ETV Bharat / state

MLA Sheraman Ali in controversy: কাক কঠোৰ শাস্তি দিব বিতৰ্কিত বিধায়ত শ্বেৰমান আলীয়ে ?

author img

By

Published : Feb 2, 2022, 6:14 PM IST

বৰপেটা সত্ৰৰ বেদখলী ভূমি উচ্ছেদ সন্দৰ্ভত এইবাৰ আন এক বিতৰ্ক বিধায়ক শ্বেৰমান আলীৰ (MLA Sheraman Ali in controversy)। প্ৰশাসনক বাধাৰ চেষ্টা বিধায়কৰ । ভূমি বেদখল কৰা পৰিয়ালক ৰক্ষণাবেক্ষণৰ চেষ্টা বিধায়কগৰাকীৰ । প্ৰশাসন তথা উচ্ছেদৰ সপক্ষে থকা লোকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য বিধায়ক গৰাকীৰ ।

Sherman Ali
আক্ৰমণাত্মক মন্তব্য বিধায়ক শ্বেৰমান আলীৰ

বৰপেটা,২ ফেব্ৰুৱাৰী : পুনৰ বিতৰ্কত বিধায়ক শ্বেৰামন আলী (MLA Sheraman Ali in controversy)। এইবাৰ বৰপেটা সত্ৰৰ ভূমি বেদখলত বাধাৰ চেষ্টা বিধায়কগৰাকীৰ । উচ্ছেদৰ পক্ষত থকা একাংশ লোকক উদ্দেশ্যি বিধায়কগৰাকীৰ ভাবুকি ।

উল্লেখ্য যে, বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই অলপতে ৰাজ্য চৰকাৰলৈ জনাইছিল আবেদন ৷ এই আবেদনৰ পাছতেই বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ ক্ৰমে জিলা প্ৰশাসন তৎপৰ হৈ পৰে । কিন্তু তেনে সময়তেই বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে প্ৰদান কৰা কঠোৰ সকীয়নিক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ পক্ষত থকা লোকসকলক উদ্দেশ্যি বিধায়কগৰাকীয়ে ক'লে বিজেপি চৰকাৰ গ'লেই সত্ৰৰ ভূমি উচ্ছেদৰ সৈতে জড়িত সকলৰ ওপৰত লোৱা হ'ব কঠোৰতকৈয়ো কঠোৰ প্ৰতিশোধ ৷ এনে ধৰণৰ বহু বিতৰ্কিত ভাষণ দিয়া এটা ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে । যাৰ বাবে বিভিন্ন মহলত চৰ্চা চলিছে ।

বৰপেটা সত্ৰৰ ভূমি উচ্ছেদ কৰা সকলৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য বিধায়ক শ্বেৰমান আলীৰ

বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ ১ নং বৰদলনি গাঁৱত ৪১৩ নং দাগত থকা বৰপেটা সত্ৰৰ ৪০ বিঘা ভূমিত চলা অবৈধ বেদখল উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বাঘবৰ ৰাজহ চক্ৰ বিষয়াই ৷ ইতিমধ্যে ৩১ জানুৱাৰীত সত্ৰৰ ভূমি জোখ মাপ কৰি চাৰিওফালে খুটা পুতি থৈ আহিছিল ৰাজহ চক্ৰ বিষয়াই ৷ ইয়াৰোপৰি বেদখলকাৰীসকলক সত্ৰৰ ভূমিৰ পৰা আতৰি যোৱাৰো জাননী জাৰি কৰিছিল ৷

কিন্তু মঙলবাৰে নিশা বিধায়ক শ্বেৰমান আলী আহমেদে উক্ত বেদখলী ভূমিত উপস্থিত হৈ প্ৰশাসনে পুতি থৈ অহা খুটি নিজ হাতে উভালি পেলাই । লগতে লোকসকলক সত্ৰৰ বেদখলী ভূমিত নিশ্চিন্তে থাকিবলৈ আহ্বান জনায় ৷ বিধায়কগৰাকী জীয়াই থকালৈ তাত কোনো ধৰণৰ উচ্ছেদ হ'ব নোৱাৰে বুলিও সকীয়াই দিয়ে ।

বিধায়ক শ্বেৰমান আলী আহমেদৰ এনে কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছে বাঘবৰ ৰাজহ চক্ৰ বিষয়া সোনবৰ চুতীয়াই ৷ তেওঁ বিধায়ক গৰাকীক প্ৰশাসনক সহযোগ কৰাৰ বাবে আহ্বান জনায় ৷ ইপিনে ১নং বৰদলনি গাঁৱত থকা বৰপেটা সত্ৰৰ ভূমিৰ লগতে মন্দিয়াত থকা মহাপুৰুষীয়া সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও উচ্ছেদ চলিব বুলি সদৰি কৰে ৰাজহ চক্ৰ বিষয়া সোনবৰৰ চুতীয়াই ৷

বৰপেটা সত্ৰৰ ভূমি উচ্ছেদ কৰা সকলৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য বিধায়ক শ্বেৰমান আলীৰ

শেহতীয়াভাৱে বিধায়কগৰাকীয়ে সত্ৰৰ ভূমিৰ সীমাৰ খুটা উভালি পেলোৱাৰ পাছতেই বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকল বাঘবৰত উপস্থিত হৈ বিধায়কগৰাকীৰ কাৰ্য আৰু মন্তব্যৰ নিন্দা কৰে ৷ এয়া বৰপেটা সত্ৰবাসীক প্ৰদান কৰা ভাবুকি বুলিও মন্তব্য কৰে সত্ৰ পৰিচালনা সমিতিয়ে ৷

লগতে পঢ়ক :অসম আৰক্ষী তথা চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ বীৰ লাচিত সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.