স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে মৃত্যুক সৱতি ল'লে এগৰাকী বোৱাৰীয়ে

author img

By

Published : Nov 19, 2021, 5:53 PM IST

Updated : Nov 19, 2021, 7:33 PM IST

Woman Commits Suicide In kalgachia

কলগাছিয়াৰ শাওৰাচৰা গাঁৱত এগৰাকী বোৱাৰীৰ আত্মহত্যা । পৰকীয়া প্ৰেমৰ বাবেই স্বামীয়ে হত্যা কৰাৰ অভিযোগ পাঁচ মাহৰ কন্যা সন্তানৰ মাতৃ অৰ্থাৎ নিজ পত্নীক। এই অভিযোগ মৃত বোৱাৰীৰ পিতৃ পৰিয়াল আৰু স্থানীয় ৰাইজৰ ।

জনীয়া, 19 নৱেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শাওৰাচৰা গাঁৱত এগৰাকী পাঁচমহীয়া কন্যা সন্তানৰ মাতৃৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, শাওৰাচৰা গাঁৱৰ হজৰত আলিৰ পুত্র নোমাজ আলিৰ লগত বৰপেটাৰোডৰ খৈৰাবাৰী গাঁৱৰ কৰিম আলীৰ কন্যা নুৰজাহানৰ সামাজিক ৰীতি-নীতিৰে বিয়া হৈছিল ।

কিন্তু মৃত বোৱাৰীৰ পিতৃ পৰিয়াল আৰু স্বামী গৃহৰ ওচৰৰ একাংশ লোকে অভিযোগ কৰা অনুসৰি, বিয়াৰ পিছৰে পৰাই বোৱাৰী নুৰজাহানক স্বামী গৃহৰ লোকে শাৰীৰিকভাৱে নানা ধৰণৰ অত্যাচাৰ চলাইছিল ৷ শেহতীয়াকৈ স্বামী নোমাজ আলীয়ে অন্য স্ত্ৰী সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰাৰো অভিযোগ উত্থাপন কৰিছে নুৰজাহানৰ পৰিয়ালৰ লোকৰ লগতে একাংশ প্ৰতিবেশী লোকে ৷

স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে মৃত্যুক সৱতি ল'লে এগৰাকী বোৱাৰীয়ে

একাংশ লোকে সংবাদিকৰ আগত সদৰী কৰা মতে, এনে পৰিপেক্ষিতত স্বামী নোমাজ আলীয়ে পৰকীয়া প্ৰেমৰ বাবেই পৰিকল্পিতভাৱে পাঁচ মাহৰ কন্যা সন্তানৰ মাতৃ অৰ্থাৎ নিজ পত্নী নুৰজাহানক হত্যা কৰে ৷ ইফালে, নোমাজ আলীৰ পৰিয়ালে বোৱাৰীগৰাকীক হত্যা কৰা নাই বুলি মন্তব্য কৰাৰ লগতে আত্মহত্যা কৰা বুলি স্পষ্টীকৰণ দিছে ৷

উল্লেখ্য যে, সম্প্ৰতি স্বামী নোমাজ আলীয়ে পলাতক হৈ আছে বুলি জানিব পৰা গৈছে । ইফালে মৃত নুৰজাহানৰ পিতৃ পৰিয়ালে কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়াৰ লগতে ঘটনাৰ উচিত তদন্তৰ জৰিয়তে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনাইছে । লক্ষণীয় যে, এয়া আচলতে এক পৰিকল্পিত হত্যাকাণ্ড নে আত্মহত্যা সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ সঠিক তদন্তৰ জৰিয়তেহে পোহৰলৈ আহিব ।

লগতে পঢ়ক: Farm laws repeal : সংসদত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ

Last Updated :Nov 19, 2021, 7:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.