ETV Bharat / state

Dhula Minor Girl Murder: আৰক্ষীয়ে তদন্তত এতিয়াও ভুল প্ৰতিবেদন দিয়ে:শিকদাৰ

author img

By

Published : Nov 12, 2022, 9:02 PM IST

ধূলাৰ নাৰকীয় ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাক লৈ ৰাজ্য়জুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্য়াহত আছে (Sensational Dhula murder Case)। চি আই ডিৰ তদন্তই এই জঘন্য ঘটনাৰ প্ৰকৃত স্বৰূপটো উদঙাই দিয়াৰ পাছতেই বিভিন্ন দল-সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইয়াৰ মাজতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে ইয়াত কোনো ৰাজনৈতিক শক্তি জড়িত থাকিব পাৰে ।

Dhula Minor Girl Murde
আৰক্ষীয়ে তদন্তত এতিয়াও ভুল প্ৰতিবেদন দিয়ে:শিকদাৰ

বৰপেটা, ১২ নৱেম্বৰ: মঙলদৈৰ ধূলাৰ নাৰকীয় ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য (Dhula Minor Girl Murder Case)। ধনৰ লেনদেন কৰি ধৰ্ষণ আৰু হত্যাৰ ঘটনাটো গাপ দিব বিচৰা দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন, ধূলা থানাৰ অ'চি উৎপল বৰা, কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা আৰু তিনিগৰাকী চিকিৎসকক ইতিমধ্য়ে গ্ৰেপ্তাৰ কৰা হৈছে ।

চি আই ডিৰ তদন্তই এই জঘন্য ঘটনাৰ প্ৰকৃত স্বৰূপটো উদঙাই দিয়াৰ পাছতেই ৰাজ্য়জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (CID investigation in Dhula murder case)। ইয়াৰ মাজতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে (MLA Zakir Hussain Sikder react on Dhula murder)।

ধূলা কাণ্ডক লৈ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয়, "ৰাজ্যত যে এতিয়াও দূৰ্নীতি-অনিয়ম সংঘটিত হৈ আহিছে এই জঘন্য় কাণ্ডই তাকেই পুনৰবাৰ নিশ্চিত কৰিলে ৷ এতিয়াও কোনো কোনোৱে আইনক অপব্যৱহাৰ কৰি আছে ৷ খাকী পোচাকৰ আঁৰত বেয়া মনোভাৱ লৈ সমাজখনক দ্বিখণ্ডিত কৰিব বিচাৰিছে ৷ "

আৰক্ষীয়ে তদন্তত এতিয়াও ভুল প্ৰতিবেদন দিয়ে:শিকদাৰ

বিধায়কগৰাকায়ে পুনৰ কয় যে আৰক্ষীয়ে তদন্তত এতিয়াও ভুল প্ৰতিবেদন দিয়ে ৷ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই দিয়া তদন্তৰ নিৰ্দেশক আদৰণি জনাই যদিও বিধায়ক শিকদাৰে এই ঘটনাৰ সৈতে আৰু কোনোবা বৰমূৰীয়া জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে (CM Dr Himsanta Biswa Sarma) ৷ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ পৰা মুখ্য সচিবৰ কাৰ্যালয়লৈ কোনো লোক জড়িত হৈ আছে বুলিও তেওঁ মন্তব্য় কৰে (Office of Director General of Police) ৷

আনহাতে, ৰাজনৈতিক শক্তি জড়িত থকাৰ সন্দৰ্ভত বিধায়ক শিকদাৰে কয় যে বিশেষকৈ বিজেপি, অগপ বা ইউপিপিএলৰ কোনো নেতা সাঙোৰ খাই থাকিব পাৰে ৷ তেওঁ কয় যে কোনো ডাঙৰ নেতা বা বিষয়া এই ঘটনাৰ সৈতে জড়িত নাথাকিলে তলৰ বিষয়াই ইমান সাহস কৰিব নোৱাৰে ৷ বিধায়ক শিকদাৰে কয় যে মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশ মতে তদন্ত আগবাঢ়ক ।

এই তদন্তৰ ক্ষেত্ৰত কোনো ৰৌ-বৰালিক ৰেহাই নিদিবলৈ বিধায়ক শিকদাৰে দাবী জনায় । যিসকল উচ্চ পদস্থ বিষয়া আছে তেওঁলোককো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাই কয়, "তদন্ত সম্পূৰ্ণ আৰু নিকা হ'লে আমি ৰাজীৱ ভৱনত সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাম ৷" অবশ্যে আৰক্ষীৰ তদন্তৰ ব্যৱস্থাত যাতে একো সুৰুঙা থাকি নাযায় সেইবিষয়ত নজৰ দিবলৈ তেওঁ মুখ্যমন্ত্ৰীক আহ্বান জনায় ।

লগতে পঢ়ক:Road Accident in Karimganj: বাইক আৰোহীৰ খুন্দাত আহত আৰক্ষী, জংঘলৰ মাজত ছিটিকিল AK47

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.