ETV Bharat / state

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে বৰপেটাত সজাগতামূলক চাইকেল ৰেলী

author img

By

Published : Jan 25, 2021, 6:05 PM IST

বৰপেটাত ১১ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন । ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে জিলা প্ৰশাসনৰ উদ্যোগত চাইকেল ৰেলীৰ আয়োজন । ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে জিলা পুথিভঁৰালত এখন সভাও অনুষ্ঠিত হয় ।

বৰপেটাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন
বৰপেটাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

বৰপেটা, ২৫ জানুৱাৰী: সুস্থ গণতান্ত্ৰিক ব্যৱস্থাৰে দেশ পৰিচালিত কৰিবলৈ হ'লে নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন হোৱাতো আৱশ্যক । নিৰ্বাচনক প্ৰকৃতাৰ্থত সফল কৰি তোলে ভোটাৰৰ সক্ৰিয় অংশগ্ৰহণে । নিৰ্বাচনত যাতে প্ৰতিজন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে সেই বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । বৰপেটাতো সোমবাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় ।

বৰপেটাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

প্ৰতিজন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি এখন সুস্থ চৰকাৰ গঠনত অৱদান আগবঢ়াই গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে সু-নাগৰিকৰ দায়িত্ব পালন কৰে, সেই সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যেৰে বৰপেটা জিলা প্ৰশাসনৰ উদ্যেগত চাইকেল ৰেলী উলিওৱা হয় ৷ লগতে বৰপেটা জিলা পুথিভঁৰালত এখন সভাও অনুষ্ঠিত হয় ৷ উক্ত সভাত জিলা প্ৰশাসনৰ তৰফৰ পৰা নতুন ভোটাৰসকলক ফুলাম গামোছাৰে আদৰণি জনোৱাৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷

ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে উৎসাহিত কৰাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত গীত, বাটৰ নাট আদিও পৰিৱেশন কৰা হয় ৷ আনহাতে, ভোটাৰ তালিকাৰ পৰা বাদ পৰি যোৱা প্ৰতিজন লোকক অথবা নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলগীয়া লোকক ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ আহ্বান জনায় জিলা উপায়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক:ধুবুৰীত ৭২ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.