ETV Bharat / state

Kayakuchi College Students Union Election: ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

author img

By

Published : Nov 3, 2022, 1:14 PM IST

বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলৰ প্ৰতিবাদত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী ৷ বুধবাৰে নিশালৈকে প্ৰতিবাদ অব্যাহত ৰাখিলে ছাত্ৰ-ছাত্ৰীসকলে ৷

Students protest against cancellation of elections to Kayakuchi College
ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

বৰপেটা, ৩ নৱেম্বৰ: বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলৰ প্ৰতিবাদত বুধবাৰে নিশালৈকে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ ৷ জানিব পৰা মতে বুধবাৰে অৰ্থাৎ 2 নৱেম্বৰত আছিল কয়াকুছি মবাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৷ ইপিনে ৫ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল ছাত্ৰ একতা সভাৰ নিৰ্বাচন (Kayakuchi College Students Union Election) ৷

পিছে বুধবাৰে বিয়লিৰ ভাগত মহাবিদ্যালয় কতৃপক্ষই নিৰ্বাচন বাতিলৰ জাননী জাৰি কৰাৰ পিচতেই ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ পূৰ্বে ঘোষণা কৰা তাৰিখতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত নিশালৈকে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অৱস্থান গ্ৰহন কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Students protest against cancellation of elections) ৷

ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

উল্লেখ্য যে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বিভিন্ন পদত ইতিমধ্যে ১৫ খনকৈ মনোনয়ন পত্ৰ দাখিল কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে ৷ কিন্তু কি নিয়মৰ আধাৰত মনোনয়ন দাখিলৰ সময়সীমা পাৰ হৈ যোৱাৰ পাছত মহাবিদ্যালয় কৰ্তৃপক্ষই নিৰ্বাচন বাতিল কৰিলে তাক লৈ সৰৱ হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকল ৷ নিৰ্বাচন বাতিল কৰা মহাবিদ্যালয় কতৃপক্ষৰ বিৰুদ্ধে একাংশ ছাত্ৰ-ছাত্ৰীয়ে নিশালৈকে মহাবিদ্যালয়ৰ চৌহদত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিশেষকৈ পূৰ্বে ঘোষণা কৰা তাৰিখতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে ৷

লগতে পঢ়ক: Lakhipur College students union election : লক্ষীপুৰ মহাবিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনা, আৰক্ষীৰ প্ৰহাৰত আহত ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.