অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত তলাবন্ধ কৰি দিয়াটো লজ্জাজনক : যেছে দৰজে ঠংছি

author img

By

Published : Sep 27, 2022, 6:48 PM IST

Barpeta

পাটবাউসী সত্ৰ দৰ্শন অৰুণাচলৰ বিশিষ্ট অসমীয়া সাহিত্যিক য়েছে দৰজে ঠংচিৰ (Yeshe Dorjee Thongchi visit Patbausi Satra) । শ্ৰীমন্ত শংকৰ গুৰুজনাই উজনি ত্যাগ কৰি বৰপেটালৈ আহি পাটবাউসীত সত্ৰ পাতি ১৮ বছৰ ৬ মাহ কাল বাস কৰা পাটবাউসী সত্ৰত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি উপস্থিত হৈ সত্ৰখনত সেৱা জনায় ৷

বৰপেটা, ২৭ ছেপ্টেম্বৰ : শ্ৰীমন্ত শংকৰদেৱ স্থাপিত বৰপেটাৰ পাটবাউসী সত্ৰ দৰ্শন অৰুণাচলৰ বিশিষ্ট অসমীয়া সাহিত্যিক য়েছে দৰজে ঠংচিৰ (Yeshe Dorjee Thongchi visit Patbausi Satra) । শ্ৰীমন্ত শংকৰ গুৰুজনাই উজনি ত্যাগ কৰি বৰপেটালৈ আহি পাটবাউসীত সত্ৰ পাতি ১৮ বছৰ ৬ মাহ কাল বাস কৰা পাটবাউসী সত্ৰত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি উপস্থিত হৈ সত্ৰখনত সেৱা জনায় ৷

উল্লেখ্য যে, অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হিচাপে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ নাম চৰ্চালৈ অহাৰ পিচতে সাহিত্যিকগৰাকীয়ে বৰপেটালৈ আহি গুৰুজনাৰ ওচৰত সেৱা জনায় (Assam Sahitya Sabha) ৷

আনহাতে, অসম সাহিত্য সভাৰ কৰ্মচাৰীয়ে দৰমহাৰ পৰা বঞ্চিত হৈ থকা আৰু তাৰ ফলত সাহিত্য সভাৰ একাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ত তলাবন্ধ কৰি দিয়া সম্পৰ্কেও মন্তব্য কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত তলাবন্ধ কৰি দিয়াটো লজ্জাজনক কথা বুলি তেওঁ মন্তব্য কৰে (Assam Sahitya Sabha crisis) ৷

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ পাটবাউসী সত্ৰ দৰ্শন

সভাৰ বিত্তীয় সংকট আঁতৰোৱাৰ বাবে অসমৰ ৰাইজক আগবাঢ়ি আহিবলৈও তেওঁ আহ্বান জনায় ৷ সাহিত্য সভাৰ এই সমস্যা সমাধানৰ বাবে চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিবলৈকো অসমৰ ৰাইজলৈ আহ্বান সাহিত্যিকগৰাকীৰ ৷ ইয়াৰ উপৰি অসমৰ প্ৰব্ৰজন সমস্যা সম্পৰ্কেও মন্তব্য কৰে বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে ঠংচিয়ে ৷ উল্লেখ্য, অৰুণাচলত ইনাৰ লাইন পাৰ্মিট চলি থকাৰ বাবেই অৰুণাচল সুৰক্ষিত হৈ থকা বুলিও তেওঁ উল্লেখ কৰে ৷

উল্লেখ্য যে, বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ (Eminent litterateur Yeshe Dorjee Thongchi) আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা । শনিবাৰে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত বিশিষ্ট সাহিত্যিকগৰাকীক উক্ত বঁটা (Anandaram Dhekial Phukan Award) প্ৰদান কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

শনিবাৰে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনন্দৰাম ঢেকিয়াল ফুকন বঁটা গ্ৰহণ কৰি গৌৰৱ অনুভৱ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ।

লগতে পঢ়ক :আনন্দৰাম ঢেকিয়াল ফুকন বঁটা গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য য়েছে দৰজে ঠংচিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.