ETV Bharat / state

বৰপেটাৰোডত সন্দেহজনক সোণৰ নাওঁসহ দুজনক আটক

author img

By

Published : Jun 8, 2022, 9:36 PM IST

বৰপেটাৰোডত সন্দেহজনক সোণৰ নাঁওসহ আটক দুই প্ৰৱঞ্চক(Two persons arrested for selling gold boat) ৷ বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্বত হাত-লোটে কৰায়ত্ত কৰা হয় যুৱকদুজনক ৷

Two persons arrested for selling gold boat in Barpeta Road
বৰপেটাৰোডত সোণৰ নাওঁসহ দুজনক আটক

বৰপেটাৰোড, 8 জুন : এইবাৰ সোণৰ বিস্কুট নহয়, সোণৰ নাও বিক্ৰী কৰি ৰঙা ঘৰৰ আলহী হ'ল দুই যুৱক(Two persons arrested for selling gold boat) ৷ লখিমপুৰ জিলাৰ নাঁওবৈচাৰ বাবুল হুচেইন আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ শিৰাজুল হক নামৰ দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিলে বৰপেটাৰোড আৰক্ষীয়ে(Two fraudsters arrested in Barpeta Road) ৷

উল্লেখ্য যে, বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাই এক গোপন সূত্ৰৰ ভিত্তিত লখিমপুৰৰ পৰা দুজন যুৱকে বৰপেটাৰোডত সোণৰ নাঁও বিক্ৰী কৰিবলৈ অহা বুলি খবৰ লাভ কৰে ৷

বৰপেটাৰোডত সোণৰ নাওঁসহ দুজনক আটক

সেইমৰ্মে আৰক্ষী বিষয়া বিপুল কলিতাৰ লগতে কেইবাজনো আৰক্ষীয়ে অসামৰিক পোচাকত খাপ পিটি অনুসন্ধান চলাই যুৱক দুজনক হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ যুৱকদুজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা সন্দেহজনক সোণখিনিৰ ওজন প্ৰায় ডেৰ কিলো বুলি জানিব পৰা গৈছে ৷ ইফালে, আটকাধীন যুৱকদ্বয়ক অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে বৰপেটাৰোড আৰক্ষীয়ে ৷

উল্লেখ্য যে, বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে বিগত মে' মাহত অভিযান চলাই সন্দেহজনক সোণৰ মূৰ্তি আৰু সোণৰ নাঁওসহ আন ৫ জনকৈ যুৱকক আটক কৰিছিল ৷ আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্বত বৰপেটাৰোড আৰু ইয়াৰ আশে পাশে থকা অঞ্চল সমূহত বিভিন্ন অপৰাধৰ সৈতে জড়িত বিভিন্ন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাত বৰপেটাৰোডবাসীয়ে আৰক্ষী বিষয়াগৰাকীৰ কাৰ্যৰ শলাগ লয় ৷

লগতে পঢ়ক : Ganja seized at Karimganj: কৰিমগঞ্জত যাত্ৰীবাহী বাহনত উদ্ধাৰ গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.