ETV Bharat / state

গৰু বিহুৰ দিনাই কলগাচিয়াত প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টি

author img

By

Published : Apr 14, 2022, 10:53 PM IST

গৰু বিহুৰ সন্ধিয়া কলগাচিয়াত ধুমুহাৰ তাণ্ডৱ (Thunderstorm shook Kalgachia) ৷ বহাগৰ আৰম্ভণিতে অহা এইজাক ধুমুহাই ভাঙি তচনচ কৰিলে অঞ্চলটোৰ বহুঠাইৰ ঘৰ-দুৱাৰ ৷

thunderstorm-shook-kalgachia
গৰু বিহুৰ দিনাই কলগাচিয়াত প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টি

জনিয়া, 14 এপ্ৰিল : বহাগৰ আৰম্ভণিতে কলগাছিয়া অঞ্চলত বৰদৈচিলাৰ আগমন । গৰু বিহুৰ সন্ধিয়া 7.30 বজাত অহা এজাক ধুমুহা আৰু শিলা বৃষ্টিয়ে বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে (Thunderstorm shook Kalgachia) ৷

জিলাখনৰ খৰিচলা, হালধীয়া, মনাকচা, দেওকুৰা, বিলৰটাৰি, বলাইপথাৰ, আমগুৰি, সুঁতিৰপথাৰ, চানপুৰ, কালামপুৰ, বালিকুৰি, ৰুভী, আদিৎপুৰ, কলগাছিয়া, গুনিয়ালগুৰী আদিৰ লগতে বঙাইগাঁও জিলাৰ দাঁতি কাষৰীয়া অঞ্চল বৰদৈচিলাৰ কৱলত ঘৰ-দুৱাৰ, গছ-গছনি, প্ৰকাণ্ড প্ৰকাণ্ড হুডিং ভাঙি চিঙি চুৰমাৰ কৰে (Heavy storm lashes Kalgachia) ৷

গৰু বিহুৰ দিনাই কলগাচিয়াত প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টি

ইফালে, বালাৰপাথাৰ হাইস্কুলৰ গৃহ আৰু বালিকুৰি আৰক্ষী চকীৰ ৰান্ধনী ঘৰৰ এটাও এই ধুমুহাৰ ফলত ভাগি পৰে ৷ অৱশ্যে গৰু বিহুৰ উপলক্ষ্যে বিদ্যালয় বন্ধ থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল হতাহত হোৱাৰ পৰা ৰক্ষা পৰে ৷

লগতে পঢ়ক: গৰু বিহুৰ দিনাই বৰপেটাত প্ৰচণ্ড ধুমুহা-বৰষুণ : ভেল্লাত বিস্তৰ ক্ষতিসাধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.