ETV Bharat / state

সৰভোগত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ

author img

By

Published : Jul 29, 2021, 4:07 PM IST

Tribute to martyrs at Barpeta
বৰপেটাত শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা অসম আৰক্ষীৰ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰনগৰ আঞ্চলিক সমিতিৰ ৷ সোমবাৰে সীমান্তত মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ জোৱানলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল । মিজো আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱায় অসম আৰক্ষীৰ ৬ গৰাকী জোৱানে ।

বৰপেটাৰোড, ২৯ জুলাই : যোৱা ২৬ জুলাইত অসম-মিজোৰামৰ সীমান্তত মিজো আৰক্ষীয়ে অসম আৰক্ষীলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰে । অসমৰ সুৰক্ষাৰ স্বাৰ্থত দায়িত্ব পালন কৰি শ্বহীদ হয় ৬ গৰাকীকৈ আৰক্ষী জোৱান । আঘাতপ্ৰাপ্ত হয় কেইবাগৰাকীও আৰক্ষী বিষয়া আৰু জোৱান । এই ঘটনাৰ পাছতে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বুধবাৰে সন্ধিয়া সৰভোগৰ বৰনগৰ আঞ্চলিক সমিতিয়ে মেদা গাঁৱত বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ৷ আনহাতে, আহত জোৱানসকলৰো আশু আৰাগ্য কামনা কৰে ৷ সীমা বিবাদ যাতে সম্পূৰ্ণৰূপে অন্ত পৰে, তাৰ বাবে চৰকাৰক সু-ব্যবস্থা কৰিবলৈ দাবী জনায় ।

লগতে এই সমস্যাৰ বাবে অসম-মিজোৰাম সীমান্তত থকা খিলঞ্জীয়া লোকসকল যাতে কোনো কাৰণতে ক্ষতিৰ সন্মুখীন নহয়, তাৰ ব্যৱস্থা কৰিবলৈকো চৰকাৰক অনুৰোধ জনায় সংগঠনটোৱে ৷

কেৱল বৰপেটাতে নহয়, ৰাজ্যৰ আন আন প্ৰান্ততো শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় । আনহাতে, কেইবাটাও দল সংগঠনে মিজোৰামৰ আগ্ৰাসনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে । বুধবাৰে শিলচৰত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰা হয় । মুঠতে মিজো আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, গুলীবিদ্ধ হৈ এতিয়াও শিলচৰ চিকিৎসা মহাবিদ্যালয়ত কেইবাগৰাকীও আৰক্ষী বিষয়া চিকিৎসাধীন হৈ আছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আটাইকেইজনৰে স্বাস্থ্যৰ অৱস্থাৰ বুজ লৈছে । এতিয়া এই দীৰ্ঘদিনীয়া সীমা বিবাদ ওৰ পেলোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: সীমান্ত বিবাদকলৈ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী জাকিৰ হুছেইন শিকদাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.