ETV Bharat / state

Theft in Kalgachia: কলগাছিয়াত চোৰৰ উপদ্ৰৱ, লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

author img

By

Published : Jul 31, 2022, 3:34 PM IST

Theft Incident at Kalgachia in Barpeta
কলগাছিয়াত চোৰৰ উপদ্ৰৱ, লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

কলগাছিয়াৰ চানপুৰ গাঁৱত নিশা সংঘটিত হয় চুৰি কাণ্ড (Theft Incident in Kalgachia)। সোণ, ৰূপ আৰু নগদ ধন সহ প্ৰায় লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি লৈ যায় চোৰে ।

জনিয়া, 31 জুলাই: বৰপেটা জিলাত চোৰৰ উপদ্ৰৱ ৷ বৰপেটা জিলাৰ বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত চানপুৰ গাঁৱত শনিবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ড (Theft in Barpeta)। চানপুৰ গাঁৱৰ হাশমত আলী নামৰ ব্যাক্তিজনৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড ৷ নিশা এন্ধাৰৰ সুযোগ লৈ চোৰে ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি এখন টেবুল লৈ উধাও হয় ৷

কলগাছিয়াত চোৰৰ উপদ্ৰৱ, লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

উল্লেখ্য যে টেবুলৰ তলা ভাঙি নগদ ধন ২০ হাজাৰ আৰু সোণ ৰূপৰ অলংকাৰ চুৰি কৰি লৈ যায় আৰু ঘৰৰ পৰা ৫০০ মিটাৰ আঁতৰত পেলাই থৈ যায় টেবুলখন । দুখীয়া পৰিয়ালটোৱে দুবেলা দুমঠি খাই কোনোমতে সাঁচি থৈছিল এই টকাখিনি ৷ সেয়া এতিয়া কান্দোনত ভাগি পৰিছে দুখীয়া পৰিয়ালটো ৷

ইয়াৰ সমান্তৰালকৈ একেখন গাঁৱৰে সাজিদুল ইছলাম নামৰ আন এজন ব্যাক্তিৰ ঘৰতো সংঘটিত হৈছে চুৰিকাণ্ড ৷ ঘৰত ভিতৰত সোমাই একে পদ্ধতিৰে এখন ট্ৰাংক সহ ৮ হেজাৰ টকা আৰু সোণ, ৰূপৰ অলংকাৰ চুৰি কৰি লৈ যায় । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

বৃহত্তৰ চানপুৰ অঞ্চলত এনে চুৰিকাণ্ডৰ ফলত গাওঁবাসীৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । যাৰ বাবে ৰাইজে এই ভূক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিবলৈ চৰকাৰক অনুৰোধ জনাইছে । এই সন্দৰ্ভত ভূক্তভোগী গৃহস্থই থানাত এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Thief arrested at Jania : মাছ কিনিবলৈ গৈ ধৰা পৰিল ছানোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.