ETV Bharat / state

ভ্ৰাম্যমাণৰ সৈতে জড়িত শিল্পী কলা-কুশলীক আৰ্থিক সাহায্য দিব ৰাজ্য চৰকাৰে

author img

By

Published : Jun 23, 2021, 10:57 PM IST

state-government-will-work-on-helping-mobile-theater-industry-financially-says-cultural-minister-of-assam
ভ্ৰাম্যমাণৰ সৈতে জড়িত শিল্পী কলা-কুশলীক আৰ্থিক সকাহ দিব ৰাজ্য চৰকাৰ

বুধবাৰে বজালী জিলাত উপস্থিত হ’ল জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ৷ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ স্বাভিমান স্বৰূপ অসমৰ ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগ সম্পৰ্কত মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় ৰাজ্য চৰকাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত সকলো শিল্পী কলা-কুশলীৰ সৈতে সদায়ে আছে আৰু থাকিব । শিল্পী সকলক চৰকাৰৰ ফালৰ পৰা আৰ্থিক সকাহ দিয়াৰ ক্ষেত্ৰত চিন্তা-চৰ্চা চলি থকা বুলি সাংবাদিকক অৱগত কৰে মন্ত্ৰী গৰাকীয়ে ৷

বজালী, 23 জুন : সমগ্ৰ দেশত কৰ’ণা মহামাৰীৰ সৈতে আনুসাংগিকভাৱে অৰ্থনৈতিক দুৰৱস্থাই চুই গৈছে বহু উদ্যোগক ৷ ব্যক্তিগত খণ্ডত কাম কৰা বহুলোকে নিতৌ হেৰুৱাইছে চাকৰি ৷ জীৱিকা হেৰুওৱাৰ পিছত ঘৰ-সংসাৰ চলোৱাৰ চিন্তাই টোপনি হেৰুৱাইছে বহু লোকৰ ৷ এনে এক অস্থিৰ অৱস্থাই জোকাৰি গৈছে পৃথিৱী বিখ্যাৎ অসমৰ ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগ(mobile theater industry of Assam)কো ৷ মূলত 2019 চনৰ ডিচেম্বৰ মাহত কা’ বিৰোধী আন্দোলনে(anti CAA movement ) আনি দিয়া স্থৱিৰতাৰ পিছতেই কৰ’ণা মহামাৰীৰ বাবে নাট প্ৰদৰ্শন বন্ধ হৈ পৰিছিল ৷

ক্ৰমাগতভাৱে দুটা বছৰৰ বাবে এইদৰে নাট প্ৰদৰ্শন বন্ধ হৈ পৰাত উদ্যোগটো সন্মুখীন হৈছে ব্যাপক আৰ্থিক দুৰৱস্থাৰ ৷ কেৱল উদ্যোগটোৰ লগত জড়িত ব্যৱসায়িক দিশটোৱেই নহয় এই উদ্যোগৰ সৈতে জড়িত থকা শিল্পী তথা কলা-কুশলী সকলৰ জীৱনলৈকো নামি আহিছে ঘোৰ অমানিশা ৷ এই সময়তে ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই(cultural ministetr Bimal Bora) শিল্পী সকলক চৰকাৰৰ ফালৰ পৰা আৰ্থিক সকাহ দিয়াৰ ক্ষেত্ৰত চিন্তা চৰ্চা চলি থকা বুলি সাংবাদিকক অৱগত কৰে ৷

ভ্ৰাম্যমাণৰ সৈতে জড়িত শিল্পী কলা-কুশলীক আৰ্থিক সকাহ দিব ৰাজ্য চৰকাৰ

উল্লেখযোগ্য যে, মন্ত্ৰী বিমল বৰা নৱগঠিত বজালী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপেও দায়িত্বত আছে এই উপলক্ষে বুধবাৰে, ৰাজ্যৰ নাট্য নগৰী হিচাপে খ্যাত পাঠশালাত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷

ভ্ৰাম্যমাণ থিয়েটাৰৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰ সদায়ে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত সকলো শিল্পী কলা-কুশলীৰ সৈতে আছে আৰু থাকিব । বিগত সময়ত চৰকাৰে শিল্পী, কলা-কুশলীক আৰ্থিক সাহায্য আগবঢ়োৱাৰ দৰে এই বৰ্ষৰ বাবেও চৰকাৰে শিল্পীসকলৰ বাবে চিন্তা চৰ্চা কৰিছে । আনহাতে, নাট প্ৰদৰ্শনী সম্পৰ্কত মন্তব্য কৰি ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী গৰাকীয়ে কয় যে, অতিমাৰীৰ সংক্ৰমণ কমিলে ভ্ৰাম্যমাণ আৰম্ভ কৰাৰ কথা চৰকাৰে বিবেচনা কৰিব ।

আনহাতে, জিলা প্ৰশাসনৰ সমূহ বিষয় ববীয়াৰ সৈতে মিলিত হৈ বজালী জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সমূহ সমস্যা, অভাৱ-অভিযোগৰ বিষয়ে বুজ লয় । সাম্প্ৰতিক ক'ভিড পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ভেকচিন গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে ভেকচিনৰ নাটনি সন্দৰ্ভত মন্তব্য কৰে যে, যদিও সাময়িক নাটনি হৈছে সোনকালেই ভেকচিনৰ এই নাটনিৰ অন্ত পৰিব । এই সময়চোৱাত মন্ত্ৰী বিমল বৰাৰ সৈতে তেখেতৰ সতীৰ্থ মন্ত্ৰী তথা পাটাছাৰকুচিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসো উপস্থিত থাকে ৷

লগতে পঢ়ক : স্কাল্পটিং মাৰ্ভেল: ৰঘুনাথ মহাপাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.