ETV Bharat / state

Sherman Ali Slams BJP: শ্বাহ আলমক শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰিলে আৰক্ষীয়ে: শ্বেৰমান আলী

author img

By

Published : Feb 18, 2023, 10:09 PM IST

বাল্যবিবাহ বিৰোধী অভিযান, শ্বাহ আলমৰ এনকাউণ্টাৰ আৰু উচ্ছেদ অভিযানক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা শ্বেৰমান আলী আহমেদৰ (Sherman Ali Ahmed) ৷ ৰঞ্জিৎ বৰাৰ হত্যাকাৰী (Ranjit Bora Murder) শ্বাহ আলমক আৰক্ষীয়ে শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰাৰ অভিযোগ শ্বেৰমান আলীৰ ৷

Sherman Ali Slams BJP
শ্বাহ আলমক শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰিলে আৰক্ষীয়ে: শ্বেৰমান আলী

শ্বাহ আলমক শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰিলে আৰক্ষীয়ে: শ্বেৰমান আলী

বৰপেটা, 18 ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰৰ নিৰ্দেশত প্ৰশাসনে চলোৱা বাল্যবিবাহ বিৰোধী অভিযানক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া (Crackdown on child marriage) ৷ অধিকাংশ বিৰোধী দলেই চৰকাৰে কেৱল চমক সৃষ্টিৰ বাবেহে এই অভিযান চলোৱা বুলি উত্থাপন কৰিছে অভিযোগ ৷ উল্লেখ্য যে, বৰ্তমানলৈকে আৰক্ষীয়ে বাল্যবিবাহৰ সৈতে জড়িত প্ৰায় 3 সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰিছে Anti Child marriage operation) ৷

এইবাৰ বাল্যবিবাহ বিৰোধী অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ নিলম্বিত বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদে (Sherman Ali slams BJP) ৷ চৰকাৰৰ বাল্যবিবাহ বিৰোধী অভিযানক সমালোচনা কৰি আদালতে এটা শুদ্ধ পথত আগবাঢ়িছে বুলি মন্তব্য শ্বেৰমান আলীৰ ৷ ইফালে, বাল্যবিবাহৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তসকলৰ সৈতে কৰা বৈঠকক প্ৰশংসা বিতৰ্কিত বিধায়কগৰাকীৰ (Sherman Ali on Child marriage) ৷

আনহাতে, ৰঞ্জিৎ বৰাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমৰ এনকাউণ্টাক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শ্বেৰমান আলীয়ে (Shah Alam encounter) ৷ এয়া এনকাউণ্টাৰ নহয়, প্ৰকৃততে এয়া অসম আৰক্ষীয়ে শীতল মস্তিষ্কৰে কৰা এক হত্যাকাণ্ড বুলি অভিযোগ শ্বেৰমান আলীৰ (Ranjit Bora Murdered) ৷ যিহেতু শ্বাহ আলমৰ বুকুত সমুখৰ পৰা গুলী লাগিছে, গতিকে এয়া পলাবলৈ চেষ্টা কৰোঁতে গুলীচালনা কৰা ঘটনা নহয় বুলিও তেখেতে মন্তব্য কৰে ৷ ন্যায়পালিকাৰ দায়িত্বকো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হস্তক্ষেপ কৰাৰ অভিযোগ শ্বেৰমান আলীৰ ৷

ইফালে, উচ্ছেদ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, এইখন চৰকাৰে যি সংবিধানৰ শপত লৈছে সেই সংবিধানকে উলংঘা কৰিছে ৷ তেওঁ লগতে কয়, ‘‘ঘৰৰ ওপৰৰ এখন চালি মানুহৰ মৌলিক অধিকাৰ ৷ অৱশ্যে চৰকাৰক প্ৰয়োজন হ'লে চৰকাৰী ভূমিত হোৱা বসতিত উচ্ছেদ চলাব পাৰে ৷ কিন্তু তাৰ আগতে গৃহহীন আৰু ভূমিহীনৰ তালিকা চৰকাৰে প্ৰস্তুত কৰিব লাগে আৰু তেনে ভূমিহীন লোকক বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে (Eviction drive in Assam) ৷’’

চৰকাৰে সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ খৰ্ব কৰি ওভত গোৰে নাচিছে বুলিও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে বিতৰ্কিত শ্বেৰমান আলী আহমেদে ৷ কেন্দ্ৰীয় নেতা হ’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাম কৰি থকা বুলিও কটাক্ষ শ্বেৰমান আলীৰ ৷ অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা বাঃ বাঃ ল’বলৈ কাম কৰা বুলিও মুখ্যমন্ত্ৰীক কটাক্ষ শ্বেৰমানৰ (Sherman Ali slams Himanta Biswa Sarma) ৷

লগতে পঢ়ক: Crackdown on Child Marriage: মুখ্যমন্ত্ৰীক তুলাধুনা AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.