ETV Bharat / state

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত world physiotherapy day পালন

author img

By

Published : Sep 8, 2021, 8:07 PM IST

আজি world physiotherapy day ৷ এইবাৰ world physiotherapy day ৰ মূল বিষয়বস্তু হৈছে rehabilitation and Long covid ৷

world physiotherapy day পালন
world physiotherapy day পালন

বৰপেটা, ৮ ছেপ্তেম্বৰ : আজি world physiotherapy day ৷ বিশ্বৰ বিভিন্ন প্ৰান্তত ৮ ছেপ্তেম্বৰৰ দিনটোত পালন কৰা হয় এই দিৱস‌ ৷ এইবাৰ world physiotherapy day ৰ মূল বিষয়বস্তু হৈছে rehabilitation and Long covid ৷ ভিন্ন প্ৰান্তৰ লগতে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ physiotherapy শাখাই বুধবাৰে পালন কৰে world physiotherapy day ৷

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত world physiotherapy day পালন
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত world physiotherapy day পালন

ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হয় এই দিৱস ৷ Physiotherapy ৰ শিক্ষাৰ্থী আৰু প্ৰৱক্তাই মিলি আয়োজন কৰা অনুষ্ঠানটোত উপস্থিত থাকে কৃষ্ণগুৰু শিক্ষা পৰিষদৰ সঞ্চালিকা তথা সেৱাশ্ৰমৰ ভক্তি মাতৃ আই কুন্তলা পাটোৱাৰী গোস্বামী ৷

এই বৃত্তিটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে পিছলৈ মানৱ সেৱা কৰাৰ সুবিধা পাইছে বুলি ভক্তি মাতৃগৰাকীয়ে ভাষণ প্ৰসংগত প্ৰকাশ কৰে ৷

বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ ড৹ কমলাকান্ত দত্তই physiotherapy সম্পৰ্কে আজিও জনসাধাৰণ সজাগ নহয় বুলি মন্তব্য কৰে ৷ সেয়ে এই বিষয়ে সজাগতা অনাৰ খুবেই প্ৰয়োজন আহি পৰিছে ৷ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলে Zoom ৰ জৰিয়তে অংশগ্ৰহণ কৰে ৷

লগতে চাওক: কালিকা লগা বুধবাৰ; নিমাতীঘাটত লুইতৰ বুকুত হেৰাল বহুতৰ জীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.