ETV Bharat / state

Scam in Orunodoi scheme : কলগাছিয়াত অৰুণোদয় আঁচনিত বঞ্চিত হিতাধিকাৰীৰ প্ৰতিবাদ

author img

By

Published : May 1, 2023, 1:10 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছিল যাতে, অৰুণোদয় আঁচনি ৰূপায়ণত দুৰ্নীতি সংঘটিত হ’ব নোৱাৰে (Assam govt Orunodoi scheme)। কোনেও এই আঁচনি ৰূপায়ণত স্বজন-তোষণৰ নীতি লৈ ল'ব নোৱাৰিব বুলিও কঠোৰ নিৰ্দেশ দিছিল । কিন্তু মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পাচতো বৰপেটাত অৰুণোদয় আঁচনিত অনিয়ম সংঘটিত হৈ আহিছে (Scam in Orunodoi scheme in Kalgasia) ।

(Scam in Arunodaya scheme in Kalgasia
বৰপেটাত অৰুণোদয় আঁচনিত অনিয়ম

বৰপেটাত অৰুণোদয় আঁচনিত অনিয়ম

জনীয়া, ১ মে' : বৰপেটাত অৰুণোদয় আঁচনিৰ তালিকা প্ৰস্তুতৰ কামত ব্য়াপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে ৷ অৰুণোদয় আঁচনিত অনিয়মৰ লগতে বিভিন্ন আঁচনিত ব্য়াপক অনিয়মৰ অভিযোগ উছিছে (Irregularities in Orunodoi Scheme) ৷ এই অনিয়মত জড়িত হৈ পৰিছে খোদ তাৰাকান্দি গাঁও পঞ্চায়তৰ সভানেত্ৰী ।

বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ পঞ্চায়তে পঞ্চায়তে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে (Scam in Orunodoi Scheme at Barpeta) । জিলাখনৰ ৭৩ নং তাৰাকান্দি গাঁও পঞ্চায়তত একাংশ দিব্যাংগ তথা বিধৱা হিতাধিকাৰীৰ পৰিৱৰ্তে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ল পঞ্চায়ত সভানেত্ৰীৰ আত্মীয়ৰ । যাৰ বাবে বঞ্চিত হিতাধিকাৰীয়ে পঞ্চায়তৰ কাৰ্যালয়ত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Scam in Mandiya Development Block)। কেৱল এয়াই নহয় সভানেত্ৰীয়ে নিজ দলৰ কৰ্মীৰ সহায়ত প্ৰস্তুত কৰা এই তালিকাত ধনী, চাৰিচকীয়া বাহন থকা,পকীঘৰ থকা সভানেত্ৰীৰ আত্মীয়ৰ নাম অৰুণোদয়ৰ নতুন তালিকাত অন্তৰ্ভুক্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

পঞ্চায়তৰ খণ্ড সদস্য-সদস্যাই প্ৰস্তুত কৰা তালিকা কৰ্তন কৰি সভানেত্ৰী, সভানেত্ৰীৰ স্বামী, পঞ্চায়তৰ সচিবে ধনৰ লেনদেনৰ বিনিময়ত অৰুণোদয় আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে নিজৰ পচন্দৰ ব্যক্তি । এই অভিযোগ প্ৰতিবাদকাৰী ভুক্তভোগী ৰাইজৰ । লগতে টকা নিদিলে সভানেত্ৰীগৰাকীয়ে অমাৰ্জিত ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে । যাৰ বাবে বঞ্চিত হিতাধিকাৰীয়ে বিগত ২৮ এপ্ৰিলত বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন লিখিত অভিযোগ দাখিল কৰে ।

বিকলাংগ, বিধৱাৰ নাম অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট নকৰাত পঞ্চায়তৰ একাংশ বঞ্চিত পৰিয়ালে সভানেত্ৰী গ’ বেক, দুৰ্নীতি বন্ধ কৰক, অৰুণোদয় আঁচনি লাগিবই আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । লগতে অৰুণোদয়ৰ বৰ্তমানৰ তালিকা কৰ্তন কৰি পুনৰ তালিকা প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় বঞ্চিত একাংশ ৰাইজে । লগতে তদন্ত মৰ্মে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ভুক্তভোগীয়ে ।

লগতে পঢ়ক:Achurya Borpatra abused : ডিব্ৰুগড়ৰ এক অনুষ্ঠানত আচুৰ্য বৰপাত্ৰৰ বাদ্যযন্ত্র ভাঙি দিয়াৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.