NABARD organized training camp : কয়দীক স্বাৱলম্বী কৰাৰ প্ৰয়াস নাবাৰ্ডৰ

By

Published : Jan 20, 2023, 4:52 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ৰাজ্যখনৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা কয়দীসকলক স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে দক্ষতা বিকাশ আঁচনিৰ অধীনত নাবাৰ্ডে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ (NABARD initiative for prisoner)৷ ইয়াৰ অংশস্বৰূপে নাবাৰ্ড বেংকে বৰপেটা জিলা কাৰাগাৰাৰ কয়দীসকলৰ বাবে আৰম্ভ কৰিছে প্ৰশিক্ষণ শিবিৰৰ । কয়দীসকলক চাবোন, কাপোৰ ধোৱা পাউদাৰ আৰু ফেনাইল প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷

নাবাৰ্ডৰ উদ্যোগত শুকুৰবাৰে শুশ্ৰূষা নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই বৰপেটা জিলা কাৰাগাৰত আয়োজন কৰে দক্ষতা বিকাশ প্ৰশিক্ষণ শিবিৰৰ (NABARD organized training camp)। এই প্ৰশিক্ষণ শিবিৰটো মুকলি কৰে বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৷ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ অনুষ্ঠানত নাবাৰ্ডৰ অসমৰ মুখ্য প্ৰবন্ধক নবীন ধীংৰা, বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক সঞ্জীৱ কুমাৰ চেতিয়া, সমাজকৰ্মী অনিল দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

বৰপেটা জিলা কাৰাগাৰত ৰাজ্যখনৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে কয়দীসকলক স্বাৱলম্বী কৰাৰ বাবে এই ধৰণৰ দক্ষতা বিকাশ আঁচনিৰ আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰে জিলা কাৰাগাৰৰ অধীক্ষকগৰাকীয়ে (Skill development training program at Barpeta Jail)।

ইফালে অপৰাধমূলক কাৰ্যত জড়িত হৈ কাৰাগাৰত বন্দী জীৱন কটোৱা কয়দীসকলক আত্ম-সংশোধনৰ প্ৰচেষ্টাৰ লগতে স্বাৱলম্বীতাৰ পথ দেখুৱাবলৈ নাবাৰ্ড বেংকৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে বিভিন্নজনে । জিলা কাৰাগাৰৰ অধীক্ষকে আশা কৰা মতে কাৰাগাৰৰ ভিতৰত লাভ কৰা এই প্ৰশিক্ষণে ভৱিষ্যতে কয়দীসকলক যথেষ্ট পৰিমাণে সহায় কৰিব । কাৰাগাৰৰ পৰা ওলাই গৈ কয়দীসকলে ভৱিষ্যতে ব্যৱসায় বা ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিব পাৰিব বুলিও আশাবাদী জিলা কাৰাগাৰৰ অধীক্ষক ।

উল্লেখ্য যে অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ কাৰাগাৰসমূহতো এই ধৰণৰ কাৰ্যসূচী হাতত লোৱা হয় । কয়দীসকলৰ মানসিক স্থিতিক সংশোধন কৰাৰ লগতে স্বাৱলম্বী হ'বলৈ এই ধৰণৰ বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰা হয় । ইফালে অসমৰ বজাৰত কয়েদীয়ে নিজ হাতেৰে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীও বিক্ৰীৰ বাবে মুকলি কৰা হয় ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.