ETV Bharat / state

নিবনুৱা সমস্যাক লৈ চিন্তিত যুৱ কংগ্ৰেছ

author img

By

Published : Sep 9, 2020, 7:59 PM IST

বৰপেটা সমষ্টিৰ অন্তৰ্গত যুৱ কংগ্ৰেছে বুধবাৰে হাউলীৰ ত্ৰিকন্যা প্ৰেক্ষাগৃহত সম্বোধন কৰে এক সংবাদমেল ৷ উক্ত সংবাদমেলত উপস্থিত থাকে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদ ৷

youth congress pressmeet barpeta assam etv bharat news
যুৱ কংগ্ৰেছৰ সংবাদমেল

বৰপেটা,9 ছেপ্তেম্বৰ: বৰপেটা জিলাৰ যুৱ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এক সংবাদমেলত কেন্দ্ৰ আৰু ৰাজ্যত শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰা হয় ৷ দেশত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা নিবনুৱা সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো বিষয়টোত চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰা বুলি অভিযোগ উত্থাপন কৰে যুৱ কংগ্ৰেছে । অপৰিকল্পিত লক ডাউনৰ ফলত দেশত প্ৰায় 70% ক্ষুদ্ৰ ব্যৱসায়,উদ্যোগ আদি বন্ধ হৈ পৰাত সহস্ৰাধিক শ্ৰমিক কৰ্মবিমুখ হৈ পৰা পৰিলক্ষিত হৈছে বুলি সংবাদমেলখনত সদৰী কৰে ।

যুৱ কংগ্ৰেছৰ সংবাদমেল

তদুপৰি আহমেদে লক ডাউনৰ ফলত ভাৰতৰ প্ৰায় 2 কোটি লোকে সংস্থাপন হেৰাইছে বুলি উল্লেখ কৰি কয় যে,ভাৰতবৰ্ষত বৰ্তমান নিবনুৱাৰ হাৰ প্ৰায় 23.34% লৈ বৃদ্ধি পাইছে ৷ তথাপিও এইক্ষেত্ৰত কোনো গুৰুত্ব নাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ৷ ভাৰতবৰ্ষত বিগত 45 বছৰৰ ভিতৰতে সৰ্বাধিক নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে। সেয়ে সংবাদমেলখনৰ জৰিয়তে সকলো স্তৰৰ নিবনুৱাক সংস্থাপন দিয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে যুৱ কংগ্ৰেছীসকলে । উক্ত সংবাদমেলত বৰপেটা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি নুৰ ইনচানসহ অন্যান্য কৰ্মীসকল উপস্থিত থাকে ৷

লগতে চাওকঃ কোকৰাঝাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ মহিলাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.