ETV Bharat / state

Talibani Punishment : সামান্য কথাতে ছাত্ৰক তালিবানী শাস্তি শিক্ষকৰ

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 9:12 AM IST

১৬ বছৰীয়া এগৰাকী ছাত্ৰ তালিবানী শাস্তি শিক্ষকৰ ৷ ইমানেই নহয় শিক্ষক তথা সঞ্চালক ইফতিকাৰ আলী আহমেদে অমানৱীয়তাৰ চৰম সীমা অতিক্ৰম কৰি ভুক্তভোগী ছাত্ৰগৰাকীক বিদ্যালয়ৰ পৰা উলিয়াই দিয়াৰ ভাবুকি প্ৰদান কৰি উকা কাগজত চহী লয় ৷

Talibani Punishment to student at Kalgachia
সামান্য কথাতে ছাত্ৰক তালিবানী শাস্তি শিক্ষকৰ

সামান্য কথাতে ছাত্ৰক তালিবানী শাস্তি শিক্ষকৰ

কলগাছিয়া, 1 নৱেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়াৰ ফখৰুদ্দিন আলী আহমেদ একাডেমিৰ সঞ্চালকৰ তালিবানীকাণ্ড। ১৬ বছৰীয়া এগৰাকী ছাত্ৰক বিহিলে শাস্তি । থানাত এজাহাৰ দাখিল অভিভাৱকৰ।

ঘটনাৰ বিৱৰণী অনুসৰি, ফখৰুদ্দিন আলী আহমেদ একাডেমিত অধ্যয়নৰত অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰই প্ৰতিদিনৰ দৰে বিদ্যালয়লৈ যোৱাৰ পিচতে শিক্ষক তথা সঞ্চালক ইফতিকাৰ আলী আহমেদে ছাত্ৰজনক মাতি আচবাব ভাংচুৰ কৰাৰ কথা সোধে ৷ ছাত্ৰজনে সেই কথা অস্বীকাৰ কৰাৰ পিচতে শিক্ষকজনে একো নুশুনি ছাত্ৰজনক নিৰ্বিচাৰে প্ৰহাৰ কৰে ৷ তাৰ পিচত শিক্ষকৰ প্ৰহাৰত ছাত্ৰজন অজ্ঞান হৈ প্ৰহাৰ কৰে ৷

ইয়াৰ পিচত ছাত্ৰজনক শিক্ষকগৰাকীয়ে নিজ চেম্বাৰলৈ লৈ গৈ পুনৰ তাত প্ৰহাৰ কৰে ৷ ইমানেই নহয় শিক্ষক তথা সঞ্চালক ইফতিকাৰ আলী আহমেদে অমানৱীয়তাৰ চৰম সীমা অতিক্ৰম কৰি ভুক্তভোগী ছাত্ৰগৰাকীক বিদ্যালয়ৰ পৰা উলিয়াই দিয়াৰ ভাবুকি প্ৰদান কৰি উকা কাগজত চহী লোৱাৰ উপৰিও আচবাবপত্ৰ ভঙাৰ বাবে নগদ পোন্ধৰশ টকা জৰিমনা সংগ্ৰহ কৰিছে বুলি অভিযোগ কৰিছে ছাত্ৰগৰাকীৰ পিতৃয়ে ।

ইফালে ছাত্ৰজন অজ্ঞান হৈ পৰাৰ পিচতহে ছাত্ৰজনৰ আত্মীয়ক বিদ্য়ালয় কৰ্তৃপক্ষই খবৰ দিয়ে ৷ লগে লগে ছাত্ৰজনৰ পিতৃ আহি বিদ্যালয়ত উপস্থিত হোৱাত শিক্ষকগৰাকীয়ে ছাত্ৰজনে দোষ কৰা বুলি অৱগত কৰে ৷ পিতৃয়ে পুত্ৰক অজ্ঞান হৈ থকা দেখি ততালিকে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷

আনহাতে চিকিৎসকে জানিবলৈ দিয়ামতে সঞ্চালক ইফতিকাৰ আলী আহমেদৰ প্ৰহাৰত ভুক্তভোগী ছাত্ৰজনৰ গুপ্তাংগকে ধৰি শৰীৰৰ বিভিন্ন অংগত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইতিমধ্য়ে এই ঘটনাৰ পিচতে ভুক্তভোগী ছাত্ৰগৰাকীৰ পিতৃয়ে কলগাছিয়া আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। এই ক্ষেত্ৰত আৰক্ষীৰ তদন্ততহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে।

লগতে পঢ়ক: Attempt to rape: বন্ধুৰ ঘৰলৈ আনি যুৱতীক ধৰ্ষণৰ চেষ্টা তিনি যুৱকৰ; ঠিকনা লক্ আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.