন ছাত্ৰক সোধ পোছৰ বাবে মঙলবাৰে গোগামুখ আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Protest in Nalbari : মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলকাণ্ডক লৈ প্ৰতিবাদত উত্তাল নলবাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.