ETV Bharat / state

Deer hunter arrested at Sarbhog: হৰিণা চিকাৰ কৰি জালত পৰিল বিজেপি নেত্ৰীৰ ভাতৃ

author img

By

Published : Jan 20, 2023, 10:37 PM IST

Deer hunter arrested at Sarbhog
মানাহৰ হৰিণা চিকাৰত জড়িত বিজেপি নেত্ৰীৰ ভাতৃ

মানাহ ৰাষ্ট্ৰীয় উদ্যানত হৰিণা চিকাৰ কৰা চোৰাং চিকাৰীক ৰক্ষণাৱেক্ষণৰ চেষ্টা বন বিভাগৰ ৷ শুকুৰবাৰে এগৰাকী বিজেপি নেত্ৰীৰ ভাতৃসহ দুই চোৰাং চিকাৰীক আটক কৰিছিল বন বিভাগে ৷ কিন্তু বিজেপি নেত্ৰীৰ ভাতৃ হোৱাৰ সুবাদত অপৰাধী সাৰি যাব নেকি বুলিও বৰ্তমান উত্থাপন হৈছে প্ৰশ্ন ৷

মানাহৰ হৰিণা চিকাৰত জড়িত বিজেপি নেত্ৰীৰ ভাতৃ

বৰপেটাৰোড, 20 জানুৱাৰী: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হৰিণা চিকাৰ কৰি সৰভোগত আটক হৈছে বিজেপি নেত্ৰীৰ ভাতৃসহ দুই দুৰ্বৃত্ত(Deer hunter arrested at Sarbhog) ৷ শুকুৰবাৰে বন বিভাগৰ এটা দলে এক গোপন সুত্ৰৰ ভিত্তিত হৰিণাৰ মাংসসহ তিনি চোৰাং চিকাৰীক সৰভোগৰ পৰা হাতেলোটে আটক কৰে ৷ আটকাধীন চোৰাং চিকাৰী তিনিটা ক্ৰমে ভৃগু ৰায়, বুবুল পাটগিৰি আৰু মানস প্ৰতীম দাস(Deer hunting in Manas National park) ৷

ধৃত হৰিণা চিকাৰী তিনিটাক শুকুৰবাৰে বৰপেটাৰোডৰ চিকিৎসালয়ত(Barpeta Civil hospital) স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত বৰপেটাৰোডৰ ব্যাঘ্ৰ প্ৰকল্প(Barpetaroad Tiger Reserve) সঞ্চালকৰ কাৰ্যালয়ত জেৰা অব্যাহত ৰাখিছে যদিও ৰহস্যজনকভাৱে সাংবাদিকৰ আগত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে বন বিভাগৰ বিষয়াই ৷ আনকি সাংবাদিকৰ দলটোৱে ধৃত চোৰাং চিকাৰী তিনিটাৰ নাম-ঠিকনা জানিবলৈ চেষ্টা চলাইছিল যদিও সেয়াও জনোৱাৰ পৰা বিৰত থাকে বন বিভাগৰ বিষয়া ৷

কিন্তু, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হৰিণা চিকাৰ কৰা কাৰ্যত সৰভোগৰ মেধা-নিচুকা জিলা পৰিষদৰ সদস্যা তথা বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নমিতা পাটগিৰীৰ ভাতৃৰ সৈতে দুজনকৈ লোক জড়িত থকা বুলি জানিব পৰা গৈছে ৷ বিজেপি চৰকাৰৰ বৰমূৰীয়াসকলৰ হেচাত বন বিভাগৰ বিষয়াই সাংবাদিকক তথ্য দিয়াৰ পৰা ৰহস্যজনক ভাৱে বিৰত আছে নেকি তাক লৈয়ো উত্থাপন হৈছে প্ৰশ্নৰ ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পশু চোৰাংকৈ চিকাৰ কৰি হাতেলোটে ধৰা পৰাৰ পিচতো একমাত্ৰ বিজেপি দলৰ নেত্ৰীৰ ভাতৃ হোৱাৰ সুবাদতেই অপৰাধী সাৰি যাব নেকি বুলিও সাধাৰণ জনতাৰ মাজত প্ৰশ্নৰ উদয় হৈছে(Poacher in Manas National park) ৷ লগতে, শাসকীয় বিজেপি দলত থাকিলে ডাঙৰ অপৰাধ কৰিলেও সেই অপৰাধীৰ কোনো শাস্তি নাই বুলিও উত্থাপন হৈছে প্ৰশ্ন ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী ৰেঞ্জৰ পৰা এই দুৰ্ধৰ্ষ চোৰাং চিকাৰী কেইটাই দীৰ্ঘদিনৰে পৰাই হৰিণা চিকাৰ কৰি সৰভোগ অঞ্চলত গোপনে মাংস বিক্ৰী কৰি বৃহৎ বজাৰ সৃষ্টি কৰা বুলিও অভিযোগ উত্থাপন হৈছে ৷ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীলৈও প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ জনতাই ৷ মানাহৰ বন্য পশু চিকাৰ কৰি হাতেলোটে কৰায়ত্ত কৰা সৰভোগৰ বিজেপি নেত্ৰী তথা জিলা পৰিষদৰ সদস্যা নমিতা পাটগিৰীৰ ভাতৃসহ তিনি দুৰ্ধৰ্ষ চোৰাং চিকাৰী সাৰি যাব নেকি ? ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকাৰ কৰা বিজেপি নেত্ৰীৰ ভাতৃসহ আটক কৰা এই দুই দুৰ্ধৰ্ষ হৰিণা চিকাৰীক শাস্তি প্ৰদান কৰিবলৈ সাহস হ’ব নে বন বিভাগৰ ?

লগতে পঢ়ক: NABARD organized training camp : কয়দীক স্বাৱলম্বী কৰাৰ প্ৰয়াস নাবাৰ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.