ETV Bharat / state

টেলিকম কোম্পানীৰ হেমাহি: অনলাইন ক্লাছৰ পৰা বঞ্চিত শিক্ষাৰ্থী

author img

By

Published : Jun 26, 2021, 2:17 PM IST

অনলাইন ক্লাছৰ পৰা বঞ্চিত ৰাজ্যৰ একাংশ শিক্ষাৰ্থী
অনলাইন ক্লাছৰ পৰা বঞ্চিত ৰাজ্যৰ একাংশ শিক্ষাৰ্থী

টেলিকম কোম্পানী সমূহৰ হেমাহীৰ বাবে শিক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হৈছে অনলাইন ক্লাছৰ ক্ষেত্ৰত ৷

পাঠশালা, 26 জুন : দেশত মহামাৰী ক’ৰণাই কাৰৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যতো সম্প্ৰতি চলি আছে মিনি লক ডাউন ৷ যাৰফলত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ শিক্ষাৰ্থী সকল । কিয়নো সম্প্ৰতি বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বন্ধ হৈ পৰাত অনলাইন যোগে ক্লাছ আৰম্ভ কৰিছে কৰ্তৃপক্ষই । কিন্তু এই সুবিধাৰ পৰাও বঞ্চিত হৈছে একাংশ শিক্ষাৰ্থী ৷ টেলিকম কোম্পানী সমূহৰ হেমাহীৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে ক্লাছ কৰাৰ ক্ষেত্ৰত ৷

তাৰ মাজতে বজালী জিলাৰ সিমান্তৱৰ্তী ৰামপুৰ নিউ চ'কৰ একাংশ যুৱকে টেলিকম কোম্পানীৰ বিৰুদ্ধে গৰজি উঠা দেখিবলৈ পোৱা গৈছে । ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাৱ্যস্ত কৰিছে শিক্ষাৰ্থী সকলে ৷ টেলিকম টাৱাৰৰ পৰা লাইন চুৰি কৰি নিজৰ বাসগৃহত ব্যৱহাৰৰ কৰাৰ অভিযোগ উত্থাপন হৈছে দুৰ্বৃত্তৰ বিৰুদ্ধে ৷ সম্প্ৰতি বালাপাৰাৰ আৰক্ষী ঘটানাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিব পৰা গৈছে । একেদৰে স্থানীয় যুৱকসকলে টেলিকম কোম্পানীক এই ক্ষেত্ৰত অভিযোগ দাখিল কৰিছে ৷

ৰাজ্যৰ বিভন্ন প্ৰান্তৰ দৰে বটদ্ৰৱাত এতিয়াও এনে এখন গাঁও আছে যি গাঁও খনত পোৱা নাযায় কোনো ধৰনৰ ম’বাইলৰ নেটৱৰ্ক । গাঁও খনৰ নাম জাজৰি মাজগাঁও । গাঁও খনৰ ছাত্ৰ ছাত্ৰী সকল বৰ্তমান বঞ্চিত হৈছে অনলাইন পাঠ্যক্রমৰ পৰা । কাৰণ গাঁও খনত উপলব্ধ নহয় নেটৱৰ্ক আৰু ইন্টাৰনেট সেৱা । সেয়ে ছাত্ৰ- ছাত্ৰী অভিভাৱক সকল ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ । গাঁও খনত কোনো নেটৱৰ্ক উপলব্ধ নোহোৱাত ক্ষুদ্ধ হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গাঁও-গাঁওবাসীয়ে ৷

ছাত্ৰ-ছাত্ৰীৰ আহ্বান কেন্দ্ৰীয় দূৰ-সংযোগ বিভাগৰ মন্ত্ৰী গৰাকীয়ে এই গাঁও খনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি গাঁও খনত নেটৱৰ্কৰ ব্যৱস্থা কৰি দিলে উপকৃত হ’ব । যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা ঘোষণা কৰি গ্ৰাম্যাঞ্চলৰ প্ৰতিখন গাঁৱত ইন্টাৰনেট সেৱা উপলব্ধ কৰৰা কথা ঘোষণা কৰিছে সেই সময়তে এই গাঁওখনৰ মূল ইন্টাৰনেট সমস্যাটো কেতিয়া সমাধান হয় সেয়া সময়ত লক্ষণীয় হ’ব।

লগতে পঢ়কঃ পত্নী-পুত্রৰ সৈতে নিশা কটাই পুৱাই মাতৃৰ কাষলৈ ঢাপলি মেলিলে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.