ETV Bharat / state

Reaction of MLA Manoranjan Talukdar: আৰক্ষীয়ে দুদিনমান দৌৰাদৌৰি কৰি তাপ মাৰে

author img

By

Published : Feb 5, 2023, 5:28 PM IST

ৰাজ্যজুৰি অব্যাহত বাল্য বিবাহ বিৰোধী অভিযান(Crackdown Against Child Marriage) । ইয়াৰ মাজতে চৰকাৰৰ এই সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে(Reaction over Operation against underage marriage) । মানুহৰ মনোযোগ বেলেগ ফালে ধাৱমান কৰাৰ লক্ষ্যৰে এই নিৰ্দেশ দিয়া বুলি অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে ।

Reaction over Operation against underage marriage
বাল্য বিবাহ বিৰোধী অভিযান সন্দৰ্ভত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ প্ৰতিক্ৰিয়া

বাল্য বিবাহ বিৰোধী অভিযান সন্দৰ্ভত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ প্ৰতিক্ৰিয়া

বৰপেটাৰোড,৫ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি তীব্ৰতৰ হৈছে বাল্য বিবাহ বিৰোধী অভিযান(Crackdown Against Child Marriage) । আটক কৰা হৈছে ইজনৰ পাছত সিজনকৈ আটক কৰা হৈছে বাল্য বিবাহৰ গোচৰত অভিযুক্ত ব্যক্তিক(Massive drive against underage marriage) । মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীয়ে চলোৱা বাল্য বিবাহ বিৰোধী অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে(Reaction over Operation against underage marriage) । বিভিন্ন বিষয়ত মানুহৰ মনোযোগ বেলেগ দিশে নিয়াৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে এই অভিযান চলোৱাৰ পদক্ষেপ হ'ব পাৰে বুলি বিস্ফোৰক মন্তব্য কৰে বিধায়ক তালুকদাৰে(MLA Manoranjan Talukdar) ৷

সম্প্ৰতি সমগ্ৰ দেশ আদানীক লৈ উত্তাল হৈ আছে ৷ লক্ষ লক্ষ কোটি টকাৰ আৰ্থিক লেনদেনৰ দুৰ্নীতিৰ হৈছে(Corruption in Adani financial dealings) ৷ সেই দুৰ্নীতিৰ পৰা মানুহৰ দৃষ্টি আদানীৰ পৰা ফালৰি কাটিবলৈ অতি কৌশলেৰে এই অভিযান চলোৱা বুলি অভিযোগ উত্থাপন কৰে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ তাৰোপৰি এইখন চৰকাৰে মাজে মাজে ছেনচেছন ক্ৰিয়েট কৰাৰ কাৰণে এটা সাময়িক উত্তেজনা সৃষ্টি কৰাৰ কাৰণে যিকোনো পদক্ষেপ গ্ৰহণ কৰে বুলি উল্লেখ কৰে মনোৰঞ্জন তালুদাৰে ।

তেওঁ কয় যে কিছুদিন পূৰ্বে গৰু চিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলাই কিছু গৰু ব্যৱসায়ীক হুৰমূৰকৈ গ্ৰেপ্তাৰ কৰিলে ৷ কিন্তু পাছত আকৌ নিতাল মাৰিলে ৷ গৰু ব্যৱসায়ত একাংশ আৰক্ষী, একাংশ ৰাজনৈতিক ব্যক্তি জড়িত আছিল যদিও তেওঁলোকক গ্ৰেপ্তাৰ নকৰিলে ৷ লগতে তেওঁ উল্লেখ কৰে যে ড্ৰাগছৰ ক্ষেত্ৰত কিছু পৰিমাণে পদক্ষেপ ল'লে যদিও পাছত আৰক্ষী আকৌ নিষ্ক্ৰিয় হোৱা দেখা গৈছে(Operation against Drugs) ৷

এতিয়াও ড্ৰাগছৰ বেহা চলিয়েই আছে বুলি দাবী কৰি তালুকদাৰে কয় যে লটাৰী, জুৱা, এণ্ডিং লটাৰীৰ বিৰুদ্ধেও মাজে মাজে অভিযান চলাই আকৌ নিতাল মাৰে আৰক্ষীয়ে ৷ সৰভোগ আৰু বৰপেটাৰোডত চলি থকা জুৱা, লটাৰী বন্ধ কৰাৰ বাবে বিধায়ক মনোৰঞ্জন তালুকদাৰে হেঁচা প্ৰয়োগ কৰিছে বুলি উল্লেখ কৰে ৷ আৰক্ষীয়ে দুদিনমান দৌৰাদৌৰি কৰে যদিও আকৌ নিতাল মাৰে বুলি অভিযোগ উত্থাপন কৰে ৷

বাল্যবিবাহ যদি চৰকাৰে হ'বলৈ নিদিয়ে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে নিশ্চিতভাৱেই আদৰণি জনাব বুলি উল্লেখ কৰি বাল্যবিবাহ স্বাভাৱিকতে কোনো সুস্থ মানুহে সমৰ্থন নকৰে বুলিও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ লগতে তেওঁ কয় যে বাল্য বিবাহ যদিও সমৰ্থনযোগ্য নহয় কিন্তু ভাৰতবৰ্ষৰ সমাজত অতীজৰে পৰাই বাল্য বিবাহ চলি আহিছে । ভাৰতবৰ্ষৰ বহু প্ৰখ্যাত মানুহে বাল্য বিবাহ কৰিছে ৷ পূৰ্বতে আমাৰ অসমত দুবাৰ দুবাৰ বিয়া হৈছিল ৷ এবাৰ বাল্য বিবাহ আৰু পুস্পিতা হোৱাৰ পাছত যেতিয়া প্ৰাপ্তবয়স্ক হোৱা বুলি ভাৱে তেতিয়া আকৌ দ্বিতীয়বাৰ বিয়া হৈছিল ৷

লগতে পঢ়ক: Crackdown Against Child Marriage: কোলাত কেঁচুৱা লৈ স্বামীক মুক্তিৰ দাবী মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.