ETV Bharat / state

গো মাফিয়াক ৰাজ আতিথ্যৰ অভিযোগ, তদন্ত প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ প্ৰশ্ন

author img

By

Published : Jun 1, 2021, 6:36 PM IST

বাংলাদেশলৈ চোৰাংভাৱে গৰু সৰবৰাহ চক্ৰৰ মুল খলনায়ক খাইৰুল ইছলামক গ্ৰেপ্তাৰ ৷ হাউলী থানাত ৰাজ আতিথ্যত ৰখাৰ অভিযোগ দল সংগঠনৰ ৷ ৪০ ঘন্টা পিছত তালাচী খাইৰুল ইছলামৰ বাসগৃহত ৷ তদন্ত প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ প্ৰশ্ন ?

cow-mafia-khairul-islam-is-the-royal-hospitality-of-barpeta-police
গো মাফিয়া খাইৰুল ইছলামক বৰপেটা আৰক্ষীৰ ৰাজ আতিথ্যঃ তদন্ত প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ প্ৰশ্ন

বৰপেটা, ১ জুন: বাংলাদেশলৈ চোৰাংভাৱে গৰু সৰবৰাহ চক্ৰৰ মুল খলনায়ক খাইৰুল ইছলামক গ্ৰেপ্তাৰক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ ৷ পিছে গৰু চিণ্ডিকেট চক্ৰৰ মুল মাফিয়াজনক গ্ৰেপ্তাৰৰ আৰত অন্য কোনো ৰহস্য আছে নেকি ? নে চমক সৃষ্টিৰে গো মাফিয়া খাইৰুল ইছলামক গ্ৰেপ্তাৰতে সীমাৱদ্ধ থাকিব সকলো তদন্ত সেই বিষয়ে আৰম্ভ হৈছে চৰ্চা ৷ আনকি এই লৈ বৰপেটাৰ বিভিন্ন দল সংগঠনে উত্থাপন কৰিছে বহু প্ৰশ্নৰ৷ যোৱা ২৮ মে'ৰ সন্ধিয়া ৰাজ্যৰ গৰু চিণ্ডিকেট চক্ৰৰ মুল খলনায়ক খাইৰুল ইছলামক বৰপেটাৰ হাউলী চহৰৰ নিজ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

গো মাফিয়া খাইৰুল ইছলামক বৰপেটা আৰক্ষীৰ ৰাজ আতিথ্যঃ তদন্ত প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ প্ৰশ্ন

খাইৰুল ইছলামক গ্ৰেপ্তাৰৰ বিষয়ে আৰক্ষীয়ে অতি গোপনীয়তা অৱলম্বন কৰিছিল যদিও ২৯ মেত সাংবাদিকে কেনেবাকৈ এই খবৰ লাভ কৰি আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰে যদিও আৰক্ষী অধীক্ষকগৰাকীয়ে এই বিষয়ে আনুষ্ঠানিকভাৱে কোনো কথা সদৰি নকৰিলে ৷ ইপিনে ৫ দিনৰ আৰক্ষী জিম্মাত থকা গৰু চিণ্ডিকেট চক্ৰৰ মুল খলনায়ক খাইৰুল ইছলামক হাউলী থানাত সম্পূৰ্ণ ৰাজ আতিথ্যত ৰখা হৈছে বুলি গুৰুতৰ অভিযোগ উঠিছে ৷ লকআপৰ সলনি থানাখনৰে আন এটা কোঠাত ৰাখি ৰাজ আতিথ্য দিয়া খাইৰুল ইছলামক আনকি হেণ্ডকাফ পৰ্যন্ত লগোৱা হোৱা নাই আৰক্ষীয়ে ৷ এই সকলোবোৰ দেখি এতিয়া আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া কিমান স্বচ্ছ হব তাক লৈ দল সংগঠন সমুহৰ মাজত সৃষ্টি হৈছে প্ৰশ্নৰ ৷

উল্লেখ্য যে, ২৯ মেত বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পিছত আদালতে ৫ দিনৰ আৰক্ষী জিম্মাত প্ৰদান কৰিছিল গো মাফিয়াজনক ৷ লক্ষ্যনীয়ভাৱে গো মাফিয়াজনক গ্ৰেপ্তাৰৰ ৪০ ঘন্টা পিছতহে খাইৰুলৰ নিজ বাসভৱনত তালাচী চলাইছিল আৰক্ষীয়ে ৷ খাইৰুলক বচোৱাৰ বাবেই আৰু তথ্য গাপ দিয়াৰ সুবিধাৰ বাবেই গৰু মাফিয়াজনৰ গৃহত তিনিদিন পিচতহে তালাচী চলোৱা হ'ল নেকি বুলিও প্ৰশ্ন উঠিছে ৷ তাদুপৰি তেওৰ প্ৰাসাদোপম বাসভৱনত চলোৱা তালাচীত কি তথ্য উদ্ধাৰ হ'ল সেই সম্পৰ্কে আৰক্ষীয়ে কোনো কথা প্ৰকাশ কৰা নাই যদিও গো মাফিয়াজনে হাউলী চহৰকে ধৰি বিভিন্ন স্থানত নামে বেনামে গঢ়ি তোলা সম্পত্তিক লৈ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অতিকে সন্দেহজনক বুলি মন্তব্য কৰিছে দল সংগঠন সমূহে ৷

ইপিনে বাংলাদেশলৈ গৰু সৰবৰাহ চিণ্ডিকেট চক্ৰৰ মুল মাফিয়াজনক গ্ৰেপ্তাৰৰ পিছতে তেওৰ সহযোগী সকলকো গ্ৰেপ্তাৰ কৰিব বুলি সকলোৱে ধাৰণা কৰিছিল যদিও এইপৰ্যন্ত এজন অভিযুক্তৰ বাহিৰে আনসকলক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে ৷ আছুকে ধৰি বৰপেটাৰ বিভিন্ন দল সংগঠনে এইক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে খাইৰুল ইছলামৰ সংগী সকলৰ লগতে গৰু চিণ্ডিকেট চক্ৰটোৰ আৰত থকা ৰাজনৈতিক নেতা আৰু আমোলাসকলকো তদন্তৰ আওতালৈ আনিবলৈ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: মেট্ৰিক নোহোৱালৈকে কৰিব নোৱাৰিব একাদশ শ্ৰেণীৰ নামভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.