ETV Bharat / state

সৰ্থেবাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

author img

By

Published : Jul 22, 2020, 12:12 PM IST

আমৃখোৱা-চিনাদী পথত অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে ৷

unkonwon-deadbody-recover-police-at-borpeta-sarthebari
বৰপেটাৰ-সৰ্থেবাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বৰপেটা,২২জুলাইঃ বৰপেটাৰ সৰ্থেবাৰীৰ আমৃখোৱা-চিনাদি পথত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ এখন দলঙৰ তলত পানীযুৱলীত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহটো ৷ স্থানীয় লোকে সৰ্থেবাৰী আৰক্ষীক খবৰ দিয়াৰ লগে লগে আৰক্ষী উপস্থিত হৈ পানীযুৱলীৰ পৰা উদ্ধাৰ কৰিছে মৃতদেহটো ৷ অৱশ্যে বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই যুৱকজনৰ । বগা টি চাৰ্ট আৰু মটীয়া ৰঙৰ লংপেন্ট পৰিহিত মৃত যুৱকজনৰ বয়স প্ৰায় ৩০ বছৰ হ'ব বুলি স্থানীয় ৰাইজে উল্লেখ কৰে ৷ ইপিনে উদ্ধাৰ হোৱা মৃতদেহটো নাকেৰে তেজ ওলাই থকাৰ লগতে দেহত আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে ৷

বৰপেটাৰ-সৰ্থেবাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

উল্লেখযোগ্য যে, আমৃখোৱা-চিনাদী পথটোত পূৰ্বেও কেইবাটাও ডকাইতি আৰু হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল । এয়া হত্যাকাণ্ড নে অন্য কিবা আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ৷ স্থানীয় ৰাইজে এয়া হত্যাকাণ্ড বুলিয়েই সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়কঃ UPPL ৰ প্ৰাৰ্থী হীতেশ কুমাৰ মুছাহাৰীৰ আকস্মিক বিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.