ETV Bharat / state

Kayakuchi College Students Union Election: নিৰ্বাচন বাতিলৰ প্ৰতিবাদ অব্যাহত কয়াকুছি মহাবিদ্যালয়ত

author img

By

Published : Nov 5, 2022, 7:46 PM IST

Kayakuchi College Students Union Election
কয়াকুছি মহাবিদ্যালয়ৰ প্ৰতিবাদ

কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ(Protest in Kayakuchi College) ৷ সৰুক্ষেত্ৰীৰ বিধায়কলৈ অভিযোগৰ আঙুলি প্ৰতিবাদী ছাত্ৰৰ ৷ অধ্যক্ষৰ কোঠাত ওলমি আছে তলা ৷

বৰপেটা, ৫ নৱেম্বৰ: বৰপেটাৰ কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বুধবাৰৰ পৰা প্ৰতিবাদ অব্যাহত ৰাখিছে(Kayakuchi College Students Union Election) ৷ উল্লেখ্য যে, বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আজি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিন আছিল ৷ পিছে মনোনয়ন দাখিলৰ পৰ্ব পাৰ হৈ যোৱাৰ পিচতে বুধবাৰে কলেজ কৰ্তৃপক্ষই হঠাতে নিৰ্বাচন স্থগিতৰ জাননী জাৰি কৰিছিল(Students protest against cancellation of elections) ৷

কয়াকুছি মহাবিদ্যালয়ৰ প্ৰতিবাদ

কলেজ কৰ্তৃপক্ষৰ নিৰ্বাচন বাতিলৰ ঘোষণাৰ বিৰুদ্ধে বুধবাৰৰ বিয়লিৰ পৰাই অব্যাহত আছে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ(Tense situation in Kayakuchi College) ৷ আনকি ছাত্ৰ-ছাত্ৰীসকলে বুধবাৰৰ পৰাই আজি চাৰিটা দিন দিনে-নিশাই বিদ্যালয় চৌহদতে অৱস্থান কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও কলেজ কৰ্তৃপক্ষই আজিলৈকে খবৰ লোৱা নাই নিজ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ৷ ইপিনে যিসময়ত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে তেনে সময়তে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ কোঠাৰ দুৱাৰত ওলমি আছে এটা তলা ৷

লগতে পঢ়ক: Kayakuchi College Students Union Election: ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ, আজি চাৰিদিনেও অধ্যক্ষগৰাকীয়ে এবাৰো খবৰ ল’বলৈ অহা নাই ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰলৈ ৷ নিৰ্বাচন বাতিলৰ বিৰুদ্ধে এই প্ৰতিবাদৰ মাজতে কেইবাজনো ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাৰ লগতে আনকি অসুস্থ ছাত্ৰক বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসা প্ৰদান কৰিবলগীয়া হোৱাৰ পিচতো আজিও নিৰ্বিকাৰ ভূমিকা লৈ আছে কলেজ কৰ্তৃপক্ষই ৷ প্ৰতিবাদী ছাত্ৰৰ অভিযোগ সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ শ্ৰুতলিপিতে কলেজ কৰ্তৃপক্ষই বাতিল কৰিছে নিৰ্বাচন ৷

Kayakuchi College Students Union Election
কয়াকুছি মহাবিদ্যালয়ৰ প্ৰতিবাদ

বিধায়কগৰাকীৰ এনে কাৰ্যৰ প্ৰতিবাদ জনাইছে ছাত্ৰ-ছাত্ৰীসকলে ৷ উল্লেখ্য যে, বুধবাৰে কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল হৈ যোৱাৰ পিচতে আশ্বৰ্যকৰভাৱে হঠাতে কলেজ কৰ্তৃপক্ষই নিৰ্বাচন বাতিলৰ জাননী জাৰি কৰিছিল(Kayakuchi College students body election) ৷ মহাবিদ্যালয় কৰ্তৃপক্ষই হঠাতে নিৰ্বাচন বাতিলৰ জাননী জাৰি কৰাৰ পিচতেই ছাত্ৰ-ছাত্ৰীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ৰাজনীতিকৰ শ্ৰুতলিপিত নিৰ্বাচন বাতিলৰ সিদ্ধান্ত সলনি কৰি পূৰ্ব ঘোষিত তাৰিখতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত ৪ দিন ধৰি দিনে নিশাই প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Tense situation in Kayakuchi College: প্ৰতিবাদৰ মাজতে অসুস্থ কয়াকুছি মহাবিদ্যালয়ৰ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.